দীপজ্যোতি বৰগোহাঞি
স্বৰ্গদেউ চাও -ছ্যুং-চেং -ফা বুদ্ধিনাৰায়ণ বা প্ৰতাপী হোৱাৰ বাবে প্ৰতাপ সিংহ (১৬০৩ -১৬৪১খীষ্টাব্দ ৰ সময়ৰ দিনতে ৰাজধানী গড়গাওঁ কে সামৰি ৭ৰ পৰা ১০ মাইল সমগ্ৰ অঞ্চল ঘেৰি মোমাইতামুলীৰ নেতৃত্বত এটা সুউচ্চ গড় বন্ধোৱাইছিল যাতে বহিঃ শত্ৰুৱে প্ৰৱেশ কৰিব নোৱাৰে এখন দুৰ্ভেদ্য প্ৰাচীৰৰ দৰে ৷গড়টো বিজ্ঞানসন্মত ভাৱে বন্ধোৱাইছিল বাহিৰফালে দ খাৱৈ দুয়ো ফালে হেলনীয়া কৰি খাৱৈ খন্দোৱাইছিল ৷ভিতৰ পাৰে জঁটীয়া কুটুহা নামৰ কাঁয়েটীয়া বাঁহ গছ যাৰ জঁটৰ মাজেদি বৰটোপৰ গুলি কাড় সৰকি আহিব নোৱাৰিছিল ৷বাহিৰৰ খাৱৈ ইমানেই দ আছিল যে সেই সময়ত হাতীয়ে মাউতে ঠাউনি নাপায়ছিল ৷শত্ৰু পাৰ হৈ আহিব নোৱাৰাকৈ গড়ৰ খাৱৈত বাঁহৰ জোং পুতি থোৱা হৈছিল ৷
গড়ৰ ভিতৰ ফালে চিপাহী চন্তৰীয়ে সকলো সময়তে শত্ৰুৰ ওপৰত সততে নজৰ দি আছিল ৷ ৰাজধানীলৈ আহিবলৈ দহ খন দুৱাৰ ৷বাঁহ গড়ৰ দক্ষিণ ফালে ঐতিহাসিক বৰাখোৱা খাট আজিও বাঁহগড়ৰ উচ্চতা আৰু বহললৈ লক্ষ্য কৰিলে দেখা যায় যে কোনো কোনো অংশত ১০ ৰ পৰা ১৫ কোনো ঠাইত ৩০ ৰ পৰা ৬০ ফুট বহল দেখা যায় ৷বৰাখোৱা খাটৰ কাষতে স্বৰ্গদেউ প্ৰতাপ সিংহৰ মৰমৰ হাতী কেতেকীক বান্ধি থোৱা কেতেকী বাৰী কাষৰে টাই ভাষাৰ ৰঙা পানীৰ নদী নামডাং নদী ৷নামডাং নদীৰ পানীত কেতেকীক গা ধুঁৱাই যি খন বাৰীত সকলো সময়তে বান্ধি হাতী জনীক আল পৈচান ধৰি আছিল সেই বাবেই বাৰীখনৰ নাম কেতেকী বাৰী =(সহায় লৈ প্ৰয়াত বুৰঞ্জীবিদ পদ্ম বৰগোহাঁইৰ অসম বুৰঞ্জীৰ নতুন আলোকপাত )

