১) সকলো জীৱই পৰিৱেশৰ লগত নিজকে খাপ খুৱাই জীয়াই থাকে। এই প্ৰক্ৰিয়াটোক বিজ্ঞানৰ ভাষাত কি বোলে ?
উত্তৰ- অভিযোজন
২) কোনজন ব্যক্তিক ভাৰতৰ পক্ষী মানৱ বুলি কোৱা হয় ?
উত্তৰ- চেলিম আলি
৩) আমাৰ শৰীৰৰ বৃদ্ধিৰ বাবে কোন বিধ খাদ্য দৰকাৰ ?
উত্তৰ- প্ৰটিন
৪) পতংগ ভক্ষণ কৰাৰ অভ্যাসটোক কি বোলে ?
উত্তৰ- এন্টমফেগী
৫) গোটা পদাৰ্থৰ পৰা জুলীয়া পদাৰ্থ পৃথক কৰা পদ্ধতিটোক কি বোলে ?
উত্তৰ- পৰিশ্ৰাৱণ
৬) অৰুণাচলৰ এটি জনগোষ্ঠীয়ে টেপ নামৰ নামৰ এবিধ নিমখ প্ৰস্তুত কৰে, এঈ জনগোষ্ঠীটোৰ নাম কি ?
উত্তৰ- আপাটানী
৭) বতাহৰ দিশ জোখা যন্ত্ৰটোৰ নাম কি ?
উত্তৰ- উইণ্ডভেন
৮) বায়ুত থকা জলীয় বাষ্পৰ পৰিমাপক কি বোলে ?
উত্তৰ- আৰ্দ্ৰতা
৯) বস্ত এটাই আগুৰা ঠাইখিনিক কি বোলে ?
উত্তৰ- আয়তন
১০) আয়ডিনৰ অভাৱত কি ৰোগ হয় ?
উত্তৰ- গৰলৰোগ
