Type Here to Get Search Results !

লিমাৰিক

  


-খগেন বৰা
মৰিগাঁও


(১)

প্ৰাৰ্থীৰ শপতনামা দেখিলে যেতিয়া ,

মধুৰ মনটো শুকাই গ’ল তেতিয়া ৷

মনত জাগিল প্ৰশ্ন

ব্ৰেইন হৈ গ’ল নষ্ট ,

সকলো নেতা কিয় পত্নীতকৈ দুখীয়া ??


(২)

জিন্দাবাদ জিন্দাবাদ নালেশ্বৰ কাকতি ,

বিলাহ বৰাই চিঁঞৰি থাকে দিন-ৰাতি ৷

ভবা কথা নহয় সিদ্ধি

বাটত আছে কণা বিধি ,

দল সলাই কাকতি,হ’লগৈ কোটিপতি ৷৷