Type Here to Get Search Results !

চ’তক লগ পাইছিলোঁ




শৰৎ ভৰালী
লালুক, লখিমপুৰ

নিঃকিন সময়ৰ ধুলিয়ৰি পথৰ কেঁকুৰিত
লগ পাইছিলোঁ অস্থিৰ চ’তক ,
আউলি-বাউলি বৰদৈচিলাৰ পিঠিত ৷
শুকান আকাশখন ঢপলিয়াই আছিল
ৰঙা , নীলা , হালধীয়া আৰু কুহুমবুলীয়া
আবিৰৰ মূৰ্চনাত ৷
কলপতীয়া বহমথুৰিৰ লঠঙা ডালত বহি
ওৰে ৰাতি কান্দিছিল কোনোবাটো চ’তুৱা চৰায়ে
মোৰ প্ৰেমৰ উপত্যকাত মৰহি সৰিল বসন্তৰ ফুল ৷
সৰা পাতৰ প্ৰতিশ্ৰুতিবোৰ বুকুতলৈ
ন-গজাঁলি আৰু ন-বৰষুণ জাকৰ মাজত
লগ পাইছিলোঁ চ’তৰ জীপাল প্ৰত্যাশাবোৰক৷
জেতুকা পাতেৰে অঁকা ৰঙা কলিজাখন
চ’তৰ কজলা মেঘৰ শোকত উটি গ’ল বৰনৈ বুকুত৷
তাঁতশালৰ খট্‌খটনি আৰু ঢেঁকী চাবৰ লহৰত
আহে আৰু যায় অশান্ত চ’ত,
ভৰ দুপৰীয়া পেঁপা আৰু ঢোলৰ মাতত
দেখিছিলোঁ চ’তৰ ব্যস্ততা ৷
ৰজাৰ এই বাটেৰেই আহিছিল চ’ত 
ৰঙালীক আদৰিম বুলি৷