Type Here to Get Search Results !

তুমি বিহীন প্ৰথমটো বহাগ




প্ৰাৰ্থনা দত্ত
বিহপুৰীয়া, লখিমপুৰ।


এজাক বৰষুণে ধুই গ'ল চ'তৰ প্ৰথমটো পুৱা,,,
বহাগৰ বতৰা প্ৰকৃতিলৈ লৈ অহা 
নাহৰ ফুলবোৰো যে আজি নিস্তেজ।
গছৰ ডালত বিনাই থকা কুলিজনীৰ মাতষাৰটো যেন নাই কোনো আকুলতা, নাই উচ্ছাস।
ঢোলৰ চাপৰত নাচনীৰ মন চঞ্চলা কৰা ঢুলীয়া ককাইটিৰ ঢোলৰ চাপৰটিও আজি স্তব্ধ।
যৌৱনৰ বা লাগি উৰি ফুৰা মন ফাগুনীজনীৰ
নাই কোনো উল্লাস, উন্মাদনা।

কাৰণ!! এইয়া যে জুবিন দা বিহীন 
প্ৰথমটো বহাগ।

বিহুৰ মঞ্চবোৰ চোন এইবাৰ আধৰুৱা হৈ ৰ'ব,
সহস্ৰ জনৰ কন্ঠত বাজি উঠিব "নাহৰ ফুলাৰ বতৰ", "মৰিলং মৰিলং" , " ফুল ফুলিছে বসন্তৰ"
কিন্তু!! প্ৰাণ পাই নুঠিব তোমাৰ যাদুকৰী কন্ঠৰ।
ৰিক্ত হৈ ৰ'ব বহাগৰ মায়াবিনী ৰাতিবোৰ।

আজি অসমীয়াৰ হৃদয়ত বসন্তৰ পৰশো যেন
উদাস,অভিমানী।
ফাগুন- চ'তৰ ধূলিয়ৰী বাটৰে শেষত তুমি নথকা
অনুভৱেৰে ,ৰৈ ৰৈ বিনাইছে অসমীয়াৰ হৃদয়।
সময়বোৰ যেন এতিয়া থমকি ৰৈছে 
বহাগৰ পদুলিত।
প্ৰকৃতিৰ বুকুত ৰং বোৰে লুকা ভাকু খেলা ক্ষণবোৰত
তোমাৰ কথাই অসমীয়াৰ মুগ্ধ হিয়াক 
আমনি কৰিছে।

অবিশ্বাস্য, আকৰ্ষনীয়!!
এইয়া যে তুমি বিহীন প্ৰথমটো বহাগৰ আগমন।