ধীৰেন শইকীয়া। নুনমাটি। গুৱাহাটী
১৯৬৮ চনত অৰুণাচল প্ৰদেশৰ চীন ভাৰত সীমান্তৰ এখন অতি ভিতৰুৱা গাঁৱত জন্ম লাভ কৰা ৰবিন হিবু নামৰ উচ্চ পদস্থ আৰক্ষী বিষয়াজনে শিক্ষা, চিকিৎসা, যাতায়াত তথা যোগাযোগৰ হেজাৰ প্ৰতিবন্ধকতা নেওচি আই পি এছ পৰীক্ষাত উত্তীৰ্ণ হৈ আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ চাকৰিৰ লগতে এটি সামাজিক অনুষ্ঠানৰ যোগেদি সমাজৰ হকে বহু কাম কৰি আহিছে। জে এন ইউৰ পৰা ছছিয়েলজি বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম সমাপ্ত কৰি ১৯৯৩ চনত আই পি এছ বিষয়া হিচাপে AGMUT( Arunachal pradesh,Goa, Mizoram and Uniion territorriees) কেডাৰত কৰ্মৰত হৈ বৰ্তমান দিল্লী আৰক্ষীৰ Special Commissioner of Police at Delhi Armed Police ত ৰবিন হিবু কৰ্মৰত। এসময়ত তেওঁ ৰাষ্ট্ৰপতি ভৱনৰ মুখ্য নিৰাপত্তাৰ দৰে দায়িত্বপূৰ্ণ পদতো অধিষ্ঠিত হৈছিল।দিল্লীত বিভিন্ন সময়ত উত্তৰ-পূৱৰ লোকৰ বাবে তেওঁ বিভিন্ন দিশত ভগৱানস্বৰূপ। জনামতে তেওঁ কেইবা সহস্ৰাধিক লোকক সংকট কালত দুৰ্যোগৰ পৰা উদ্ধাৰ কৰিছে।আনকি সহস্ৰাধিক মৃতদেহ উত্তৰ-পূৱলৈ ঘূৰাই পঠাইছে নিজা খৰচত। আমি জনামতে HELPING HANDS নামৰ স্বেস্বাসেৱী সংগঠনটোৰ যোগেদি তেওঁ কৰিছে বহু সমাজকল্যানমূলক সেৱা।দিল্লী আৰক্ষীৰ ডি জিপি পদত কৰ্মৰত অৰুণাচলৰ এই বিষয়াজনে তেওঁৰ উৎকৃষ্ট সেৱাৰ বাবে লাভ কৰিছে দুবাৰকৈ শ্ৰেষ্ঠ আই পি এছৰ বঁটা। অলপতে জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈৰ অনুষ্ঠান ‘দৰবাৰ’ত ৰবিন হিবুয়ে জনাইছে তেওঁৰ বিষয়ে আনে নজনা বহু কথা।UN Peace Medal for Meritorious Services in Bosnia,Samajik Ratna Puraskar, President's Police Medal for Gallantry, President's Police Medal for Distinguished Services in 2010 and 2017,Best IPS Officer Award, Ati-Utkrisht Seva Padak, Antrik Suraksha Seva Padak
আদি বিভিন্ন বটা প্ৰাপক তথা মহানুভৱী মনৰ আৰক্ষী বিষয়াজনে অসহায় উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলৰ কল্যানৰ বাবে উল্লেখিত সংগঠনটোৰে আগবঢ়োৱা পদক্ষেপৰ বাবে সংবাদ শিৰোনাম অধিকাৰ কৰিছে। উল্লেখ্য যে কোভিড কালত তেওঁ সংগঠনটোৰে বহু লোকক অক্মিজেন যোগান ধৰি মহানুভৱী সেৱা আগবঢ়োৱাৰ কথা সৰ্বজনবিদিত। উত্তৰ পূবৰ লোকসকলৰ বিভিন্ন বিষয়ৰ কৰ্মতৎপৰতাৰ বাবে The Special Police Unit for North-Eastern Region (SPUNER) গঠন কৰা হৈছিল। এই SPUNER force ৰ প্ৰথমগৰাকী নোডেল অফিছাৰ হিচাপে নিযুক্তি দিয়া হৈছিল ৰবিন হিবুক যাৰ ফলত কেইবাটিও দিশত অঞ্চলটিয়ে বহু সুবিধা তৎকালিনভাবে পাবলৈ সক্ষম হৈছে।
তেওঁৰ সমগ্ৰ জীৱন আলোচিত জীৱনীগ্ৰন্থ "Cop With A Golden Heart Robin Hibu" (written by Hibu's Biography by Thanmi Khamrang)কেইবছৰমান আগতে বিশিষ্ট ক্ৰীড়াবিদ তথা সাংসদ মেৰিকমে উন্মোচন কৰিছিল। অৰুনাছলৰ নামনি সোঁৱনশিৰী জিলাৰ শিক্ষা, খোৱা পানী , বিজুলী সংযোগহীন আদি এশ এটা সমসা জৰ্জৰিত হং গাঁৱৰ পৰা নিজৰ মেধাৰ বলত ওলাই আহি সমসাবহুল পৰিৱেশ কঠিন পৰিশ্ৰম আৰু অধ্যৱসায়েৰে সফলতাৰ পথত উপনীত হোৱাতো উত্তৰ পূবৰ সকলোৰে বাবে অনুপ্ৰানিত হোৱাৰ বিষয়। kasurba gandhi ashram ত এজনীয়া শিক্ষয়িত্ৰীৰ উপস্থিতিতেই বিদ্যালয়ত পঢ়াশুনা কৰি তেওঁ অষ্টম শ্ৰেনীলৈকে অধ্যয়ন কৰিছিল। নৱম শ্ৰেনীতহে ভৰিত চেণ্ডেল বা জোটা পিন্ধিব পাইছিল। তেওঁৰ পিতৃও জংঘলৰ পৰা খৰি বিছাৰি অনা আৰু দুই এক সৰু সুৰা খেতিৰ কাম কৰা তেনেই হোজা গাঁৱলীয়া লোক আছিল। এই সময়তে মাকে কৈছিল যদি তুমি পৰিশ্ৰম কৰি মনপুতি পঢ়া কোনেও তোমাক কেতিয়াও ৰখাব নোৱাৰিম। পিছে তাৰ বাবে লাগিব অধ্যৱসায় পৰিশ্ৰম। মাকৰ এই কথাষাৰেই সলনি কৰি দিলে তেওঁক। পঢ়া শুনাত পূৰ্বতকৈ মনোযোগেৰে পঢ়িলে। তেওঁ নিজেও মেধাসম্পন্ন আছিল বাবে প্ৰতিটো শ্ৰেনীতেই প্ৰথম হৈছিল। সেয়ে শিক্ষকেও মৰম কৰিব ধৰিলে। নিজৰো পঢ়াৰ প্ৰতি ধাউতি বাঢ়িব ধৰিলে। এনেদৰে পিছলৈ তেওঁ শ্ৰেনীসমূহত সকলোৰে প্ৰিয়পাত্ৰ হব ধৰিছিল। কোৱামতে অধ্যয়ন কালত লাগতিয়াল খৰছৰ বাবদ কেতিয়াবা কেতিয়াবা চুক্তিভিত্তিক বনুৱা তথা শিলভঙা মজদুৰী (contingency laborer and stone breaker) কামো কৰিব লগা হৈছিল। পৰৱৰ্তী কালত প্ৰদেশখনৰ জিৰোৰ Government Higher Secondary Schoolৰ পৰা দ্বাদশ শ্ৰেনী উত্তীৰ্ণ হোৱাৰ পিছত পাছিঘাট জে এন মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক সমাপ্ত কৰি নতুন দিল্লীৰ জে এন ইউ যাত্ৰাই তেওঁলৈ আনিলে এক সুকীয়া মাত্ৰা। জে এন ইউত থকা কালতো তেওঁ বৰ মিতব্যয়িতাৰে চলিব লগা হৈছিল। কাৰন কিবাকৈহে তেওঁ সেইখিনি পাইছিল। লগৰীয়া ছাত্ৰ ছাত্ৰীসকল ধনী ঘৰৰ আছিল বাবে আবেলিৰ সময়ত বাহিৰলৈ গৈ তেওঁলোকে বাহিৰৰ দামী ৰেষ্টোৰাত খাবলৈ গৈছিল। পিছে ৰবিন হিবু বাহিৰলৈ নগৈ তেওঁ বেগত লুকুৱাই অনা তিনিখন ৰুটিৰ টুকুৰা, বইল কনী এটা আৰু বটলত নিয়া পানী (তাকো আনে দেখিব বুলি ভয়ে ভয়ে) লুকাই লুকাই খায়েই Jawaharlal Nehru Memorial library ৰ এটি চুকত বহি গৱেষনামূলক কামকাজৰ বাবে অধ্যয়নত গভীৰভাৱে নিমজ্জিত হৈছিল। এবাৰ এই দৃশ্য দেখিলে লাইব্ৰেৰীয়ানে। উপায়বিহীন ৰবিন হিবুয়ে সমগ্ৰ কাহিনী তেওঁক কোৱাত তেতিয়াৰ পৰা তেওঁ ৰবিন হিবুক মৰম কৰাহে হ'ল আৰু পূৰ্বতকৈ অধিক গ্ৰন্থ যোগান ধৰিবলৈ যত্ন কৰিলে।আজিও ৰবিন হিবুয়ে সেইগৰাকী লাইব্ৰেৰীয়ানক কেতিয়াও নাপাহৰে বুলি প্ৰায়ে তেওঁৰ ভাষনবোৰত কয়। তেওঁ লগতে কয়ঃদৰিদ্ৰতা কাৰোৰে বাবে সফলতাৰ হেঙাৰ নহয়। সেই পৰিৱেশত নিজকে মানি লৈ সপোন পুৰাবলৈ আগবাঢ়ি যাবলৈ অন্তৰত আমাৰ প্ৰত্যকৰে মনত এক জোৰদাৰ তাড়নাৰ জন্ম হ'ব লাগিব। সেই তাড়নাইহে আমাৰ মনত অধ্যৱসায়ৰ গঢ় দিব। আমাৰ গাঁৱত শীতৰ দিনত মাইনাছ ছয় ডিগ্ৰী উষ্ণতাতো আমি কটাব লগা হৈছিলো । হাড় কঁপোৱা এনে শীততো আমি উঠি পুৱাই পঢ়াত বহিছিলো।আমাৰ দিনত ইণ্টাৰনেট নাছিল। আমি মৌমাখিৰ দৰে বিভিন্ন ঠাইৰ পৰা ভাল কথাবোৰ আয়ত্ত কৰি আগবাঢ়িলেহে আমাৰ সপোন পুৰ হ'ব বুলি ভাবি সেইমতে আছিলো। সপোন পুৰোৱাৰ চেষ্টা থাকিলেহে জীৱনত সফলতা লভিব পাৰি। সংবাদ মাধ্যমত প্ৰকাশিত খবৰ মতে তেওঁৰ পত্নী Dr. Gampi Hibu (also known as Gampi Padu Hibu) এগৰাকী বৰ উৎসাহী মহিলা। তেওঁ প্ৰদেশখনৰ এগৰাকী গায়িকাও।তেওঁ ৰবীন হিবুুৰ সমগ্ৰ জীৱনৰ উৎসাহ তথা কৰ্মস্পৃহাৰ মূল উৎস বুলিও কব খোজে হিবুৱে। তেওঁ আনকি তেওঁৰ সমগ্ৰ সামাজিক কল্যানমূলক কৰ্মখিনিটো পত্নীৰ অৰিহনা আছে বুলি প্ৰকাশ কৰিছে। নিঃসন্দেহে এনেবোৰ উৎসাহী কৰ্মৰ বাবেই সাতাৱন্ন বছৰীয়া ৰবিন হিবু আজি সমগ্ৰ নৱ প্ৰজন্মৰ বাবে উৎসাহৰ উৎস হোৱাৰ যোগ্য বুলি কব পাৰি।