নাছিৰ আহমেদ শিমলাবাৰী, গোৱালপাৰা।
দেশী ভাষাৰ ধ্বনিতত্ত্বৰ ( Phonology) বিষয়ে স্পষ্ট ধাৰণা দিয়া খুবেই কঠিন কাম। কাৰণ, এতিয়াও এই ভাষা সম্পৰ্কে বিস্তাৰিতভাৱে কোনো আলোচনা হোৱা নাই বা ভাষাবিদসকলে বিতংকৈ গৱেষণা কৰা নাই। এই ভাষাটি এতিয়াও সম্পূৰ্ণৰূপে লিখিত ৰূপ পোৱা নাই। তথাপি এই দেশী ভাষাৰ প্ৰকৃত ৰূপ এতিয়া প্ৰায় পাবলৈ টান। ইতিমধ্যে এই ভাষাৰ ওপৰত অন্যান্য ভাষা, বিশেষকৈ বাংলা ভাষাৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। নানা বাধা-বিঘিনিৰ মাজতো এতিয়াও এই দেশী ভাষাৰ ধ্বনিতত্ত্বৰ এটা সুকীয়া ৰূপ বিদ্যমান হৈ আছে। দেশী ভাষা যিহেতু প্ৰাচীন কামৰূপৰ অন্তৰ্গত পশ্চিম প্ৰান্তৰ কমতা ৰাজ্যৰ ভাষা, ইয়াত প্ৰাচীন কামৰূপৰ ৰাজ্যৰ কামৰূপী প্ৰাকৃত বা পূৰ্ব মাগধী অপভ্ৰংশৰ বৈশিষ্ট্য অক্ষুণ্ণ থকাৰ উপৰিও নিজস্ব স্বকীয়তা বজাই থকা দেখা যায়।
কামৰূপী প্ৰাকৃত বা পূৰ্ব মাগধী অপভ্ৰংশৰ মূল ভাষা সংস্কৃত ভাষাত থকা স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণ কেৱল কেইটামান বৰ্ণৰ বাহিৰে হুবহু একে ধৰণে সংৰক্ষিত হোৱা দেখা যায়।
সেইবোৰ হ'ল ----
স্বৰবৰ্ণ
-------
অ আ ই ঈ
উ ঊ ঋ দীৰ্ঘ ঋ
৯ ৯\৯
এ ঐ ও ও
কামৰূপী প্ৰাকৃত ভাষা আৰু পূৰ্ব মাগধী অপভ্ৰংশ ভাষাৰ দৰে দেশী ভাষাটো সংস্কৃত ভাষাত থকা চৈধ্যটা স্বৰবৰ্ণৰ কেৱল ৯ আৰু ৯/৯ বৰ্ণ দুটাৰ বাহিৰে লিখিত ৰূপত সংৰক্ষিত হৈছে।
ঠিক তেনেদৰে সংস্কৃত ভাষাত ব্যঞ্জনবৰ্ণ কেইটা, যেনে -
ক খ গ ঘ ঙ
চ ছ জ ঝ ঞ
ট ঠ দ ধ ণ
ত থ দ ধ নে
প ফ ব ভ ম
য ৰ ল ৱ শ
ষ স হ ক্ষ ড়
ঢ় য় ৎ ং ঃ
ঁ
৯ ৯/৯
কেৱল ৯ ৯/৯ এই দুটাৰ বাহিৰে
লিখিত ৰূপত আটাইকেইটা ব্যঞ্জনবৰ্ণ কামৰূপী প্ৰাকৃত,পূৰ্ব মাগধী অপভ্ৰংশ আৰু দেশী ভাষাত সংৰক্ষিত হৈ আছে।
কিন্তু, ধ্বনিগত ভাৱে সংস্কৃত ভাষাৰ পৰা পূৰ্ব মাগধী অপভ্ৰংশ বা কামৰূপী প্ৰাকৃতৰ বহু বৈশিষ্ট্য অটুট ৰাখিও দেশী ভাষাত কিছুমান নিজস্ব বৈশিষ্ট্য পৰিলক্ষিত হৈছে। সেই বিষয়ে আলোচনা কৰিবলৈ প্ৰয়াস কৰিম।
কামৰূপী উপভাষাৰ বিশিষ্ট স্বৰধ্বনি কামৰপী প্ৰাকৃত বা পূৰ্ব মাগধী অপভ্ৰংশত থকা বাৰটা স্বৰধ্বনিৰ পৰিৱৰ্তে সাতোটা বিশিষ্ট স্বৰধ্বনি আছে। সেইবোৰ হ'ল ক্ৰমে--
অ আ ই উ এ এ' ও। দেশী ভাষাতো সাতোটা বিশিষ্ট স্বৰধ্বনি কামৰূপী বিশিষ্ট স্বৰধ্বনি কেইটাই হুবহু ভাৱে সংৰক্ষিত হৈছে।
যেনে -
/অ/ তল
/আ/ তাৰ
/ই/ তিল
/এ/ তেলচোৰা ( পঁইতা- চোৰা
/এ'/ তে'ল/তেল
/উ/ তুল
/ ও/ টোল
দেশী ভাষাত স্বৰৰ অনুনাসিকতাও বিশিষ্ট-ধ্বনি। যেনে - গাও ( গা বা শৰীৰ) কিন্তু গাওঁ
অসমীয়া মান্য ভাষাত বা কামৰূপী ভাষাত বিশিষ্ট ব্যঞ্জনধ্বনি একৈশটা পোৱা যায়। সিহঁতৰ বাৰটা স্পৰ্শ, তিনিটা নাসিক্য,এটা পাৰ্শিক,এটা কম্পিত, আৰু চাৰিটা উষ্ম ধ্বনি।
স্পৰ্শ ধ্বনি:- প ফ ব ভ ত থ দ ধ ক খ গ ঘ
নাসিক্য ধ্বনি:- ম ন ঙ
পাৰ্শিক ধ্বনি:- ল
কম্পিত ধ্বনি:- ৰ
উষ্ম ধ্বনি:- চ জ স হ
দেশী ভাষাত বিশিষ্ট ব্যঞ্জনধ্বনিবোৰৰ উদাহৰণ:-
/ ক/ কাক্ ৰা ( কেঁকোৰা)
/ খ/ পাখ্ ৰা ( পখৰা)
/গ/ গাছ ( গছ)
/ঘ/ ঘাশ ( ঘাঁহ)
/ চাটি
/চ/ চাটি ( চাকি)
/ছ/ ছাতি ( ছাতি)
/জ/ জাল ( জাল)
/ ঝ/ ঝাল ( জলা
/ ট/ পাটা ( মৰাপাট)
/ ঠ/ পাঠা ( পঠা)
/ ড/ ডাল ( ডাল)
/ ড়) হাড়ি ( মাটিৰ ডাঙৰ পাত্ৰ)
/ ঢ/ ঢাল ( ঢাল)
/ ত/ তাল (তাল)
/ থ/ থালি ( থাল)
/ দ/ দুপৰা ( দুপৰীয়া)
/ ধ/ ধুপ ( ধূপ)
/ ন/ চান ( জোন)
/ ঙ/ চাঙ ( চাং)
/ ম/ মাটি( মাটি)
/ প/ পাটা ( মৰাপাট)
/ ফ/ ফাটা ( ফাট)
/ ব/ বুৰা ( বুঢ়া)
/ ভ/ ভুৰা ( ভুৰ)
/ ৰ) ৰঙ ( ৰং)
/ ল/ লঙ( লং)
/ শ/ মাশ ( মাহ)
/স/ মাস ( মাছ)
সাতা ( ছাতি)
/ হ/ হাতা ( কলৰ আখি)
সাধাৰণতে অসমীয়া মান্য ভাষাত বা কামৰূপী ভাষাত তালব্য ধ্বনি আৰু দন্ত্য-মূৰ্ধন্য ধ্বনিৰ পাৰ্থক্য আদি নাই বুলি কোৱা হয়। কিন্তু দেশী ভাষাত তালব্য চ, ছ, জ,ঝ,শ, মূৰ্ধন্য ট,ঠ, ড, ড়, ঢ দন্ত্যমূলীয় ত, থ, দ, ধ ,নে,স আদি বিশিষ্ট ধ্বনি। কামৰূপী আৰু মান্য অসমীয়া ভাষাত বহুল ভাৱে ব্যৱহাৰ হোৱা 'স ' ধ্বনি দেশী ভাষাত নাই। পূৰ্ব মাগধী অপভ্ৰংশৰ বৈশিষ্ট্য অক্ষুণ্ণ ৰাখি দেশী ভাষাত শ,ষ,স বিশিষ্ট ধ্বনি 'শ ' ধ্বনিৰে ব্যৱহাৰ হো যেৱা দেখা যায়।
উদাহৰণ স্বৰূপে, শীত,মশক,মনুষ্য, সৰ্প,হংস আদি শব্দ দেশী ভাষাত ক্ৰমে শিত, মশা, মানুশ বা মানশি, ভৈশ, মৈশ,শাপ, হাশ ইত্যাদি।
প্ৰাচীন কমতাপুৰ ৰাজ্যৰ অন্তৰ্গত হিচাপে উত্তৰ-বঙ্গৰ ভাষাত থকা চ আৰু ছ বৰ্ণ তালব্য স্পৰ্শ ধ্বনি আৰু 'স' ক উষ্ম ধ্বনি ৰূপে উচ্চাৰণ হোৱাৰ দৰে দেশী ভাষাতো উচ্চাৰণ হয়। এই উত্তৰবঙ্গৰ ভাষাৰ দৰে দুয়ো ঠাইতে ওচৰা ওচৰিকৈ থকা অক্ষৰ দুটাত কামৰূপী ভাষাত ' অ' ধ্বনি থকাৰ দৰে দেশী ভাষাতো একে নিয়ম দেখা যায়।
যেনে -
চাকা ( চকা) , ৰাজা ( ৰজা) , আন্ধাৰ (এন্ধাৰ )
দুয়ো ঠাইতে শব্দৰ আদি বা প্ৰথম অক্ষৰত কামৰূপী ভাষাত বলাঘাত পৰাৰ দৰে দেশী ভাষাতো পৰে, যেনে -
কুমৰা ( কোমোৰা) , কাকৰা ( কেঁকোৰা) ভমৰা ( ভোমোৰা)
দুয়ো ঠাইতে স্বৰ-সঙ্গতিৰ ফলত কামৰূপী ভাষাৰ দৰে দেশী ভাষাতো কিছুমান শব্দই সমৰূপতা লাভ কৰে।
মোধু বা মোদু ( মধু)
চ ,জ,শ, ট,ড আদি ধ্বনি দেশী ভাষাত আছে, কিন্তু কামৰূপী বা মান্য অসমীয়া ভাষাত নাই।
প্ৰাচীন অসমীয়া সাহিত্যৰ মুখ্য লেখকসকলৰ ৰচনাত সংৰক্ষিত পশ্চিম অসমৰ কামৰপী আৰু মূলতঃ দেশী ভাষাৰ বৈশিষ্ট্য কিছুমান তলত উল্লেখ কৰা হ'ল -
(১) স্বৰ -সংগতি:- পোতি ( পতি)
(২) ক্ষ > খ - খতি ( ক্ষতি) পোখি বা পাখি ( পক্ষী)
(৩) ৱ> উ:- জীউ ( জীৱ) শব্দৰ মাজত থকা ' ৱ' ধ্বনি মান্য অসমীয়া ভাষাত উচ্চাৰণ হয় যদিও কামৰূপী আৰু দেশী ভাষাত ' ৱ ' ধ্বনি উত্তৰ-বঙ্গৰ ভাষাৰ দৰে ' ব' ধ্বনি ৰূপে উচ্চাৰণ হয়। যেনে জীৱন> জীবন, ভাৱ> ভাব, ভাৱনা> ভাবনা। কিন্তু অভিনয় অৰ্থত মান্য অসমীয়া ভাষাৰ দৰে কামৰূপী বা দেশী ভাষাত' ভাওনা' হিচাপে উচ্চাৰণ হয়।
( ৪) মূলৰ' ল ' ধ্বনিৰ অৱস্থিতি কামৰপী ভাষাত পোৱা যায়।
লুম,লাঙ্গাল,লেজ। কিন্তু দেশী ভাষাত 'ন' ধ্বনি উচ্চাৰণ হয়। যেনে - নোম, নাঙল, নেজ
(৫) মহাপ্ৰাণীকৰণ:- সিথান, ভাঠি,ঠোঠ হয় যদিও দেশী ভাষাত মান্য অসমীয়া ভাষাত থকাৰ দৰে অল্পপ্ৰাণ ধ্বনিৰ বৈশিষ্ট্য অটুট থাকে।
যেনে - শিতেন, পৈতেন, ভাটি বেলা, চৰাইৰ ঠোট , শুদা, ভোক, শুকেন ইত্যাদি।
তলত থকা মান্য অসমীয়া ভাষা কিছুমান শব্দ দেশী ভাষাত তলত দিয়া ধৰণে পৰিৱৰ্তন হোৱা দেখা যায়।
আজি> আইজ, কাইলৈ বা কালি > কাইল, আজিকালি> আইজ কাইল। যোৱা কালি> যাওৱা বা গতকাইল। খালে> খাইল, কলে> কইল অৰ্থাৎ পাছৰ অক্ষৰত থকা ই ধ্বনি দুটা অক্ষৰত থকা মাজত বহি শব্দটি সৰলীকৰণ হয়। মান্য অসমীয়া ভাষাত থকা ঘোষধ্বনি দেশী ভাষাত প্ৰায় অঘোষধ্বনি লৈ পৰিণত হয়। গৰিষ্ঠ> গৰিষ্ট, লঘিষ্ঠ> লগিষ্ট, এন্ধাৰ বা আন্ধাৰ> আন্দাৰ, শ্ৰেষ্ঠ> শ্ৰেষ্ট, গোন্ধ> গোন্দ , বন্ধ> বন্দ, বন্ধু > বন্দু ইত্যাদি।
সাধাৰণতে দেশী ভাষাৰ' ৰ' আৰু 'ল' ধ্বনি গাঁও তথা চহৰৰ সাধাৰণ মানুহৰ মুখত ক্ৰমে 'অ' আৰু ' ন' ধ্বনিলৈ পৰিৱৰ্তন হোৱা দেখা যায়।
যেনে - আম ( ৰাম) অফিক ( ৰফিক) অশিদ ( ৰশিদ) ইত্যাদি আৰু নাউ ( লাউ) নোকচান ( লোকচান) নাপ ( লাভ) নতিকে ( লতিকা) ইত্যাদি। কিন্তু বৰ্তমান ভাষাৰ প্ৰতি সচেতনতা বৃদ্ধি হোৱাৰ বাবে প্ৰায় বেছিভাগ দেশী জনগোষ্ঠীৰ লোকে ' ৰ ' আৰু ' ল' ধ্বনিৰ বৈশিষ্ট্য অটুট ৰাখিবলৈ প্ৰয়াস কৰিছে।
সংক্ষেপে দেশী ভাষাৰ ধ্বনিতত্ত্বৰ ( Phonology )বিষয়ে আলোচনা কৰা হ'ল। পৰৱৰ্তী দেশী ভাষাৰ ৰূপতত্ত্বৰ ( Morphology) বিষয়ে আলোচনা কৰিবলৈ প্ৰয়াস কৰিম।
ক্ৰমশঃ