Type Here to Get Search Results !

পোহৰৰ উৎস বিচাৰি

 
ৰঞ্জিত চুতীয়া
ৰজাধাপ, সোণাৰি


শিলত বাট এটা কাটি কাটি
ওৰেটো জীৱন কটালোঁ
পোহৰৰ উৎস বিচাৰি

বেলি লহিয়ালে
আলসুৱা শৈশৱ, দূৰন্ত যৌৱন
ক্ৰমশঃ মেলানি মাগিলে
বৈচিত্ৰময় জীৱন পথত
শিকিবলে' শিকি শিকি
অন্তহীন আকাশৰ
নাপালোঁ ঠিকনা বিচাৰি

সুখৰ মৰীচিকা খেদি খেদি
জীৱনৰ জমা-খৰচৰ বহীত
এতিয়া দেখোন সকলো উদি ।