ৰুমী সেনাপতি ভূঞা ,
চাবুৱা
ফাগুন ফাগুন যেন
এক উৰুঙা অনুভৱ
বাউলি পছোৱা বলিছে ,
ফিৰফিৰীয়া বতাহজাকে
শীতলতাৰ পৰশেৰে
মন প্ৰাণ জুৰ পেলালে ৷
উৰুঙা ফাগুনে দিয়ে মনৰ ঠিকনা
আকাশ ৰঙাই শিমলু - মদাৰ ফুলিছে
আছেনে সেই উতনুৱা উচাহ
বন ফৰিঙৰ চঞ্চল নাচোন !
এতিয়াতো ধূলিয়ৰি ফাগুন
ছয় ঋতুৰ ৰিঙা শুষ্ক অৱসাদ ৷
ফাগুনৰ বাটেৰেই ধূলিয়ৰি পখালি
ন -পানীৰ উচ্চলতাৰে বহাগ আহিব
প্ৰকৃতি শুৱনি কৰি ধৰালৈ
উচাহৰ ধল নামিব ---!
পাহাৰী কুলি- কেতেকীয়ে
সুললিত কণ্ঠেৰে বহাগৰ বতৰা বিলাব ৷
নৱ ছন্দেৰে ছন্দিত হব প্ৰকৃতি
গছে -বনে নানা ৰঙী ফুলে মেলা পাতিব
মন মতলীয়া সুৱাস চৌদিশে বিয়পি
পৰিব ,
আশাই আঁকিব মনৰ সজীব ছবি
সময়ৰেই যেন চিৰন্তন বিচিত্ৰ চিত্ৰপট ৷