চৈয়দা চায়ৰা বেগম
নাজিৰা ৷
(১)
ফাগুন
ৰিক্ত কোঠালীত এজাক পছোৱা
আঙুলিৰ পাবত পিন্ধা মদাৰ ফুলৰ আদৰ নাইকিয়া
(২)
নাৰী দিৱস
কত পঞ্চালীৰ ক্ৰন্দন আজিও অৰণ্য ৰোদন
স্বাধীন গতিত কত প্ৰত্যাহ্বান
আছে বীৰাংগনা নাৰীৰ ত্যাগৰ মহিমা
তথাপি দেখিছো নাৰীৰ স্বাধীনতা খৰ্ব হোৱা
(৩)
বিশ্ব কবিতা দিৱস
অতদিনে অতপালি তোমাৰ
অতিষ্ঠ মই
অৱক্ষয় তোমাৰ
অৱলা নহয় মই ৷