Type Here to Get Search Results !

সম্পাদকীয়




সুস্থ সমাজ গঠনত সকলো স্তৰৰ লোকৰ প্ৰয়োজনীয়তা আছে।


এই বিশ্বব্ৰহ্মাণ্ডখন পৰিচালিত হৈ থকা নিয়ম-প্ৰণালীবোৰলৈ মন কৰিলে আচৰিত লাগে যে- ইমান সুশৃংখল ভাৱে সকলো কামবোৰ বিশ্বব্ৰহ্মাণ্ডত হৈ আছে প্ৰতি ক্ষণে। জীৱৰ লগত স্থাৱৰ বস্ত, গ্ৰহ-নক্ষত্ৰ, প্ৰকৃতি ইত্যাদিবোৰ এটি লয়ত চলি আছে। তেনেদৰে আমাৰ সমাজৰ ক্ষত্ৰতো বিভিন্ন স্তৰৰ বৃত্তিগত লোক একোখন সমাজত থাকে। এইদৰে বিভিন্ন বৃত্তিত থকা লোক থকা বাবেহে সমাজখন শৃংখলিত গতিত আগবাঢ়ে। সাধাৰণ চাফাই কৰ্মীৰ পৰা ৰাজনীতিবিদলৈকে সকলোৰে প্ৰয়োজন আছে। চাকৰিয়াল লোকৰ যেনেকৈ প্ৰয়োজন আছে তেনেকৈ ব্যৱসায়ীলোক, উৎপাদনকাৰীলোক, দেশখন চলোৱালোক সকলোৰে প্ৰয়োজন যেন ভাগে-ভাগে আছে। এই বৃত্তিগত ভিন্নতা আমাক লাগিব, তেতিয়াহে সমাজত কামৰ ভাৰসাম্যতা থাকিব। সেয়েহে আমি পৰস্পৰে সৰু-বৰ সকলো বৃত্তিত থকা প্ৰতিজনৰ কৰ্মক সন্মান আৰু মৰ্যদা দিব লাগিব। নিজে কৰা কামটোৰ প্ৰতি যি মনোভাৱ লও তেনেকৈ আনৰ কামটোকো তেনে ভাৱেৰে আদৰি ল'ব লাগিব। প্ৰতিটো কামৰে প্ৰয়োজন সাপেক্ষে গুৰুত্ব আছে। 
  আহক, এনেদৰে প্ৰতি বৃত্তিক সমমৰ্যদা দি আমাৰ প্ৰগতি আৰু শান্তিময় সমাজ  গঠনত ভাৰসাম্যতা বিৰাজ কৰি ৰাখো।

অৰুণ কোঁৱৰ
সম্পাদক-সমলয়
০১/০৩/২০২৬