ধীৰেন শইকীয়া
সৰুতে মাঘ মাহ পৰিলেই দৰঙৰ গাঁওবোৰলৈ ভূটীয়া 'কুৰ্মা' অহা দেখিছিলো। পিছে ঠাণ্ডা পৰিলেই কিয় আহি এনেদৰে গাঁওবোৰত তেওঁলোকে ল'ৰা ছোৱালী লৈ তিনি মাহমান থাকেহি জনা নাছিলো।
ভবাও নাছিলো। অবিভক্ত দৰঙৰ টংলা, কলাইগাঁও, ওডালগুৰি, ঢেকীয়াজুলি, হুগ্ৰাজুলী, ৰৌতাতো একেই পৰিচিত দৃশ্য দেখিছিলো। বহু ঠাইত তেওঁলোক থাকিবৰ বাবে গাঁওবোৰৰ মানুহে ঘৰ সাজি দি খোৱা লোৱা আগবঢ়োৱাও দেখিছিলো,পিছে কিয় এনেদৰে ভূটীয়াসকল বছৰে বছৰে আহি থাকে সেয়াহে জনা নাছিলো। পিছে কিছুমান বিশেষ কাৰণত নব্বৈ দশকৰ মাজভাগৰ পৰা ক্ৰমান্বয়ে কমিছে ভূটীয়া সকলৰ এই ভৈয়ামলৈ অহাযোৱা।
পিছে অলপতে পঢ়িলো এখন গ্ৰন্থ "আছু জাপটং" (অসমীয়াত অৰ্থ জাপটং বুঢ়া),লেখক তপন কুমাৰ শৰ্মা।
য'ত পালো কিয় আহে এনেদৰে ভূটীয়া চেৰদূকপেনসকল, কি সম্বন্ধ আমাৰ সৈতে, কোনফালেদি কিয় কেনেকৈ ইমান দূৰ বাট পাৰ হৈ আহে ইমানদিনে যিটো জনা নাছিলো,পঢ়ি জানিলো। লগতে পালো ৰূপা,দৈমৰা আদিৰে তেওঁলোক আহি কেৱল পঁচা বা কৰ টোলাই নহয়, অসমীয়া গাওঁসমূহৰ আপোন মানুহৰ বিয়া-বাৰু, পৰিয়ালৰ মুৰব্বীজনৰ মৃত্যু হলে কাম কাজ, কিম্বা তেওঁলোক থাকি যোৱা গাঁওবোৰত হোৱা ৰাজহুৱা উৎসৱ পাৰ্বনলৈও তেওঁলোকে হেনো বহু সময়ত অৰ্থ সম্পদো আগবঢ়াইছিল। এতিয়াহে জানিলো এইসকল হেনো তাহানি আহোম ৰজাৰ ফালৰ পৰা ভূটীয়া ৰজালৈ বিয়া দিয়া এগৰাকী আহোম ৰমনীৰ সন্তান।যাক কোৱা হয় জাপটং বুঢ়াৰ সন্তান বুলি,একালত মোমায়েকৰ ঘৰ বুলি এনেদৰে পঁচা বা কৰ তুলিবলৈ বা পাহাৰত উৎপাদিত সামগ্ৰী ভৈয়ামৰ লগত সলাবলৈ বছৰি অতিপাত ঠাণ্ডা পৰা দিনবোৰত সিহঁতৰ ভূটানৰ ঠাইবোৰৰ পৰা ভৈয়ামলৈ নামিছিল।জোন কুমলীয়া বেলি কুমলীয়া এই শীতৰ সময় আহিলেই সেয়ে আগমন ঘটিছিল তেওঁলোকৰ।আপোনালোকেও পঢ়ক কিতাপখন আৰু কাহিনী জানিব চীন ভাৰত যুদ্ধৰ কথাও।কেবল দুখন গাঁৱৰ মাটিৰ প্ৰাপ্যতাৰ বাবেহে হৈছিল 1962 ৰ চীনা আগ্ৰাসন।দুখন লগালগি গাঁও
তিৰ্বতৰ লেই গাঁও আৰু ভাৰতৰ লুম্পো গাঁওক এখন নদী নামখাচুৱে আৰু মেকমোহন লাইনে ভাগ কৰিছিল।মেকমোহনে ভাগ কৰাৰ আগলৈকে দুয়োখন গাঁৱৰ মাজত বিয়া বাৰু চলিছিল,পিছত সামৰিক বাহিনীয়ে কেম্প পাতি কিছুমান নীতিনিয়ম বান্ধি দিয়াৰ পৰাই অসহিষ্ণুতা বাঢ়ি গৈ আক্ৰমন কিম্বা যুদ্ধৰ দৰে পৰিৱেশ ৰছনা হৈছিল,ফলত গৃহহীন হৈছিল বহু গাঁৱৰ নীৰিহ লোক। আনকি তেতিয়া
সীমান্তৰ এই ভয় সন্ত্ৰাসিত লোকসকল সেইসময়ত গুৱাহাটীৰ সোনাৰাম হাইস্কুলৰ শিৱিৰত আছিলহি তাৰকথাও লিখিছে সুন্দৰকৈ। গ্ৰন্থখনৰ প্ৰকাশক গুৱাহাটীৰ জ্যোতি প্ৰকাশন,মূল্য 300। আহোম স্বৰ্গদেৱে ভূটানী ৰজালৈ উপহাৰ স্বৰূপে পঠোৱা বৰটোপ,বিভিন্ন কাৰুকাৰ্যৰ কথাও আছে গ্ৰন্থখনত।তাতোকৈ ভাল লাগিল তাহানি প্ৰধানমন্ত্ৰী নেহেৰুৱে নেফাৰ ইনাৰ লাইন পাৰমিট ব্যৱস্থা, মাটি চাকৰি আদিত থলুৱা জনগোষ্ঠীয় লোকৰ নামতহে সংৰক্ষন আদি কথাবোৰ ভেৰিয়াৰ এলুৱিনৰ পৰামৰ্শতহে অনুমোদন কৰা বুলি স্পষ্টভাৱে লিখা কথাবোৰো।
বহু ইতিহাস আৰু কিংবদন্তি সংমিশ্ৰিত গ্ৰন্থখনে ওৰাংদেউ,ভৈৰৱকুণ্ড,চাৰিদুৱাৰ,সোনাই-ৰূপাই অভয়াৰণ্য আদিত তাহানি দিনৰ বনদেৱতাৰ পূজা পাবৰ্ণৰ কথাও লিখিছে। কোনটো পথেৰে দালাই লামা এসময়ত পলাই আহিছিল তাৰ কথাও বৰ্ণোৱা কিতাপখনত ভৈয়ামৰ লোকসকলে এই চেৰডুকপেন বোৰকে তাহানি সাতৰজা বুলিছিল বুলিও উল্লেখ।আলফা,এন ডিএফ দিৰ দিনৰ পৰাই সাতৰজাসকল ভৈয়ামলৈ নমাটো কমিছে বুলিও আন এক তাৎপৰ্যপূৰ্ণ কথাও গ্ৰন্থখনে উদঙাইছে।শিঙৰিৰ গুপ্তেশ্বৰলৈও একালত পূজা দিবলৈ অহা ভূটানী চেৰডুকপেনসকল চাৰিটা বাটেৰে ভৈয়ামলৈ নামিছিল সেয়া হৈছেঃ ধনশিৰি ভৈৰৱকুণ্ড হৈ,নমাটি ৰৌতা হৈ,পাঁচনৈ হৈ আৰু দৈমৰা (বেলশিৰি হৈ)।আহোমৰ দিনৰ পৰাই এনেদৰে সোতৰ শতিকাৰ মাজভাগলৈ ভূটীয়াসকল আহি থাকোতে আহোম ভূটান সম্পৰ্কৰ মাজতে এবাৰ অৱনতিৰ কথাও লিখা কিতাপখনে কেইবাশ বছৰজুৰি ধনশিৰি আৰু গাভৰু নদীৰ মাজৰ ভৈয়াম অঞ্চলৰ পৰা পঁচা(কৰ) হিচাপে ধান চাউল সংগ্ৰহ কৰি আহিছে বুলি জাপটং বুঢ়াক অসম জীয়ৰীৰ(জ'জামুছো)
সন্তান সম্বন্ধীয় ভাগিন বুলি পঁচা সংগ্ৰহৰ অধিকাৰ দিছিল বুলি প্ৰকাশ। আনকি কাৰোবাৰ ঘৰত কোনোবা ঢুকালে,টান বেমাৰ হলে পঁচা সংগ্ৰহ কৰা নহৈছিল বুলিও উল্লেখ গ্ৰন্থখনত। আহোম ৰাজ্যৰ লগত ভূটীয়াসকলে তাহানিতে নখন দুৱাৰেৰে যাতায়ত কৰিছিল বুলি কৈ গ্ৰন্থখনে আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালত চাৰিদুৱাৰ অঞ্চলৰ ভূটীয়াসকলক কি কি স্বত্তেৰে পঁচা(কৰ) সংগ্ৰহৰ সিদ্ধান্ত হৈছিল তাৰ কথাও সুন্দৰভাবে আছে
গ্ৰন্থখনত।মহাপুৰুষীয়া ধৰ্মক চাৰিসংহতিয়ে নানা নেতিবাচক প্ৰভাৱ পেলোৱাৰ দৰে বৌদ্ধ ধৰ্মটো শেহতীয়া চাৰিটা পন্থাই কিদৰে পূৰ্বৰ বৌদ্ধধৰ্মক গ্লানি আনিছে সেয়াও গ্ৰন্থকাৰে দেখুৱাবলৈ এৰা নাই গ্ৰন্থখনত। ধান চাউল নি জাব্ৰাং দিয়া এইভূটীয়াসকলে চপাই ঝাৰগাঁও প্ৰাথমিক বিদ্যালয়ৰ সোনালী জয়ন্তীত পাহাৰৰ পৰা অৰ্থসংগ্ৰহ কৰি এক লাখ বিশ হেজাৰ টকা আগবঢ়োৱাৰ কথাও লিখি তেওঁলোকৰ মহানুভৱতাৰ কথা সুন্দৰকৈ উল্লেখ কৰা গ্ৰন্থখনে ভাৰত ভূটান সীমানৱৰ্তী বহু স্থানৰ সামাজিক সাংস্কৃতিক ইতিহাসৰ এতিয়ালৈকে উদ্ধাৰ নোহোৱা কথাও মহানুভৱতাৰে পাঠকলৈ আগবঢ়াই শুভদায়ক কাম কৰিছে বুলিব পাৰি।
(--লেখক পঞ্চদীপ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ তথা নিবন্ধকাৰ। ঠিকনা-গুৱাহাটী 9101911294 )
