চৰাইদেউ কলাকেন্দ্ৰ(সোণাৰি) লোকসংস্কৃতি ক্ষেত্ৰলৈ আশাৰ ৰেঙনি
কেইজন সংস্কৃতিৱান লোকৰ শুভ চিন্তাৰে 'চৰাইদেউ কলাকেন্দ্ৰ (সোণাৰি) জন্ম হৈছিল ১৯৯৫ চনত। উদ্দেশ্য উঠি অহা চামক অসমীয়া লোক-সংস্কৃতিৰ বিজ্ঞান সন্মত শিক্ষা দান কৰা। লাহে লাহে এই শুভ চিন্তাৰে গতি লাভ কৰিবলৈ ধৰিলে।
এই কেন্দ্ৰৰ লগত মই বিগত পাঁচ বছৰ ধৰি জড়িত হৈ আছো। কেইদিনমান আগতে পুনৰবাৰ অতি হেপাহেৰে উপভোগ কৰাৰ সুযোগ পালো 'চৰাইদেউ কলাকেন্দ্ৰ'ৰ অনুষ্ঠানটো। এইবাৰ জজলী শাখা কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠানটি প্ৰতিষ্ঠাপক সম্পাদক তথা বৰবিহুৱা প্ৰয়াত ফিৰোজ কোঁৱৰ দেৱৰ সোঁৱৰণত দ্বিতীয় বাষিক বৰ্ষপূৰ্তি হিচাবে পালন কৰে।
আশাব্যঞ্জক কথা যে ১৯৯৫ চনত জন্ম লাভ কৰা এই 'চৰাইদেউ কলাকেন্দ্ৰ'ই ইতিমধ্যে ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰি অসমৰ বিভিন্ন জিলাত শাখা সমূহ গঢ় লৈ উঠিছে, তেনেদৰে অসমীয়া কৃষ্টি বিহুক প্ৰণালীবদ্ধ ভাৱে শিক্ষাদান কৰি আহিছে। বিশেষ ভাৱে বিহু নাচ, ঢোল, গগণা, পেঁপা, বাঁহী ইত্যাদি এই কেন্দ্ৰত শিকাই আহিছে। উঠি অহা চাম তথা এয়া অসমীয়া জাতিৰ বাবে বৰ আশাভৰা কথা বুলি ভাৱো।
এইবাৰ জজলী শাখা কেন্দ্ৰটোত শতাধিক শিক্ষাৰ্থীয়ে সমূহীয়া বিহুনাচ, ঢোলবাদন, পেঁপাবাদন ইত্যাদি প্ৰদৰ্শন কৰি দৰ্শকৰ মন জয় কৰিছে। এইসকল উঠি অহা শিক্ষাৰ্থীয়ে এদিন বিহু কৃষ্টিক চৰ্চাৰে জীয়াই ৰাখিব বুলি আশাবাদী।
আহক আমি সকলোৱে এই কেন্দ্ৰৰ প্ৰতি সহযোগিতা আগবঢ়াই আমাৰ কৃষ্টি সংস্কৃতিক উত্তৰণ হোৱা অৰিহণা যোগাওঁ।
অৰুণ কোঁৱৰ
সম্পাদক-সমলয়
০১/০৪/২০২৬
