ৰশ্মি ৰেখা শইকীয়া ভূঞা
ব’হাগ মাথো এটি ঋতু নহয়
নহয় ব’হাগ এটি মাহ,,,,,,,ড° ভূপেন হাজৰিকা।
প্ৰত্যেকজন অসমীয়াৰ সিৰাই-সিৰাই প্ৰৱাহিত হৈ থকা এজাক পছোৱা বতাহৰ নাম ব’হাগ। মহিমাৰে আগুৰি থকা অসমীয়া জাতিৰ প্ৰাণৰো প্ৰাণৰ গানৰো গানৰ হিয়াৰ আমঠু ব’হাগ। আমাৰ হৃদয়ৰ ধ্বনিৰেই অন্য এক নাম ব’হাগ ।ই দিয়ে আমাক বিশ্ব মঞ্চত আত্মগৌৰৱ সহকাৰে থিয় দিয়াৰ সাহস। অসমীয়া জাতিৰ জন্মলগ্নৰে পৰা বৰ্তমানৰ একবিংশ শতাব্দীলৈকে জাতিটোৰ এক বিশ্ব মণ্ডিত হৈ থকা বিহুটিৰ আগমনৰ লগে লগে আমাৰ দেহা মন উতলি উঠে। কুলিৰ মধুৰ মাতে, আম-কঁঠালৰ সুবাস আৰু গছ-বনৰ কুঁহিপাতে শিশুৰ মনত আনন্দ, ডেকা-গাভৰুৰ দেহত যৌৱনৰ বলীয়া বান আৰু বৃদ্ধসকলৰ মনতো প্ৰাণ শক্তি জগাই তোলে। ৰাতিৰ আন্ধাৰ ফালি আহে সকলোৰে হিয়া উজ্বলাই তোলা ঢেঁকীশালৰ শব্দ, গৰজি উঠে ঢোল, পেঁপা, গগনা। সকলোৰে দেহা সাতখন আঠখন হৈ পৰে । বৃদ্ধাইও নাচে বিহু গীতৰ লহৰে লহৰে। চিৰা, সান্দহ, পিঠা, জলপান, খাই সকলোৱে। প্ৰিয়জনৰ বিহুৱান,সৰুৰ শ্ৰদ্ধা, জেষ্ঠৰ মৰমেৰে উৎফুল্লিত হৈ উঠে সকলো। বিশ্বায়নৰ এই যুগতো যে আমি আমাৰ বাপতি সাহোন সাংস্কৃতিৰে ভৰা বিহুটিক হিয়াৰ উমেৰে জীপাল কৰি আহিছোঁ সেয়া নিশ্চয়কৈ গৌৰৱৰ কথা। কিন্তু এই কথাও আমি অস্বীকাৰ কৰিব নোৱাৰোঁ যে পৰিৱৰ্তনৰ কালছোৱাত বিহুটিৰ ৰূপো বহুল পৰিমাণেই সলনি হৈছে। অতীতৰ গছৰ তলৰ বিহু আজি মঞ্চত উঠিলহি। ঘৰে ঘৰে গোৱা হুঁচৰিৰ ৰীতিও অসমৰ বহু ঠাইতে মৃতপ্ৰায় বুলি ক’লেও ভুল কোৱা নহ’ব। গোলকীকৰণৰ ধুমুহাই হওঁক বা নৱ প্ৰজন্মৰ মানসিকতাৰ পৰিৱৰ্তনৰ ফলতেই হওঁক বিহুৰ কিছুমান পৰিৱৰ্তনক কেতিয়াও জাতিটোৰ বাবে শুভ বুলি ক'ব নোৱাৰি। হাবিৰ তলৰ বিহুক ৰাজকীয় মৰ্যদা দিয়াৰ ক্ষেত্ৰত আহোম স্বৰ্গদেউসকলৰ বিশেষ ভূমিকা অনস্বীকাৰ্য। চুতীয়া ৰজাসকলৰো বিহুৰ পৃষ্ঠপোষকতাৰ কথা সৰ্বজনবিদিত। ইতিহাসে স্বৰ্গদেউ ৰুদ্ৰ সিংহদেৱৰ কলা-সংস্কৃতিৰ কথা আমাক কয়। তেখেতৰ প্ৰচেষ্টাত বিহুৰ হুঁচৰিয়ে ৰং ঘৰৰ বাকৰিত স্থান পাইছিল। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ নামো এইক্ষেত্ৰত প্ৰণিধানযোগ্য। বিহুগীতৰ কিছুমান কলিয়ে স্বৰ্গদেউসকলৰ বিহু প্ৰীতিৰ উমান দিয়ে,,,,,
“স্বৰ্গদেউ উলালে বাটচ’ৰাৰ মুখলে
দোলীয়াই পাতিলে দোলা,,,,,,,,,,
স্বৰ্গদেউসকলৰ আন্তৰিক সহায় সহযোগিতাত বিহুৱে ফুলে-ফলে জাতিষ্কাৰ হৈ উঠিব খোজোঁতেই মানৰ আক্ৰমণে অসমৰ স্বাধীনতাৰ বেলি গ্ৰাস কৰি পেলালে। মানৰ আক্ৰমণ আৰু পিছত ব্ৰিটিছৰ ওচৰত পৰাধীনতা- এই সকলোবোৰে মিলি বিহু-সংস্কৃতিক নিজৰ স্বকীয়তাৰ পৰা ভ্ৰষ্ট কৰিবলৈ প্ৰচেষ্টা চলায়। ব্ৰিটিছ শাসনৰ কালত যিসকল অসমীয়াই আধুনিক পাশ্চাত্য শিক্ষাৰ পোহৰ লাভ কৰিলে তেওঁলোকৰ বহুতেই আকৌ বিহুক অশিক্ষিত-অসভ্যৰ সংস্কৃতি বুলি ক’বলৈকো কুণ্ঠাবোধ নকৰিলে। তথাকথিত শিক্ষিতসকলৰ অৱস্থা কাউৰী সদৃশ হৈ উঠিল। মুঠৰ ওপৰত ক’বলৈ গ’লে ১৮২৬ ৰ পাছৰ কালছোৱাত অসমৰ সংস্কৃতি নিজৰেই এচামৰ হাতত লাঞ্ছিত হ’ব লগা হৈছিল। কিন্তু তেনে সময়তো ৰজনীকান্ত বৰদলৈ, লক্ষ্মীনাথ বেজবৰুৱা আদিৰ দৰে ব্যক্তি সকলে বিহুৰ মৰ্যদাক বিলীন হৈ যাব নিদিলে। ৰজনীকান্ত বৰদলৈয়ে তেখেতৰ উপন্যাস ‘মিৰি জীয়ৰী’ত বিহুক ‘বাপতি সাহোন’ আখ্যা দিয়ে আৰু অসমৰ জাতীয় উৎসৱ বুলি মন্তব্য কৰে। গণেশ চন্দ্ৰ হাজৰিকাদেৱে ‘বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ’ নামৰ এখন গ্ৰন্থ প্ৰকাশ কৰি বিহুৰ এক সবিশেষ বৰ্ণনা দাঙি ধৰে। ঢেকীয়াল ফুকনৰ দৰে প্ৰভাৱশালী ব্যক্তিয়ে বিহুক নিন্দা কৰাৰ সময়ত গ্ৰন্থৰ প্ৰকাশ বহুতেই উল্লেখযোগ্য ঘটনা আছিল।
এনেদৰেই নানান সংঘাটৰ মাজেৰে খোজ দি সঁচা অসমীয়াৰ মৰমৰ কোলাত বিহুৱে মঞ্চৰূপ পাইহি। বিভিন্ন বিতৰ্ক বা মতভেদ থাকিলেও জনা মতে ১৯৩৪ চনত গোলাঘাটত আনুষ্ঠানিকভাৱে প্ৰথম মানুহ বিহু পতা হয়। তাৰপিছত আকৌ ১৯৩৫ চনত দেৰগাঁৱত বাপুজী মন্দিৰত বিহু সন্মিলন অনুষ্ঠিত হয়। প্ৰেমধৰ চলিহাৰ মতে প্ৰথম আনুষ্ঠানিক বিহু সন্মিলন হৈছিল ১৯৪১ চনত শিৱসাগৰৰ নাট্য মন্দিৰত ।সভাপতি আছিল বিহগী কবি ৰঘুনাথ চৌধাৰীৰ । পাছলৈ অসমৰ সিংহপুৰুষ ৰাধাগোৱিন্দ বৰুৱাৰ উদ্যোগত গুৱাহাটীৰ লতাশিল পথাৰত ব্যাপক আয়োজনেৰে বিহু মেলা পতা হয়। এনেদৰেই মহেশ্বৰ নেওগ, ৰাধাগোৱিন্দ বৰুৱা, প্ৰেমধৰ চলিহাৰ দৰে জাতীয়তাবাদী অসমীয়াৰ প্ৰচেষ্টাত বিহুৱে আজিৰ নতুন ৰূপ পাইছেহি। এইক্ষেত্ৰত হেমাংগ বিশ্বাসদেৱৰ অৱদানো উল্লেখযোগ্য। বিখ্যাত ঢুলীয়া মঘাই ওজাকো তেখেতেই ৰাইজৰ সন্মুখত তুলি ধৰে।
মঞ্চ বিহুতো লাহে লাহে নতুন নতুন সংযোজন ঘটি থাকিল। হুঁচৰি প্ৰতিযোগিতা, বিহু কুঁৱৰী, মৌ কুঁৱৰী, ঢোলবাদন, পেঁপাবাদন আদি নানান প্ৰতিযোগিতাৰ মাধ্যমেৰে বিহুক জনপ্ৰিয় কৰাৰ প্ৰচেষ্টা চলোৱা হ’ল। আজিও সেইবোৰ চলিয়েই আছে। বৰ্তমান বিহুক বৈদ্যুতিক মাধ্যমেৰে পৰিৱেশন কৰাৰ যাত্ৰাও আৰম্ভ হৈছে। আজি আমাৰ বিহু গৈ বিশ্বৰ আটাইতকৈ মহত্বপূৰ্ণ সমাৰোহ লণ্ডন অলিম্পিকতো স্থান লভিছে। তথাপিও সকলোৰে মনত এটা সন্দেহ নিশ্চয়কৈ আছে যে বিহুৰ এই বিৱৰ্তনে ভৱিষ্যতে কেনেকুৱা ৰুপ ল’বগৈ? বিহুৰ মঞ্চ আগমনৰ পাছত ইয়াৰ বাণিজ্যিককৰণৰ অভিযোগক প্ৰত্যাখান কৰিব নোৱাৰি। সাংস্কৃতিক নিশাৰ আয়োজন কৰি শিল্পী আমন্ত্ৰণৰ নামত লাখ লাখ টকাৰ যি বেপাৰ চলে সেয়া আমাৰ কাৰো অবিদিত নহয়। তাৰোপৰি বিহু মেলাৰ সময়ত এচাম উচ্ছৃংখল যুৱকে মদ খাই বলিয়ালি কৰা ঘটনা বৰ্তমান ভাতৰ লগত পানী খোৱাৰ দৰেই হৈ পৰিছে। ঘৰে ঘৰে গৈ হুঁচৰি গোৱাৰ যি মহান সাংস্কৃতিক পৰম্পৰা আছিল তাকো আজি ঘূণে ধৰিছে । মোটা অংকৰ মাননিৰ লোভত ধনীৰ ঘৰত বিহু পৰিৱেশন কৰি দুখীয়াৰ ঘৰত পদ-ধুলি নিদিয়াতো অতি লজ্জাজনক আৰু জাতিটোৰ বাবে অতি মাৰাত্মক। আকৌ বিহু মেলা পতাৰ নামত বাটে-পথে চান্দা তুলি, ঠাই অনুসৰি অধিক ধন দাবী কৰা এক অপসংস্কৃতিও গঢ়ি উঠা দেখা গৈছে। বিহুসুৰীয়া গীতৰ এলবামবোৰে মূল সুঁতিৰ পৰা বৰ্তমান ফালৰি কাটি গৈছে। প্ৰতিখন গাঁৱতেই আৰু প্ৰতিখন নগৰতেই বিহু মেলা পতাটো এক ফেশ্বনত পৰিণত হৈছে। কেতিয়াবা অনুভৱ হয় যে প্ৰত্যেকেই এনে প্ৰতিযোগিতাত নামি পৰিছে কোনে কিমান ডাঙৰকৈ মেলা পাতিব পাৰে, কোনে বেছি টকাৰ পুৰস্কাৰ ৰাখিব পাৰে, কোনে আটাইতকৈ বেছি দামী শিল্পীক মাতিব পাৰে, কাৰ মণ্ডপ আটাইতকৈ জাকজমক হয়। এনেকুৱা ধামখুমীয়াৰ মাজত যে বিহুৰ প্ৰকৃত মূল্য নিৰ্ধাৰণ হোৱা নাই সেয়া আমি সকলোৱেই পাহৰি গৈছোঁ। আমি পাহৰি গৈছোঁ বিহু মানে যে অকল দামী শিল্পীৰ গান নহয়, গাভৰুৰ ফেচনৰ নৃত্য নহয়। এনেকুৱা অৱস্থা যদি থাকে তেন্তে হয়তো ভৱিষ্যতে বিহুৰ অস্তিস্ব নাইকিয়া হৈ যাব। যিদিনাই বিহু শেষ হ’ব সেইদিনাই অসমীয়া জাতিও চিৰদিনৰ বাবে নিশেষ হৈ পৰিব। এয়া আমাৰ প্ৰত্যেকৰে দায়িত্ব আৰু কৰ্তব্য যে আমি আমাৰ সংস্কৃতিক ৰক্ষা কৰিবলৈ প্ৰচেষ্টা চলোৱা উচিত। অকল ব’হাগৰ সময়ত বিহুগীত বা বিহুনাচক প্ৰাধান্য দি বছৰৰ বাকী গোটেই সময়ছোৱা যদি আমি আমাৰ সংস্কৃতিক আওকাণ কৰি বিদেশী সংস্কৃতিত নিজকে ডোবাই ৰাখোঁ তেন্তে এদিন আমাৰ অৱস্থা পানীত হাঁহ নচৰা হৈ উঠিব আৰু নিজৰেই মাটিত বিদেশীৰ কবলত নিশা কটাব লাগিব। সেয়ে আহক এই বিহুৰ বতৰত আমি লওঁ আমাৰ সংস্কৃতিক জাকত-জিলিকা কৰি গোটেই বিশ্ববাসীকে চমকিত কৰাৰ জয়ৰ গান।
