Type Here to Get Search Results !

বিশ্বায়ন আৰু বিহুৰ কৃষিভিত্তিক পৰম্পৰা

 

ৰঞ্জিত চুতীয়া
                             ৰজাধাপ, সোণাৰি
                              ডাকঃ- সোণাৰি
                             জিলাঃ- চৰাইদেউ
                             পিন-৭৮৫৬৯০
 


                    অসমীয়াৰ আয়ুস ৰেখা,অসমীয়াৰ স্বাভিমান হ'ল বিহু। মূলতঃ কৃষিভিত্তিক উৎসৱ বিহুৰ লগত জড়িত হৈ আছে নানান পৰম্পৰা, লোকাচাৰ ইত্যাদি। ই অতীজৰে পৰা পুৰুষানুক্ৰমে চলি আহিছে। বিহু হ'ল কৰ্ম সংস্কৃতিক জীয়াই ৰখা উৎসৱ। প্ৰতিটো বিহুৱে মাজৰ সময়খিনি ভিন্ন ধৰণৰ কৃষি কৰ্ম মাজেৰে পাৰ হয়। তেনে কৰ্মৰ পাছতে বিহু। অথাৎ বিহুৱে মানুহক কৰ্ম ব্যস্ততাৰ পৰা আহৰি দি কিছু আনন্দ প্ৰদান কৰে, আনহাতে ইয়াৰ পিছতে পুনৰ কৰ্ম ক্ষেত্ৰত ব্ৰতী হ'বলৈ উচাহ যোগায়।
                 পৰিৱৰ্তিত সময়ে সংস্কৃতিলৈ নতুন সোঁত, নতুন উপাদান আনে। কিছু নিয়ম লোপ পায়,কিছুমান ন'কৈ সংযোজিত হয়। এনেদৰেই সময়ৰ  সোঁতত ন'ৰূপ লৈ বিহুৱে আজিৰ অৱস্থা পাইছেহি। সংস্কৃতিয়ে সামৰি লয় নৃত্য-গীত, আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, জীৱন ধাৰণৰ  প্ৰণালী ইত্যাদি। বৰ্তমান বিশ্বায়নৰ যুগত যোগাযোগ ব্যৱস্থা আৰু আন আন ক্ষেত্ৰত মানৱ জাতি অধিক আগবাঢ়ি যোৱাত পৃথিবীৰ এটা মেৰুৰ পৰা আনটো মেৰুৰ দূৰত্ব হ্ৰাস পাইছে। পৃথিৱীখন যোগাযোগৰ ফালৰ পৰা এক ক্ষূদ্ৰ অঞ্চলত পৰিণত হৈছে। ফলত এটা অঞ্চলৰ কলা, সংস্কৃতি আন আন অঞ্চলৰ সংস্কৃতিৰ সংস্পৰ্শলৈ আহিছে আৰু প্ৰভাৱাম্বিত হৈছে। বিশ্বায়নৰ এই প্ৰভাৱে সমাজৰ সকলো দিশ চুই গৈছে। আমাৰ বাপতি সাহোন বিহু কেইটিকো।
                     বিশ্বায়নৰ যুগত অসমৰ জাতীয় উৎসৱ বিহুৱে স্থানীয় পৰিসীমা অতিক্ৰম কৰি বিশ্বজুৰি প্ৰসাৰিত হৈছে। য'ত প্ৰবাসী আসমীয়াসকলে নিজা শিপা ধৰি ৰাখিবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তত বিহু উলহ-মালহে পালন কৰে। ডিজিটেল প্ৰযুক্তি আৰু সামাজিক মাধ্যমৰ জৰিয়তে বিহু বিশ্বৰ ভিন্ন প্ৰান্তলৈ বিয়পি পৰিছে। ই বিহুৰ বাণিজ্যিকীকৰণ আৰু আধুনিকীকৰণ ঘটাইছে, যাৰ ফলত মঞ্চ অনুষ্ঠানত জনপ্ৰিয়তা বাঢ়িছে। গাঁৱৰ মুকলি পথাৰৰ পৰা আহি বিহুৱে মঞ্চত খোজ দিছে, য'ত বাণিজ্যিকীকৰণ দিশটো বেছি প্ৰাধান্য পায়। অৱশ্যে ই বিহুৰ মূল কৃষিভিত্তিক পৰম্পৰা আৰু স্বকীয়তা ৰক্ষাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰো সৃষ্টি কৰিছে। বিহুক মঞ্চত অধিক আকৰ্ষণীয় কৰিবলৈ গৈ বিহুৰ মূল গাঁথনি আৰু সামাজিক লোকাচাৰবোৰ হেৰাই যাব ধৰিছে। আধুনিকীকৰণৰ ফলত বিহুৰ স্বাভাৱিক আনন্দ আৰু গাঁৱলীয়া পৰিৱেশৰ যি নিভাঁজ মাদকতা, সেয়া ক্ৰমশঃ হ্ৰাস পাইছে। বিশ্বায়নে বিহুক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিলেও ইয়াৰ মূল সাংস্কৃতিক অস্তিত্ব আৰু পৰম্পৰাগত ৰূপটোত কিছু নেতিবাচক প্ৰভাৱ পেলাইছে।
                     প্ৰথমে মঞ্চলৈ বিহু অহাৰ পাছত ইয়াৰ জনপ্ৰিয়তা বহুত বৃদ্ধি পাইছিল আৰু অসমীয়াৰ মাজত এক নৱ চেতনা গঢ় লৈ উঠিছিল। কিন্তু লাহে লাহে কিছুমান সমস্যাই ইয়াত গা কৰি উঠিবলৈ ধৰিলে। সময় যোৱাৰ লগে লগে বিহু মঞ্চই জাক-জমকতাৰ ফালে গতি কৰিলে আৰু টকাৰ প্ৰয়োজন হোৱাত স্বেচ্ছাই দিয়া দান বৰঙনিৰ পৰিৱৰ্তে জোৰ-জবৰদস্তি কৰি টকা আদায় কৰা কাৰ্য ক্ৰমশঃ বৃদ্ধি পালে। তদুপৰি বিহু মঞ্চত লাহে লাহে পশ্চিমীয়া সংস্কৃতিয়ে প্ৰাধান্য পোৱাৰ লগে লগে কিছু ক্ষেত্ৰত বিহু নৃত্য এলাগি হ'ব ধৰিলে। আনহাতে বহু টকাৰে অসমীয়া নজনা শিল্পীক গীত গাবলৈ আমন্ত্ৰন কৰি সংগীতানুষ্ঠান আয়োজন কৰাত বিহু মঞ্চৰ গৌৰৱ ম্লান হ'বলৈ ধৰিলে।
                   সংস্কৃতি বোৱতী নৈ, ই সত্য। নৈৰ পানী বৈ যায়, কিন্তু পানীৰ বৰণ সলনি নহয়। ই এঠাইৰ পৰা আন ঠাইলৈ গতি কৰে। তেনেদৰে সংস্কৃতিও এঠাইৰ পৰা আন ঠাইলৈ প্ৰবাহিত হয়। কিন্তু সংস্কৃতিৰ মূল ধৰ্ম একেই থাকিব লাগিব। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কৈছিল, "সংস্কৃতিৰ গতিপথ দেশী-বিদেশী যিবোৰ সাংস্কৃতিক সম্পদ লগ পোৱা যায় সেইবোৰ গ্ৰহণ কৰোঁতে সদায় নিজৰ জাতীয় ৰূপত সজাই পৰাই ল'লেহে সংস্কৃতি গতিধৰ্মী হয়। এনে সংস্কৃতিৰ গতিধৰ্মীতাই ভৱিষ্যতৰ সংস্কৃতিৰো বাট মুকিল কৰি ৰখাৰ লগতে বাটতো বহল আৰু ওখও কৰে।"
                 বিশ্বায়নে গ্ৰাস কৰা বিহুক বিশুদ্ধ ৰূপত ধৰি ৰখাটো আমাৰ জাতীয় কৰ্তব্য আৰু দায়িত্ব। অৱশ্যে এটা প্ৰশ্ন আমাৰ মনত উদয় হয় যে বিহুৰ বিশুদ্ধ ৰূপ কোনটো ? বিহু উৎসৱ সৃষ্টিৰ সময়ত থকা ৰূপটো জানো এতিয়া আছে ? সংস্কৃতি গতিশীল। সময়ৰ লগে লগে ই ন'ৰূপ পৰিগ্ৰহণ কৰে। কিছু নতুন নতুন ৰীতি-নীতি অন্তভূক্ত হ'লেও বিহু মূল অংগবোৰ একেই থাকে আৰু সেয়াই হ'ল বিহুৰ বিশুদ্ধ ৰূপ। সেইবোৰক কেন্দ্ৰ কৰিয়ে বিহু জীয়াই থাকিব আৰু আমি তাক চিৰদিনলৈ ধৰি ৰাখিবলৈ প্ৰয়াস কৰিব লাগিব। বিশ্বায়নে বিহুলৈ অনা প্ৰত্যাহ্বানবোৰ আঁতৰ কৰিবলৈ আমি জাতীয় চেতনাবোধ জগাই তুলিব লাগিব। হেমাংগ বিশ্বাসদেৱৰ ভাষাত - "অপসংস্কৃতিৰ বিৰুদ্ধে কেৱল মাথোন চিঞৰ-বাখৰ কৰি থাকিলে একো নহ'ব। গণ সংস্কৃতিৰ দ্বাৰা তাৰ মোকাবিলা কৰিব লাগিব।"
                 বিহুলৈ অহা সমস্যাবোৰ আঁতৰাবলৈ সুদূৰপ্ৰসাৰী পদক্ষেপ গ্ৰহণ কৰিব লাগিব। বিহুক জীয়াই ৰাখিবলৈ আমি একত্ৰিত হৈ পৰিশ্ৰম কৰিব লাগিব। এলাহ পৰিহাৰ কৰিব লাগিব আমাৰ জাতীয় জীৱনৰ পৰা। অন্যথা অন্ধকাৰ আমাৰ স্বকীয় সংস্কৃতিৰ ভৱিষ্যত। গীতৰ ভাষাৰে - অসমৰ ৰাইজে নিজক পাহৰিলে ভোগালীতো ৰ্দুভোগ পাব, আৰু বাপতি সাহোন সেই ৰঙালী বিহুটিও কঙালীত পৰিণত হ'ব।