Type Here to Get Search Results !

আহোম সকলৰ বন শাকৰ ব্যৱহাৰ আৰু খাদ্য পৰম্পৰাত এভুমুকি

 

দীপজ্যোতি বৰগোহাঞি (মাদুৰি )

আহোম সকলৰ খাদ্য সম্ভাৰ বুলিলে সাধাৰণতে বহু কথাই মনলৈ আহে ৷বিভিন্ন শাক -পাচলিৰ বাহিৰেও আহোম সকলে বহুত গছ আৰু লতা আঞ্জা হিচাপে ব্যৱহাৰ কৰে,৷যেনে চেংমৰা (ফাক-ছিঙ-নাম) ;ফাক্-কি কাই নেফাফু )ব্ৰাই -কং (বেতগাঁজ )ফাক -কং )মেচাকি (ফাক -কং -চাং (মেজেঙা (ফাক-ছুম -ৰাও (মধুসোলেং (ফাক-ছুম-ৰাওঁ )লৰ বৰুৱা(ফাক -কাও লাং লিতৰকচি তিতাকচি (ফাক-ভেট )কপৌলতা (ফাক-কুট থাও নুক (টংলতি (ব্লক ঞা নাঙ আদি খাদ্য হিচাবে খোৱাৰ উপৰিও ধৰ্মীয় কামত ব্যৱহাৰ কৰে । সেয়ে আহোম অভিধানত অনেক বনৰীয়া শাকৰ নাম পোবা যায় ৷আহোম সকলে খাদ্য তালিকাত  দৈনন্দিন জীৱনত বহু বনৰীয়া শাকৰ ব্যৱহাৰ কৰাৰ কথা বুৰঞ্জীত উল্লেখ পোৱা যায় ৷উদাহৰণ স্বৰূপে বহাগবিহুৰ দিনা এশ এবিধ বনশাক ভাজি খালে গোটেই বছৰটোৰ বাবে বেমাৰ আজাৰৰ পৰা হাত সাৰি থাকিব পাৰি বুলি লোকবিশ্বাসে কয়। বনশাক সমুহৰ কিছুমান কেঁচাই আৰু  কিচুমান সিজাই আৰু কিছুমান পাতত দি খোৱা হয় । 
আহোম সকলৰ শুকান মাছ আন এক প্ৰিয় খাদ্য ৷মাছ জুইতহে শুকুৱাই ৰ’দত নহয় ৷মাছ শুকুৱাওতে বহু আহোম লোকে আজিও লোহাৰ চালনীত বিহলঙনী দিয়ে ৷বিহলঙনীয়ে বীজাণুনাশকৰ কাম কৰে । শুকান মাছৰ পৰা হুকতি মাছ প্ৰস্তুত কৰাটো স্বকীয় পৰম্পৰা ৷মাছ খুন্দুতে কলা কচুৰ ঠাৰি মিহলাই দিয়াটো অন্যএক পৰম্পৰা ৷এনেদৰে মাছ খুন্দি বাঁহৰ চুঙাত সোমুৱাই দিনচেৰেক ধোঁৱাচাঙত ৰখাৰ পাছতহে হুকতি  খোৱাৰ উপযোগী হয় ৷
আহোম সকলে খোৱাত বাচ বিচাৰ কৰা নাছিল ৷হাঁহ কুকুৰা গাহৰি মাংস মাছ-কাছ কেকোঁৰা কুচীয়া জিলি চাকচন মুগালেটা সকলো খাইছিল ৷পৰবৰ্তী সময়তহে হিন্দু ধৰ্ম গ্ৰহণ কৰাত আহোমসকলৰ খাদ্য সম্ভাৰত কিছু পৰিবৰ্তন আহিল ৷ভাতৰ লগত মাটিমাহ কচু ঢেকীয়া খৰিছা আদি আঞ্জাৰ বহুলভাৱে ব্যৱহৃত হৈছিল ৷আহোম সকলে মাটিমাহ বৰালি মাছ ;হাঁহ মঙহ কোমোৰা বৰাচাউল (চেৱা দিয়া )সবাতোকৈ প্ৰিয় খাদ্য হিচাপে মান্যতা দিছিল ৷আলহী অতিথীক ঘৰৰে তেজাল হাঁহটোৰ মাংসৰে চেঁৱা দিয়া বৰা ভাত খোৱাবলৈ পালে সকলোৱে আনন্দ পাইছিল ৷মেটেকা মেচাকি মেজেঙা নেফাফু চেংমৰা বেতগাঁজ শিলকচু বাস আঁচোৰা নলটেঙা উৰিয়ামৰ কুঁহি ভেদাইলতা মচন্দৰী আদি বনৰীয়া গছৰ গছ বন লতা পাতো খাদ্য সম্ভাৰৰ ভিতৰত আছিল ৷ভাতৰ লগত খোবা এই খাদ্যই অজানিতে বনদৰবৰ কাম কৰিছিল ৷শুকান খৰিছা আৰু পকা খৰিছাৰ ব্যৱহাৰ অধিক আছিল । ফলমুল প্ৰচুৰ পৰিমাণে খাইছিল ৷আম কঠাল মধুৰী ৰবাবটেঙা বৰটেঙা চকলাটেঙা সুমথিৰা টেঙা বনপিঠা কোটকোৰা গুটি পনিয়ল লেটেকু নানা তৰহৰ ফল খাইছিল৷ মিৰি আলু গৰীয়া আলু চীনা আলু ৰ লগতে হাবিৰপৰা খান্দি অনা বহুতো বনৰীয়া আলু খাইছিল। তেলত ভজা বস্তুতকৈ পোৰা সিজোৱা ওহোৱা খৰিকাত দিয়া বেছি পছন্দ কৰিছিল আৰু সুস্বাদু আছিল ৷টেঙা খাৰ তিতা আদিৰ অনেক ব্যৱহাৰ আছিল ৷আজাকালি ৰ সৰহ ভাগ ফকৰা যোজনা আহোম ৰজাৰ দিনৰে ৷শোকোতা তিতাকচি ভেকুৰি নেফাফু আদি বেছিকৈ উপলব্ধ আছিল ৷স্বৰ্গদেউৱে নিযুক্তি দিয়া চাংমাইয়ে ৰজাক খাদ্যৰ জুতিৰে সন্তুষ্ট কৰিব পৰাকৈ নতুন নতুন
ব্যঞ্জনৰে জুতিৰ সৃষ্টি কৰিবলৈ চাংমায়ে আপ্ৰাণ চেষ্টা কৰিছিল ৷লাই- মেকুৰীয়ে জুতিৰ সোৱাদ আগেয়ে লৈছিল তাৰ পাছতহে স্বৰ্গদেউৰ আগত খাদ্যৰ থালি দিয়া হৈছিল খাদ্যৰ জুতি বেয়া হলে লাই মেকুৰীয়ে জবাব দিব লাগিছিল ৷দৰিকে -বেঙেনাই হাঁহে-বাঁহে (বাঁহ -গাঁজ)শ’লে -মুলাই ৰৌৱে -পুৰৈৱে ঢেকীয়া-পকা খৰিছা পকা তেতেলি, বুঢ়া বৰালি শ’ল -গৰৈ লফা শাক কাৱৈৱে- পালেঙে ,খাৰে -পচলাই ৷তাৰ উপৰিও মাছ পাতত দি পুৰি আৰু খৰিকা দি চুঙাত দি মঙহ খৰিকাত দি ভোটমলা সৰু টেঙেচি মানিমুনি পাতত দি লোণ তেল সানি খাইছিল ৷
আহোম সকলৰ মাজত ফুল ভাজি খোৱাটো অতি জনপ্ৰিয় আছিল আজিও আছে ৷তিতাফুল ;ৰঙালাও ফুল বকফুল চজিনা কলডিল তিতাফুল আজিও আহোম সকলৰ অতিপ্ৰিয় খাদ্য সম্ভাৰৰ অন্যতম (সহায় লৈ )