ৰেণু গোৱালা
অধ্যক্ষ
চকীমুখ উচ্চত্বৰ মাধ্যমিক বিদ্যালয়
বৃত্তিমুখী শিক্ষা হৈছে এনে এক শিক্ষা যি ছাত্র-ছাত্রীক কোনো নির্দিষ্ট বৃত্তি বা কর্মসংস্থাপনৰ বাবে প্রয়োজনীয় ব্যৱহাৰিক দক্ষতা আৰু জ্ঞান প্ৰদান কৰে। প্ৰযুক্তিগত জ্ঞান, হাতে কলমে কাম কৰাৰ বাবে কৌশল আৰু ব্যৱসায়িক দক্ষতা শিকাই ছাত্র-ছাত্রীক সামাজিক আৰু আৰ্থিক জীৱনৰ বাবে প্ৰস্তুত কৰে। চাহ বাগিছাৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত গঢ় দিয়াত বৃত্তিমুখী শিক্ষা অত্যন্ত প্রয়োজন আৰু বৃত্তিমুখী শিক্ষা লাভ কৰিবলৈ কেৰিয়াৰ কাউন্সেলিঙৰ প্ৰয়োজন আছে। বাগিছাৰ বহু ছাত্ৰ-ছাত্ৰীয়ে উচ্চশিক্ষা লাভ কৰি শিক্ষাৰ হাৰ উন্নত কৰিছে, কিন্তু চৰকাৰী বা কোম্পানী চাকৰি লাভ কৰাত যোগ্য বুলি বিবেচিত হোৱা সংখ্যা তেনেই কম। বর্তমান ২০২৫ চনত চৰকাৰে ৩% আসন সংৰক্ষণ কৰাৰ পাছতহে কিছুসংখ্যক যুৱক-যুৱতীয়েহে চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি পোৱা দেখা গৈছে। বাগিছাৰ গৰিষ্ঠ সংখ্যক ছাত্র-ছাত্রীয়ে দশম বা দ্বাদশ শ্ৰেণীৰ পৰা বিদ্যালয় ত্যাগ কৰে। বিভিন্ন কাৰণত তেওঁলোকে বিদ্যালয় এৰাৰ পাছত শ্রমিক হিচাপে নিয়োজিত হয়। কেৰিয়াৰ কাউন্সেলিঙৰ জ্ঞান নথকাৰ বাবে তেওঁলোকে যিকোনো বৃত্তিত কৰ্মচাৰী হিচাপে নিয়োগ লাভ নকৰে। এনেয়ে দিন-হাজিৰা বা বাগিছাৰ শ্ৰমিক হিচাপে কাম কৰি থাকে। এনে ক্ষেত্ৰত তেওঁলোকে 10 পাছ বা 10+2 পাছ কৰাৰ পাছত বহু চাকৰিত যোগদান কৰি Employed হিচাপে জীৱন নিৰ্বাহ কৰিব পাৰে এইকথা কাউন্সেলিঙৰ পৰাহে জানিব পাৰে। বর্তমান স্কুল পৰ্য্যায়ত NEP 2020 ত Career Counselling ৰ শিক্ষা দিয়া হয় আৰু ইয়াৰ নির্দিষ্ট পাঠ্যক্রম আছে। একোজন শিক্ষকক Train কৰি শ্ৰেণী বিলাকত পঢ়াবলৈ দিয়া হয়। ইয়াৰ বাবে Guidance Table Book চাৰিখন ডাঙৰ Volumeৰ কিতাপ দিয়া হৈছে। ইয়াত 8 Pass, 10 Pass আৰু 10+2 Pass কৰাৰ পাছত লগতে Degree লাভ কৰাৰ পাছত কি কি পঢ়িব পাৰে আৰু এই বৃত্তিমুখী শিক্ষা গ্রহণ কৰি কেনেধৰণৰ চাকৰি কৰিব পাৰি ক'ত পঢ়িব পাৰি, পঢ়ি কি কি Departmentত চাকৰি কৰি Employed হ'ব পাৰি লিখা আছে। Stem Careers Volume 1 and 2, Arts, Media and Entertainment ত সুন্দৰকৈ দিয়া আছে। ইয়াৰোপৰি বিদ্যালয়বোৰত IX, X, XI, XIIত একোটা Vocational Trade Subject ল'ব পাৰে। XI, XII ত এই বিষয় বাধ্যতামূলক। NEP 2020ত NSQF অর্থাৎ National Skills Qualification Framework ইয়াৰ দ্বাৰা কম খৰচত কম সময়ত একোজন ছাত্র-ছাত্রীয়ে বৃত্তিমূলক শিক্ষা গ্রহণ কৰি বিভিন্ন বিভাগত Employed হ'ব পাৰে। এইবিলাকৰ ভিতৰত IT (Information Technology, Food Processing, Agriculture, Healthcare, Retail, Automotive, Beautician, Tourism & Hospitality, Power, Apparel ইত্যাদি HS আৰু HSS স্কুলত দিয়া হয়। ছাত্র-ছাত্রীসকলে যিকোনো বিষয়ত অধ্যয়ন কৰি নিযুক্তি লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰোপৰি ২০২৩-২৪ বৰ্ষত IX, X, XI, XIIৰ ছাত্ৰত্র-ছাত্রীক কেৰিয়াৰ বৃক্ষ নামৰ এখন সুন্দৰ ছাৰ্ট সমগ্ৰ শিক্ষাৰ পৰা দিয়া হৈছে। ইয়াতো দক্ষম শ্রেণী উত্তীণৰ পাছত ডিপ্লমা পাঠ্যক্রম অর্থাৎ বৃত্তিমুখী পাঠ্যক্ৰমৰ সময়সীমা আৰু Scholarshipৰ কথা দিয়া আছে। কলা/বৃত্তিমুখী পাঠ্যক্রম যেনে পৰিবেশ কলা, নৃত্য, নাটক, অভিনয়, কণ্ঠ, বাদ্য সংগীত, নাট্য ৰচনা,ফেছন ডিজাইনিং, ফ্লিম এণ্ড ভিডিঅ' সম্পাদনা ফটোগ্রাফী, হস্ততাত প্রযুক্তি, আচবাব প্রযুক্তি ইত্যাদি। এইবোৰ বহুতো ডিপ্লমা পাঠ্যক্ৰম কৰিব পাৰি। তেনেদৰে আই.টি.আই বহু পাঠ্যক্রম আছে কৰিব পাৰি। XII পাছ কৰা পাছতো অভিযান্ত্রিক প্রযুক্তিৰ লগতে স্বাস্থ্য বিজ্ঞান পেৰামেডিকেলৰ লগতে বহুতো ২-৩ বছৰীয়া পাঠ্যক্রম আছে। এনেদৰে কেৰিয়াৰ বৃক্ষত স্নাতক পাঠ্যক্ৰমৰ পাছত বহু পাঠ্যক্রম আছে যাৰ বাবে কাউন্সেলিঙৰ প্ৰয়োজন। বাগিছাৰ ছাত্ৰ-ছাত্ৰীৰ লগতে সকলো ছাত্ৰ-ছাত্ৰীকে দৰকাৰ। বৃত্তিমুখী শিক্ষাৰ Father Charles Allen Prosser ক কোৱা হয়। ২০ শতিকাত Frank Parson ক বৃত্তিমুখী শিক্ষাৰ Guidance বুলি কোৱা হয়। যিজনে Career Counseling পদ্ধতি উদ্ভাৱন কৰিছিল। The main objective of vocational guidance are to help individuals understand them selves/abilities, interest, values, explore career options, make informed decision about training, jobs develop employ ability skills and successfully enter adjust to the world of work, ultimately benefiting both the individual satisfaction grouth and society efficient manpower use productivity.
এইখিনিতে আমি Vocational Careers Vol 4 ত দিয়া কেইটামান Careers ৰ বিষয়ে উল্লেখ কৰিছো। যেনে যিকোনো ছাত্র-ছাত্রীয়ে 10 pass ৰ পাছত যদি Age 18 হয় তেনেহলে NSQF ত Airline, Airline Ground Support Equipment Operator Training হিচাপে কাম কৰিব পাৰে। 10+2 যি কোনো Stream Arts, Science, Commerce, Complete a Diploma Course কৰি Cargo Management কৰিব পাৰে। ঠিক একেদৰে Scienceত 12 Pass কৰিলে Medical Eng কৰিব পাৰে এই কথা সকলোৱে জানে। ইয়াৰ বাবে Entrass Exam দিব লাগে ই সকলোৰে জ্ঞাত। ৪ class pass কৰিও বহু বৃত্তিমূলক শিক্ষা আছে যিবোৰ Training কৰি Employed হিচাপে জীৱিকা উপাৰ্জন কৰিব পাৰে। যেনে NSQFৰ Underত Unarmed Security Guard কৰিব পাৰে। একেদৰে 10 pass কৰি Fitter, Electrical, Fitter Fabrication, Telling Mason, Ston Mason, 12 pass ৰ পাছত Retail Store এনেধৰণৰ বহু চাকৰি আছে। 10 pass ৰ পাছত NSQF Level 4ত Distributor Salesman Course আছে। ৪ pass Level-2 Stringing Beading Artisan Fashein Yewellery, Smartphone Repair Technician একেদৰে DTH Setup Box Installer After 10 CCTV Installation Technician আদি কৰিব পাৰে। After 8 Frameless glass doors/Window Installer ইত্যাদি। একেদৰে 10+2 pass কৰাৰ পাছত Fine Arts, Graphic Design, Media - Anchor, Art Director, Cartoonist Copy Edition, Producer, Game and Sportsত বহু বৃত্তিমূলক শিক্ষাৰ Course আছে কৰি Employed হ'ব পাৰে। Career Guidance Table Book Vol - 2ত আছে Government Service এই কথা প্রায় ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলে জানে যদিও নিলিখিলে সম্পূর্ণ নহ'ব। Complete Bachelors ৰ পাছত -
Indian Administrative Service (IAS)
Assam Civil Services (ACS) Indian Police (IPS) Assam Police (APS) Indian Foreign (IFS) লগতে Railway Engineers, Accounts, Traffic Service ইত্যাদি Deffenseত বহুতো চাকৰি ইতমধ্যে আমাৰ বাগিছাৰ বহু যুৱক-যুৱতীয়ে নিযুক্তি লাভ কৰিছে। একেদৰে Legal Lawyer, Public Policy Adviser ইত্যাদি আছে। Social Science পঢ়ি বহু বৃত্তিমূলক চাকৰি পাব পাৰি যেনে Historian, Archocologist, Librarian, Epigraphist, Demographee, Social Worker ইত্যাদি। Educator, Banking, Management, Post officer, Nurseingত বহু চাকৰি আমাৰ যুৱতী সকলে কৰি আছে এইয়া ভাল খবৰ। এনেধৰণৰ শিক্ষাৰ বাবে চৰকাৰে দিয়া Career Guidance এই Table Book চাৰিখন প্রত্যেক বিদ্যালয়ত আছে ছাত্র-ছাত্রীসকলে নিজে পঢ়া উচিত। বাগিছাৰ ছাত্র-ছাত্রী সকলে প্রায়ে ৪ বা 10 pass কৰাৰ পাছত পুনৰ বাগিছাত শ্রমিক হিচাপে কাম নকৰি এনেধৰণৰ Training বা Diploma Course কৰি Employed হিচাপে জীৱিকা নিৰ্বাহ কৰি সুন্দৰ জীৱন-যাপন কৰিব পাৰে। ইয়াৰ বাবে কাউন্সেলেঙিৰ যথেষ্ট প্রয়োজন আছে। বৃত্তিমুখী শিক্ষাৰ বাবে চৰকাৰে Shcolership দিয়ে আৰু কেনেধৰণৰ কোনটো Portelত Apply কৰিব পাৰে তাৰ সকলো তথ্য Books ত দিয়া আছে।
