ডেইজী চৌধুৰী
গুৱাহাটী
কোচ ৰাজবংশী জনগোষ্ঠী অসমৰ এক পূৰণি জনগোষ্ঠী। অসমৰ অন্যান্য উৎসৱ পাৰ্বণৰ সৈতে তেঁওলোকৰ উৎসৱসমূহ যথেষ্ট ওচৰচপা। অসমীয়াৰ প্ৰাণৰ ৰঙালী বিহুটো তেঁওলোকে পালন কৰে 'বিষুৱা' ৰূপে। কোচ ৰজা বিশু ওৰফে বিশ্ব সিংহৰ জন্ম তিথিৰ সৈতে বিষুৱা তিথি পালনৰ সম্পৰ্ক আছে। দোমাহীৰ দিনটোক কোচ ৰাজবংশীসকলে 'দোমাসী' বোলে। শব্দবোৰৰ বৰ বিশেষ পাৰ্থক্য নাই। দোমাহীৰ দিনা তেঁওলোকে পুৱাই উঠি 'বিষমাও' দিয়ে অৰ্থাৎ উক্ত দিনটোত পুৱাই উঠি বিহ ঢেঁকীয়া, কেতুৰী, ওজ্জৰৰ পাখা, দোৰণফুল, বিচকুটলি, মাখিয়তী, দীঘলতীৰ পাত একলগ কৰি মুঠি বান্ধি ঘৰৰ মূল দুৱাৰ, গোহালি, ভড়াল, ভগৱানৰ থানৰ চালত গুজি দিয়ে। বিষমাওত দিয়া এই মুঠিবোৰ ঔষধি গুণযুক্ত। ইয়াৰ দ্বাৰা ঘৰখনত অপশক্তিৰ প্ৰভাৱ নপৰে বুলি জনবিশ্বাস প্ৰচলিত। ইয়াৰ পিছত ঘৰৰ মূল গৃহিণীয়ে ঘৰৰ বিভিন্ন ঠাইত ওলোমাই দিয়া বিষমাওৰ পৰা তিতা কেঁহাৰ সংমিশ্ৰণৰ এক জুলীয়া পদাৰ্থ প্ৰস্তুত কৰি ঘৰৰ আটাইকে খাবলৈ দিয়ে। এই জুলীয়াকণে বছৰটোলৈ বেমাৰ আজাৰৰ পৰা হাত সৰাই ৰাখে বুলি তেঁওলোকে বিশ্বাস কৰে। ইয়াৰ পিছত ঘৰৰ গৰুবোৰক নদীলৈ নি গা ধুৱায় । কোচ ৰাজবংশী ভাষাত 'চুপকুৱা' মানে জুবুৰিয়াই দিয়া। অৰ্থাৎ ঘৰৰ গৰুবোৰক নৈত জুবুৰিয়াই তোলা প্ৰথাটোক গৰু চুপকুৱা বুলি কয়। গৰুবোৰক গা ধুৱাই উঠি বিভিন্ন খেল-ধেমালি কৰে। গধূলি গৰুবোৰক নতুন পঘা দিয়ে। বিচকুটলি, কানসিচা অৰ্থাৎ দোৰণ ফুল মিহলি কৰি গোহালি ধূনা দিয়ে। ইয়াক 'তুমক দেওৱা' বুলি কোৱা হয়। বিচনিৰে বিচি বিচি গৰুক ধূনা দিয়া পিছতহে মানুহে বিচনিৰে গা বিচা নিয়ম। ইয়াৰ পিছৰ পৰা সম্পূৰ্ণ সাত দিনলৈ তেঁওলোকে বিষুৱা পালন কৰে। সাত দিনলৈ পালন কৰে বাবে 'সাত বিষিমা তিথি' বুলিও কয়। বেজসকলে এই সময়ত ঔষধি গছৰ গুণ বৃদ্ধি হয় বাবে বছৰটোলৈ ঔষধি গছ যুগুতাই থয়। সাত দিনৰ বিষুৱাৰ দিনা তেঁওলোকে সাতবিধ শাক খায়। এই দিনটোক সাত শাকতি বোলে। শাকবোৰৰ ভিতৰত নল, জোঙা আৰু পুণ্ডি নামৰ পাচলি থকাটো বাধ্যতামূলক। আজিকালি এইবোৰ পাচলিৰ উৎপাদন কিছু কমি গৈছে যদিও কোচ ৰাজবংশীসকলে নিজৰ বাপতি-সাহন সাতবিহুত যৰে পৰাই নহওক জোঙা পুণ্ডি গোটাবৰ যত্ন কৰেই। সাত বিষমাৰ পিছদিনাৰ পৰাই আৰম্ভ হয় পাহাৰপুজা বা শ্ৰী শ্ৰী ৰাজাঠাকুৰেৰ পুজা। নামনি অসমৰ বঙাইগাঁও জিলাৰ বিভিন্ন ঠাইত পাহাৰৰ পুজা অনুষ্ঠিত হয়। পাহাৰৰ পুজা শেষ হোৱাৰ পিছতহে তেঁওলোকে কৃষি কাৰ্যত ব্যস্ত হয়। এনেদৰেই গৰু চুপকুৱা দোমাসীৰ পৰা আদি কৰি পাহাৰৰ পুজালৈকে কোচ ৰাজবংশী জনগোষ্ঠীয় লোকসকলে নিজ পৰম্পৰা অটুত ৰাখে।
