-ধীৰেন শইকীয়া
আহোম স্বৰ্গদেউৰ নিৰ্দেশত হাতী ধৰিব নোৱাৰাত গুৰুজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক নাপাই গুৰুজনাৰ জোৱায়েক হৰিক চাউদাঙে নিষ্ঠুৰভাৱে হত্যা কৰাৰ পিছত গুৰুজনাই ৰাজনৈতিক অস্থিৰতাৰ বাবে ভটিয়াই গৈ 1542 খ্ৰীষ্টাব্দত কোচ ৰাজ্যৰ অধীনৰ পাটবাউসীলৈ আহে। তাতেই তেওঁ বৰপেটাৰ ঐতিহাসিক পাটবাউসী সত্ৰ প্ৰতিষ্ঠা কৰিছিল। তেওঁ ইয়াত প্ৰায় ১৯ বছৰ (কোনোৱে কয় ১৮ বছৰ ৬ মাহ) কাল থাকি ধৰ্ম প্ৰচাৰ কৰাৰ লগতে বহুতো বৰগীত, অংকীয়া নাট আৰু শাস্ত্ৰ ৰচনা কৰিছিল। ড• সঞ্জীৱ কুমাৰ বৰকাকতীদেৱে লিখামতে পৰৱৰ্তীকালত চিলাৰায়ৰ বিয়া হয় কমলাপ্ৰিয়াৰ লগত। এয়া আছিল 1545 খ্ৰীষ্টাব্দৰ কথা। তাৰ পিছত চিলাৰায়ে কমলাপ্ৰিয়াৰ পিতৃ ৰামৰায়ক তিনিখন গাঁও দি কুঠী পাতি দিছিল। পিছলৈ চিলাৰায়ে শংকৰদেৱৰ পৰা শৰণ লোৱাৰ তথ্যও বৰ্ণাইছে ড• সঞ্জীৱ কুমাৰ বৰকাকতীদেৱে। এইসময়তে কেইবাজনো আতাপুৰষে গুৰুজনাত শৰন লৈছিল। পাটবাউসীৰ পৰাই 1550 খৃষ্টাব্দত গুৰুজনাই দ্বিতীয়বাৰৰ বাবে তীৰ্থ ভ্ৰমণলৈ যায়৷ তীৰ্থ ভ্ৰমণৰ পৰা উভতি আহি পুনৰ গুৰুজনাই পাটবাউসীলৈ আহিছিল। সেইসময়ত কোচ ৰজা নৰনাৰায়ণৰ ৰাজসভাত বহুতো কুটৰ্কী ব্ৰাহ্মন আছিল। তেওঁলোকে গুৰুজনাৰ বিষয়ে বহু কথা কোচৰজা নৰনাৰায়ণক লগাইছিল। নৰনাৰায়ণৰ কোচ ৰাজ্যত শাক্ত পৰম্পৰা আছিল বাবে গুৰুজনাৰ নাম কীৰ্তনেৰে জীৱই মুক্তি লভাৰ পদ্ধতিটো অধৰ্মী তথা বেদবিৰোধী কথা বুলি ব্ৰাহ্মণ সকলে নৰনাৰায়ণক লগাইছিল। আনকি শংকৰে এনে অনাচাৰী কামকাজহে ৰাজ্যখনত প্ৰচাৰ কৰি আছে বুলি নৰনাৰায়ণক গোচৰো দিছিল। ব্ৰাহ্মণৰ কথাত গুৰুজনাক গৰমালি পঠিয়াই ধৰাই অনাৰ হুকুম হ'ল যদিও গুৰুজনাই ধৰা নিদিলে। তেওঁ চিলাৰায়ৰ তাতেই থাকিল। গুৰুজনাক বিছাৰি কেইবাজনো শিষ্য ভকতক উৎপীড়ন কৰাত গুৰুজনাই নিজেই 1552 খৃষ্টাব্দত ৰাজসভাত মহাৰাজ নৰনাৰায়ণক লগ কৰিলেগৈ।গুৰুজনাই ৰাজদৰবাৰত প্ৰৱেশ কৰোতে সাতটা খাপৰ খটখটী বগাই উঠি যাওতে "মধু দানৱ দাৰণ" ভটিমাটো গাই ৰাজদৰবাৰত প্ৰৱেশ কৰিছিল। সেইসময়ত নদীয়াৰ পৰা কৱিচন্দ্ৰ নামৰ এজন পণ্ডিত নৰনাৰায়ণৰ ৰাজসভাত আছিল। তেওঁৰ শিষ্য সকলেও গুৰুজনাৰ লগত ৰাজভাত বিতৰ্কত ভাগ লৈছিল যদিও আটাইবোৰ বিষয়ৰ বিতৰ্কতে গুৰুজনাইহে জয়লাভ কৰিছিল। তেতিয়াই সুপ্ৰসন্ন হৈ ৰজা নৰনাৰায়ণে 'দগলা' চোলা এটি গুৰুজনালৈ আগবঢ়াইছিল। কেইবাগৰাকীও চৰিতকাৰে লিখামতে গুৰুজনাই কোচ ৰাজ্যত থকাৰ পৰাই ৰাজ্যখনত বিভিন্ন দিশত সংস্কাৰ হৈছিল। চক্ৰপানী বৈৰাগীয়ে নৰনাৰায়ণে গুৰুজনাক পণ্ডিতসকলৰ লগত বিতৰ্কত জয়লাভ কৰা বাবে পাঁচ টকা আৰু এজোৰ কাপোৰ দিয়াৰ উপহাৰ স্বৰূপে আগবঢ়োৱাৰ কথাও কৈছে। ড• সঞ্জীৱ কুমাৰ বৰকাকতীদেৱে পুনৰ লিখিছে "গুৰুজনাই যি নিষ্ঠা দেখুৱাইছিল সি নিশ্চয় কোচ ৰাজ্যৰ শাসন ব্যৱস্থাত প্ৰভাৱ পেলাইছিল।কেৱল প্ৰজাৰ প্ৰতিয়েই নহয় নৰনাৰায়ণৰ পশু পক্ষীৰ প্ৰতিও মহানুভৱতা আছিল। তেওঁ ৰাজ্যৰ বিভিন্ন স্থানত গৰু,ছাগলী, ভেড়া, কুকুৰ, মেকুৰী, চৰাই আদিৰ বাবে পশু চিকিৎসালয় প্ৰতিষ্ঠা কৰিছিল। তেওঁক কোনোবাই ভুল তথ্য তথা উদ্দেশ্যপ্ৰণোদিতভাৱে কথা কব নোৱাৰিছিল। একাংশ স্বাৰ্থান্বেষী ব্ৰাহ্মনক যুক্তিসন্মত কৌশলেৰে নিয়ন্ত্ৰিত কৰি ৰাজ্যখনৰ বৌদ্ধিক সন্ত্ৰাস ৰোধ কৰিছিল। নৰনাৰায়ণ আৰু ভাতৃ চিলাৰায় উভয়েই বিদ্বানুৰাগী হোৱা হেতুকে গুৰুজনাৰ বিশাল পাণ্ডিত্যৰ দ্বাৰা উপকৃত হোৱাৰ সুযোগ পাইছিল। নৰনাৰায়ণে সংস্কৃতত শ্লোক লিখাৰ দৰে চিলাৰায় দেৱানেও জয়দেৱ ৰচিত 'গীতগোবিন্দ' কাব্যৰ ভাষ্য 'সাৰৱতী' ৰচনা কৰিছিল।" গুণমালা,ৰামবিজয়,বৃন্দাৱনী বস্ত্ৰ আদিৰ আদৰ কিম্বা তত্ব বুজা ৰজা সেই সময়ত আৰু আছিল নে সন্দেহ হয়।" গুৰুজনাই এই কোচ ৰাজ্যত থাকোতেই মধুপুৰ সত্ৰ পাতিছিল আৰু ছান্দসাই দৰ্জীয়েও গুৰুজনাক চোলা এটি চিলাই কৰি দিছিল।
