গীতাঞ্জলি দেৱী
সেইদিনাৰ পৰাই চাগে মই মূক হৈ পৰিলোঁ
যিদিনা তুমি বুকুৰ বাঁহীটো পানীত উটুৱাই দিলা আৰু হাঁহিটো সামৰি আকাশলৈ দুহাত মেলি দিলা ।
চৌপাশে বলি থকা সৰৱ বতাহজাক এতিয়া থমকি-থমকি নিৰৱ হৈ পৰিছে ।
কবিতা ,গান আৰু কিছু আলংকাৰিক শব্দই তোমাৰ কথা কৈয়ে আছে ।
কিছুপৰ যতি
আকৌ শব্দবোৰে তোমাক চুই আমালৈ লৈ আনিছে অযুত মৌনতা ।
হাতৰ মুঠিত এমুঠি প্ৰাৰ্থনা লৈ
মইও সকলোৰে মাজত ৰৈ আছোঁ
মূক হৈ।
লিখোঁ বুলি তোমাক লৈ কবিতা লিখিব নোৱাৰি
তুমি নিজেই এটা কবিতা ।
দুটামান শব্দৰ মাজত পৰিপূৰ্ণ কৰিব নোৱাৰা শত কবিৰ তুমি হাজাৰটা মালিতা ।
মোৰ মৌন স্তুতিত তুমি নাহা বুলি জানিও বাট চাই আছোঁ ।
অবাধিত সত্যক বাৰে-বাৰে নুই কৰিছোঁ ।
আকৌ ব'হাগ আহিছে জানানে?
নাহৰৰ কুঁহি পাতত কঁপনি তুলি
এটি লহমাত তুমি ওঁঠ থোৱাহ'লে
এই বাটেদি আৰু ব'হাগ ঘূৰি নগ'লহেঁতেন ।
