সুৰভি বৰপাত্ৰ গোহাঁই চেতিয়া ,শিৱসাগৰ
বেলিৰ লেহেমীয়া গতিৰে
পাহাৰৰ বুকুত লুকাল মৌসুৰীয়া স্বৰধ্বনি
এটা এটাকৈ যেন হেৰাই গ’ল সকলো,
কেতিয়াবা পাহাৰ বুকুত
কেতিয়াবা হেলনীয়া পথত
কেতিয়াবা সময়ৰ বলুকাত
হেৰায় আত্মিক সম্পৰ্ক তেজৰ প্ৰবাহ
নতুবা নিছিগিবলগা বান্ধোন ।
তাৰ বাবে কোন দায়ী
তুমি, মই নে তেওঁলোক
কিম্বা সময়ৰ জখলাৰে
বগুৱাবাই যোৱা মানুহৰ আকাশলংঘীমন ৷
কোনে শুনে বতাহৰ উচুপনি
সৰাপাতৰ মৰ্ মৰ্ শব্দই
আঘাত কৰেনে কেতিয়াবা ?
তেজেই নিচিনে তেজক
তেন্তে কিহৰ আৰাও
মানুহৰ নে মানৱতাৰ
চিকুটি চোৱাচোন নিজকে
নখৰ তীক্ষ্ণতা কিমান ?
হৃদয়খন নদী হোৱাহেঁতেন
হয়তো মানুহৰ পৰা মানুহলৈ বৈ
হৃদয়ংগম কৰিব পাৰিলেহেঁতেন
সম্পৰ্কৰ গভীৰতা ।
