সবিতা বৰুৱা ফুকন
সিংহ দ্বাৰ, শিৱসাগৰ
নেওতা বোৰ বৰ সৰল
নেওতাত পাকৈত লোকৰ বাবে .......
জীৱন এটা জীৱন হিচাপে
চলাই নিবলৈ নেওতা এখনৰ
খুবেই প্ৰয়োজন ।
জনা হোৱাৰ পৰা
মগজুত খেলিমেলি কৈ
ওলমাই ৰাখিছোঁ
নেওতা এখন ।
ধূলি -বালি খেলি
ভাল পোৱাৰ দিনবোৰত
ধূলি -বালিৰ অংক এটা
কৰি থৈ আহিছিলো,
তাৰ উত্তৰটোৱে আজিও
বুকুত সমাধান বিচাৰি আছে......!
সপোন দেখাৰ দিনত
জটিল অংক এটা হৈ
ধৰা দিলা তুমি,
উত্তৰ ওলাল --'শূন্য '
এতিয়া নিজকে বুজাও
মই তো অংকৰ পাকৈত
শিকাৰু নহয় !
নেওতাখন নজনাৰ দোষতে
বিষাদৰ অংক এটা
এতিয়া ও কৰি আছো ...!
