প্ৰতিযোগিতা আৰু কৰ্মশালা
বহু সময়ত দেখা যায় যিকোনো অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন বিষয়ত প্ৰতিযোগিতা সমূহ অয়োজন কৰে। তেতিয়া তাত নিদ্দিষ্ট বিজেতা কেইজনক বাচি ওলিওৱা হয় আৰু তেওঁলোকক পুৰস্কাৰ প্ৰদান কৰা হয়। এয়া সমাজত হৈ থকা এখন সাধাৰণ ছবি। আজি সেয়ে প্ৰতিযোগিতা আৰু কৰ্মশালা বিষয়ে মোৰ নিজৰ কিছু অভিজ্ঞতা বিনিময় কৰিব বিচাৰিছো।
আমিও মাজে সময়ে এই প্ৰতিযোগিতাৰ বিচাৰক আৰু কৰ্মশালাৰ সমল ব্যক্তিৰ দায়িত্ব সম্পাদন কৰাৰ সুযোগ আহে, তেতিয়া বাস্তৱত উপলব্ধি হয় যে প্ৰতিযোগিতাই প্ৰতিভা বিকাশৰ ক্ষেত্ৰত যিমান প্ৰভাৱ পেলাই তাতোকৈ কৰ্মশালাই অধিক প্ৰভাৱ পৰে। প্ৰতিযোগিতা আৰু কৰ্মশালা মাজত উদ্দেশ্যৰ অৱশ্যে পাৰ্থক্য আছে।
১) প্ৰতিযোগিতাই প্ৰতিযোগীক নিজৰ প্ৰতিভাৰ বা দক্ষতাৰ মানদণ্ড জোখাত সহায়ক হয় যদিও মাথো বিজেতা কেইজন উৎসাহিত হয় বেছি সংখ্যকে নিৰোৎসাহিত হয়।
২) প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে নিদ্দিষ্ট বসয়ৰ সীয়া থাকে, কিন্ত কৰ্মশালা শিকোতাৰ বয়সৰ সীমা কমকৈ থাকে বা সকলো বয়সৰ লোকে অংগ্ৰহণ কৰিব পাৰে।
৩) প্ৰতিটো কৰ্মশালাৰ অন্তত কিবা নহয় কিবা শিকিব পাৰি। কিন্ত প্ৰতিযোগিতাত সেইটো হোৱা দেখা নাযায়।
৪) কৰ্মশালাই অংশগ্ৰহণকাৰীক প্ৰতিভাক উত্তৰণ ঘটোৱাই কিন্তু প্ৰতিযোগিতাই কেতিয়াবা কিছু অংশক অংশগ্ৰহণকাৰীক নিৰোৎসাহী কৰা পৰিলক্ষিত হয়।
উপৰোক্ত দিশৰ প্ৰতি যদি আমি মন দিও তেতিয়া হলে- প্ৰতিযোগিতাৰ যোগেদি প্ৰতিভাৰ মানদণ্ড জোখাৰ লগতে কৰ্মশালাবোৰৰ প্ৰতি অধিক মন দিব লাগে। আজিকালি বিভিন্ন প্ৰতিযোগিতা যিমান অনুষ্ঠিত হয় সেই পৰিমাণে কৰ্মশালা ক'মকৈ হোৱা দেখা যায়। সেয়ে প্ৰতিভা উত্তৰণৰ বিশেষ মাধ্যম 'কৰ্মশালা' ক অধিক পৰিমাণে কৰিবলৈ আমি যত্নপৰ হ'ব লাগিব।
অৰুণ কোঁৱৰ
সম্পাদক- সমলয়
০১/০৫/২০২৬