প্ৰস্তুতকৰ্তা- অচিন্ত্য গোস্বামী
১) আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি ?
উ:- ১
২) আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি ?
উ:- ০
৩) ১০০ ৰ বৰ্গমূল কি ?
উ:- ১০
৪) ১৫ ৰ বৰ্গ সংখ্যা কি ?
উ:- ২২৫
৫) ১০ ৰ ঘন কিমান ?
উ:- ১০০০
৬) বৃত্তচিত্ৰৰ আন এটা নাম কি ?
উ:- পাইচিত্ৰ
৭) যিবোৰ ভগ্নাংশৰ লব হৰতকৈ সৰু সেইবোৰ ভগ্নাংশক কি বোলে ?
উ:- প্ৰকৃত ভগ্নাংশ
৮) এটা আয়তৰ প্ৰতিটো কোণৰ মাপ কিমান ?
উ:- ৯০°
৯) সমবাহু ত্ৰিভূজৰ প্ৰতিটো কোণৰ মাপ কিমান ?
উ:- ৬০°
১০) এটা গোলকৰ কাষৰ সংখ্যা কিমান ?
উ:- ০
১১) শতাংশ বুজোৱা চিহ্নটো কি ?
উ:- %
১২) বিক্ৰীদাম > কিনাদাম হলে কি হয় ?
উ:- লাভ
১৩) কোনটো সংখ্যাৰ বৰ্গ, বৰ্গমূল, ঘন ঘনমূল সেই একেটা সংখ্যাই ?
উ:- ১
১৪) ব্যাস ব্যাসাৰ্ধৰ কিমান গুণ ?
উ:- ২ গুণ
১৫) ২ ৰ গুণিতক হোৱা সংখ্যাবোৰক কি বোলে ?
উ:- যুগ্ম সংখ্যা
১৬) সকলো সংখ্যাৰে উৎপাদক হোৱা সংখ্যাটো কি ?
উ:- ১
১৭) এখন কলপাতৰ সমমিতি অক্ষ কিমান ?
উ:- ১ ডাল ।