ৰশ্মি ৰেখা শইকীয়া ভূঞা
কুসুমতলা (পদ্মপুৰ)
বহাগ মাথো এটি ঋতু নহয়,
নহয় বহাগ এটি মাহ,
অসমীয়া জাতিৰ ই আয়ুস ৰেখা,
গণ জীৱনৰ ই সাহ,,,,,,।
: অতিকৈ চেনেহৰ মুগাৰে মহুৰা,
তাতোকৈ চেনেহৰ মাকো,
তাতোকৈ চেনেহৰ ব'হাগৰ বিহুটি,
নেপাতি কেনেকৈ থাকো,,,,।
: উল্লেখযোগ্য যে বহাগত কপৌ ফুল ফুলি উঠাৰ লগে লগে ৰঙালী বিহুৰ ৰঙেৰে মানুহৰ মনবোৰ ভৰাই পেলাই। বহাগ যেতিয়া আহে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সকলো ব্যস্ত হৈ পৰে । ঘৰে-ঘৰে কেৱল ব্যস্ততা। তাঁতৰ শালৰ পৰা আৰম্ভ কৰি বিহুৰ পিঠা বনোৱালৈকে । শিপিনী ব্যস্ত হৈ পৰে বিহুৱানৰ বাবে। বুটা বচা গামোচাৰে চেনাইক আদৰিবলৈ গাভৰুৰ ব্যস্ততা । বহাগক আদৰিবলৈ৷ অসমবাসী ব্যস্ত হৈ পৰোঁ । কান্ধত ঢ়োলটি লৈ গৃহস্থৰ কুশলৰ্থে ঘৰে-ঘৰে বিহুটি যোৰো। দৰাচলতে ব'হাগ বিহু বা ৰঙালী বিহু অসমৰ মূল জাতীয় উৎসৱ। জাতীয় উৎসৱৰ অৰ্থ বসন্ত আগমনৰ আনন্দ আৰু নতুন অসমীয়া বছৰৰ আৰম্ভণি। এপ্ৰিলৰ মাজ ভাগত চ’ত-ব’হাগৰ সংক্ৰান্তি। বহাগ বিহু আৰম্ভ হয় চ'তৰ দোমাহীত। গৰু বিহুৰেই আৰম্ভ হয় উৎসৱটি ।এই উৎসৱ সাত দিন ধৰি পালন কৰা হয়। ঢোল, পেঁপা, গগনাৰ শব্দত বিহু নাচ আৰু গীতৰ জৰিয়তে অসমীয়া সংস্কৃতি প্ৰতিফলিত হয়। বহাগ বিহুত গোহালিৰ গৰুৰ গা নোওৱা-ধুওৱাতো অসমীয়া জাতিৰ পৰম্পৰা। পিছে সমন্বয়, সম্প্ৰীতি আৰু সাৰ্বজনীন উৎসৱ এই অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটিয়ে সকলোৰে মনৰ পৰা কুটসা, মলিনতা, হিংসা, শত্ৰুতা আৰু ধৰ্ম, জাত-পাতৰ বৈষম্য দূৰ কৰি প্ৰত্যেকৰে জীৱন ৰঙীন কৰি তোলে। ঢোল, পেঁপা আৰু গগনাৰ ধ্বনিত সকলো ধৰণৰ অসূয়া, অপ্ৰীতি তথা অমঙ্গল দূৰ হৈ সমাজত একতা, বিশ্বাস, মূল্যবোধ আৰু শান্তি প্রতিষ্ঠা কৰে। অসমীয়াৰ স্বাভিমান তথা জাতীয় উৎসৱ বহাগৰ বিহুটিয়ে বিভিন্ন জাতি, ধৰ্মাৱলম্বী লোকক ভাতৃত্ব বোধৰ এনাজৰীৰে বান্ধি স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ বৰ অসমৰ সপোন বাস্তবমূখী কৰে। ধৰ্মনিৰপেক্ষ, উদাৰবাদী আহোম ৰজা চাওলুং চুকাফাৰ সাৰ্বজনীন নীতি তথা শ্ৰীমন্ত শংকৰদেৱ আৰু আজান ফকীৰৰ আদৰ্শই নিশ্চিত ভাৱে আমাক এখন স্বচ্ছ, সুশৃংখল, শান্তিপূৰ্ণ, প্ৰগতিশীল আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ বৰ অসম উপহাৰ দিব পাৰিব। এই কালজয়ী নীতি-আদৰ্শৰেই প্ৰতিফল ঘটে আসমীয়াৰ আনন্দৰ উৎসৱ ৰঙালী বিহুত। প্ৰকৃতাৰ্থত বিহু কেৱল এটি উৎসৱেই নহয় বৰং বিহু হৈছে ভাতৃত্ব বোধৰ এনাজৰী ডাল সুদৃঢ় কৰাৰ এটি মাধ্যমও। সেয়ে বহাগ বিহুৰ গুৰুত্ব আৰু মহত্ব বৰ্ণনা নকৰিলেও সৰ্বজনবিদিত।