Type Here to Get Search Results !

বিহুত বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱঃ এক চমু অৱলোকন



ৰঞ্জিত চুতীয়া


                 শ্ৰীমন্ত শংকৰদেৱৰ বিশাল অৱদানৰ ফলস্বৰূপে অসমৰ সাংস্কৃতিক-সামাজিক জীৱনৰ আমূল পৰিৱৰ্তন হৈছিল। তেখেতে প্ৰচাৰ কৰা নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ অসমৰ জনসাধাৰণৰ মাজত পৰাৰ লগে লগে বিহুলৈৰো আমূল পৰিৱৰ্তন আহিল। অৱশ্যে তাৰ কেইবা শতিকাৰ আগৰ পৰা অসমত বিহু চলি আছিল। তেতিয়া অসমত মঠ-মন্দিৰত পূজা-সেৱা চলিছিল। অসমত দেওশাল আছিল। "প্ৰাচীন কামৰূপত খ্ৰীঃ চতুৰ্থ-পঞ্চম শতিকাত অসমৰ নটিনাচ বা দেৱদাসী নৃত্যৰ উদ্ভৱ হৈছিল আৰু খ্ৰীঃ নৱম-দশম শতিকাত দেৱদাসী পৰম্পৰাই পূৰ্ণ বিকাশ লাভ কৰিছিল "(লীলা গগৈঃ  বিহু এটি সমীক্ষা)। ইয়ে প্ৰমান কৰে যে শ্ৰীমন্ত শংকৰদেৱৰ জন্ম বহু শতিকাৰ আগৰে পৰা কেৱল বিহুৱে নহয়; দেৱদাসী, ওজাপালি আদি অনেক লোক আৰু শাস্ত্ৰসন্মত নাচ অসমত বিদ্যমান আছিল। অসমত যেতিয়া বৈষ্ণৱ সংস্কৃতিয়ে আকাশ-বতাহ মুখৰিত কৰিলে আৰু যেতিয়া পথাৰত হাল-কোৰ বোৱা বিহু প্ৰাণ চহাসকলে একান্তমনে বৈষ্ণৱ সংস্কৃতি গ্ৰহণ কৰিলে, সেই যোগসূত্ৰতে হয়তো বিহুলৈ বা বিহুনামলৈ নাইবা বিহুৰ ঘোষা-পদলৈ কৃষ্ণ, হৰি, ৰাম, গোবিন্দাই ৰাম আদি শব্দসমূহ আহিবলৈ ধৰিলে। তদুপৰি কোনো কোনো ঠাইৰ বিহুদলে কীৰ্ত্তনৰ ঘোষা-পদো হুঁচৰিৰ ঘোষা-পদ হিচাপে গাবলৈ ল'লে। একেদৰে হুঁচৰিৰ আৰ্শীবাদলৈ "জয় হৰি বোলা জয় ৰাম বোলা" ধ্বনিৰ প্ৰৱেশ ঘটিল আৰু ক্ৰমশঃ সৰ্বত্ৰে প্ৰচলিত হ'ল।
                 আনহাতে বিহুৰ নৃত্য-গীতৰ প্ৰভাৱো গুৰুজনাই প্ৰচাৰ কৰা নৱ-বৈষ্ণৱ ধৰ্মৰ সংস্কৃতিত নপৰাকৈ নাথাকিল। শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত 'কীৰ্ত্তন' পাঠৰ সুৰত বিহুনামৰ সুৰৰ ধ্বনি-প্ৰতিধ্বনি হৈছিল আৰু সেইদৰে কীৰ্ত্তন পাঠৰ সুৰৰ দ্বাৰা বিহুনামৰ সুৰ প্ৰভাৱাম্বিত হৈছিল বুলি ধাৰণা কৰাৰ স্থল আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শিষ্য মহাপুৰুষ মাধৱদেৱে 'দেৱদাসী' নাচৰ আধাৰতে 'চালিনাচ' সৃষ্টি কৰিছিল। যেতিয়া শ্ৰীমন্ত শংকৰদেৱে নৱ-বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিবৰ বাবে নামঘৰ প্ৰতিষ্ঠা কৰিছিল, তেতিয়া বৈষ্ণৱ ধৰ্মৰ অনুগামীসকলে পহিলা ব'হাগৰ দিনা বা পাছৰ দিনা নামঘৰলৈ গৈ বছৰটো কুশল কামনাৰে নাম-কীৰ্ত্তন বা সেৱা কৰাৰো এটি নিয়ম সৃষ্টি হ'ল। এই যুগৰ পৰা বিহুনামসমূহত পূৰ্ব 'গোসাঁনী'ৰ ঠাইত কৃষ্ণ/ৰাম নাম লোৱা আৰম্ভ হ'ল। বিহুৰ প্ৰভাৱ যে বৈষ্ণৱ ধৰ্মত পৰিছিল তাৰ বিষয়ে শংকৰদেৱৰ কীৰ্ত্তনৰ উৰেষা বৰ্ণনা আৰু ৰামচৰণ ঠাকুৰে লিখা 'গুৰু চৰিত'ত এনেদৰে পোৱা যায়--
          উৰেষা বৰ্ণনাত লিখিছে---
         "বিষুদিনা বিধিমতে
          পঞ্চতীৰ্থ কৰি
          শুদ্ধ মনে দেখয়ে শুভদ্ৰা
          ৰাম হৰি
          সিয়োজনে সমস্ত যজ্ঞৰ
          ফল পাইব
          পাতক নিস্তাৰি বিষ্ণুৰ
          ভূৱনক যাইব।"
গুৰু চৰিতত লিখিছে----
        "এহি বুলি তিনিজনে
        কৰন্ত কাতৰ
        শুনি সৰ্বজয় বুলি
        মাতিলা শঙ্কৰ
        চৈত্ৰ বিষু সংক্ৰমণে
        আসিয়া মিলিব
       সেহিদিনা ৰুক্মিণীৰ
        মন্দিৰ উঠিব।"
                 বিহুত বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ অসমীয়া সংস্কৃতিৰ এক অনন্য সংযোজন। শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰিত নৱ-বৈষ্ণৱ ধৰ্মই পৰম্পৰাগত কৃষিভিত্তিক বিহু উৎসৱক ভক্তিৰসেৰে চহকী কৰি তুলিছে। ব'হাগ বিহুৰ গীত বা হুঁচৰিৰ গীতসমূহত পৰম্পৰাগত প্ৰেম-প্ৰীতিৰ উপৰিও শ্ৰীকৃষ্ণ আৰু বৈষ্ণৱ ধৰ্মৰ আদৰ্শ প্ৰভাৱ পৰিলক্ষিত হয়। বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱে বিহুক ভক্তিৰ উৎসৱলৈ ৰূপান্তৰিত কৰি সামাজিক সমতাৰ ভাৱ দৃঢ় কৰি তুলিছে; যি অসমীয়া জাতীয় জীৱনৰ মূল ভেটি।