Type Here to Get Search Results !

থাও- মুং -কেও -খাম দুৱৰা বংশৰ অতীত খুঁছৰি এখোজ



দীপজ্যোতি বৰগোহাঞি (মাদুৰি )

টাই ৰাজকোঁৱৰ চ্যুকাফাৰ সৌমাৰ অভিযানৰ সময়ত ১২১৫ খীষ্টাব্দত মা -ওলুং ৰাজ্যৰ পৰা অহা অনান্য ৯০০০ লোকৰ  লগতে  খংখীমা নামৰ এজন লোক লগত আহিছিল হাতী ঘাহি হৈ ৷
লগত ৩৩টা বংশৰ সৈতে চৌকান গিৰি পথেদি চুকাফাই সৌমাৰ খণ্ডত প্ৰবেশ কৰাৰ আগেয়ে ১৩বছৰ কাল পাটকাই পৰ্বতৰ ওচৰে -পাজৰে তেওঁৰ লগত লৈ অহা ৯০০০০হাজাৰ লোক ৰ এটি সৈন্যদল লগত মন্ত্ৰী বুঢ়া গোহাঞি বৰগোহাঞি আৰু পোন্ধৰ জন উচ্চ বংশীয় লোক তিনি গৰাকী কুঁৱৰী চোমদেও দেৱতা এহাল হাতী এটা হাতীৰ মাউত তিনিশ ঘোৰা ২৭০০ মান মহ ৩৫০০ গৰু গাহৰি ছাগলী কুকুৰ কুকুৰা হাঁহ লগত লৈ আহিছিল ৷উল্লেখ্যে যে বৰমুগা এড়ীমুগা পাতপলুৰ সঁচ লগত লৈ আহিছিল ৷চোমদেওক পূজা দি সন্তুষ্ট কৰি ৰাখিবৰ বাবে দেওৰস বা লুকলাউ  আনিছিল ৷এওলোকৰ লগতে খংখীমা নামৰ এজন হাতে ঘাঁহি আহিছিল ৷বহু কষ্টৰে ১৩বছৰ কাল পাটকাই পৰ্বতৰ ওচৰে পাজৰে ঘুৰি ঘুৰি খামলুঙ্গ নামৰ ঠাই ডোখৰ পাৰ হৈ নঙ্গায়াঙ্গ নামৰ ঠাই ডোখৰত খা-ম-লং পাৰহৈ নঙ্গায়াঙ্গ নদীৰ হ্ৰদৰ ওচৰতে নগা সকলৰ লগত যুদ্ধ হৈছিল ৷নগা সকলক যুদ্ধত হৰুৱাই চুকাফাই কাং হুমং নামৰ বৰ গোহাঁই ফৈদৰ ডেকা এজনক খামজঙ্গী গোহাঁই পাতিছিল ৷সেই খামজাঙ্গৰ শাসনকৰ্ত্তা পতাৰ পৰাই সেই ঠাইৰ নগা সকল কৰতলীয়া হৈছিল ৷তাৰ পাচতেই চুকাফা ক্ৰমান্বয়ে আগুৱাই আহি দিহিং নৈৰ পাৰৰ নামৰূপ পালে ৷নামৰূপ ৰ ঠাই সুবিধা নেদেখি তিপাম পাইছিলগৈ ৷তিপামৰ পৰা আগুৱাই শ’লগুৰিত উপস্থিত হৈছিল  শ’লগুৰিত পাঁচটা বছৰ থাকি লুইতেদি ভটিয়াই হা’কং নাদৰ ঠাই পাইছিল তাতো তিনিটা বছৰ কটাই দিখৌৱেদি দিলিহি পাইছিলহি । তাৰ পাছতে দিখৌৱেদি উজাই আহি সেই সময়ৰ শিল পানী  তথা চণ্টক পাইছিল গৈ দিখৌৰ নৈপানী সেই অঞ্চলত দুটোলা ওজনৰ গধুৰ বাবে দুটা বছৰ থাকি দিখৌৱেদি ভটিয়াই আহি শিমলুগুৰিত ছয়টা বছৰ কটায় ৷তাতো সুবিধা নেদেখি ডিমৌত লাতেংফা নামৰ এখন নগৰ পাতিছিল। কিন্ত ডিমৌৰ লাতেংফা নগৰ খন বানপানীত তল যোৱাৰ বাবে আকৌ দিখৌৱেদি উজাই আহি ভৈয়াম আৰু পৰ্বতৰ সীমা কৰি বৰাহী সকলৰ উপাসনা স্থলী চৰাইদেউ পৰ্বতৰ ওখ টিলা টোতে  এখন নগৰ পাতছিল নাম দিছিল চে -নগৰ -ৰাই জিলিকি থকা দেও পৰ্বত  পৰ্বতৰ ওপৰত জিলিকি থকা নগৰ চৰাইদেউ ৷উল্লেখ্য যে তাতে চুকাফাই তেওঁৰ মৰমৰ বগা ঘোঁৰাটো বলি দি পূজা পাঠ কৰিছিল ।
চুকাফাৰ লগত ৩৩টা বংশৰ প্ৰতিনিধি আহিছিল ৷ইয়াৰি সাত ঘৰৰ আদি পুৰুষ এজনকৈ আহিছিল ৷এই সাতঘৰৰে ৰজাই বুঢ়া গোহাঁই বৰগোহাঁই বৰ বৰুৱা বৰফুকন যেনে ৷থাও -মুং -কানং (ৰজা বা ৰাজকোঁৱৰ )কন -তাম -মুং (বুঢ়া গোহাঁই )থাও-মুং-মাই ৰাই (বৰ গোহাঁই )থাও -মুং খৃন্ত (বৰপ্ৰাত্ৰ গোহাঁই )থাও -কেও -খাম (দুৱৰা )থাও -মুং-খনটা লক (লাহন )থাও -মুং- খুং-টাই সন্দিকৈ )
আৰু চুকাফাৰ লগত অহা ২৬ ঘৰ হৈছে কাংলাই লংখাম ফুংম লামুক চেঙ্গখুন খান লেঙ্গ লাকাপ ডালুং কান পেঙ্গ ছিংল বসেন বছাঙ্গ ফংফাই এয়োমাং চিৰিং মঙ্গ কংপিম ৷
পাছলৈ দিহিঙ্গীয়া ৰজাৰ দিনত আহোম ৬০ ঘৰ জাতুৱা আহোম -
কংলাই লংলাম হেকলকিয়া ৰাইখেং ওনখাম লংপন খামতি খাতিহি খামে -তুং-তুং-হে লইলং আন কেন মেলেঙ্গ হাম চিংল ব-তাহ লঙ্গ লাঙ্গি খা -লুঙ্গ লে ং ৰাস লেংচাই  চেংখাম লাইা তাও লাই হম লাৰি পুং লাই মুন লাইহক ডাও চিং তানপম চাই পম লংলাও শোনখাও লেঙ্গহাই কুমলেং লঙ্গি লে চাই লাইধন লাইতাও কিংম কিংছু ৰাই তাত চেং চিকন নাই দাই কেক দাদাতিয়া চামচং তা-তি মংদ -ৰা চেৰেকা টুং চু-হাৰং বাণ্টুং খাম খন বনতৰা চেক লেড়িকা দিহিঙ্গীয়া ৷
পাছলৈ সাতঘৰীয়া আহোমৰ চাৰিঘৰক বাদ দি দুৱৰা দিহিঙ্গীয়া লাহন সন্দিকৈ চেতিয়া পাতৰ বকতীয়াল স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত হৈছিল ৷
ওপৰত উল্লেখ কৰি অহা হৈছে যে চুকাফাৰ লগত এজন থাও-কেও-খাম বংশৰ খংখীমা নামৰ হাতী ঘাঁহি লগত আহিছিল ৷খংখীমা চুকাফাৰ অতি বিশ্বাসী আছিল ৷হাতী ঘাঁহি হৈ চুকাফাৰ দুটা হাতীৰ আলপৈছান ধৰাৰ লগতে চুকাফাক ৰাজ্যৰ বহু ভিতৰুৱা গোপন কথাৰ খবৰ যোগান ধৰিছিল খংখীমাই ৷যাৰবাবে পৰবৰ্তী সময়ত হাতীমুৰীয়া  ফৈদৰ সৃষ্টি কৰোৱাই দিছিল ৷খেলৰ প্ৰথম শাৰীত বহি থকা মানুহজন পাছলৈ ৰাইডাং খেলৰ দুৱৰা পাতিছিল ৷ৰাই -জিলিকি থকা দাং খাট জিলিকি থকা খাটৰ মুৰব্বী ৷দু-ৱৰা মানে দু-মানে গা -ৱৰা -মানে চোৱা ৷ৰজাৰ অতি বিশ্বাসী বিশিষ্ট মানুহ ৷ৰজাৰ সকলো কাৰ্যৰ পৰিচালনা কৰা ৰজাৰ ভিতৰৰ কথাৰ কথা সমুহ  দুৱৰা পৰিয়ালৰ মানুহে প্ৰথমে গম পাব দুৱৰা পৰিয়ালৰ মানুহেহে আলোচনা কৰিব পাৰিছিল ৷ৰজাৰ দাঁতত শুল লাগিলেও দুৱৰা সকলেহে প্ৰথমে গম পাইছিল ৷ইয়াৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে দুৱৰা ফৈদটো স্বৰ্গদেউ সকলৰ দিনত অতি বিশ্বাসী আছিল ৷আজিৰ তাৰিখৰ ব্যক্তিগত সহায়ক বা চেক্ৰেটেৰী আৰু ব্যক্তিগত নিৰাপত্তা ৰক্ষীৰ দৰে ৷
এইখংখীমা দেৱৰ সাতজন পুতেক বৰপালি ,সৰুপালি ,ফিছি, নিমকৌ দালিমকোছ চনখাম খজিম   আৰু ব্লকে 
পাছলৈ দুৱৰা পৰিয়ালটো  ফৈদ বা ঘৰীয়া হিচাপে নামকৰণ হৈছিল ৷লাহে লাহে জনসংখ্যা বাঢ়ি যোৱাত চালি পানী দুৱৰা ,জকাই দুৱৰা ,বকল দুৱৰা ;বা বৰদুৱৰা , হাওপনীয়া দুৱৰা লিংকৰী দুৱৰা এই আঠ ঘৰ হিচাবে নামকৰণ কৰিছিল ৷ফৈদ হব নোৱাৰা কোনোবা বেলেগ বংশৰ পৰা মানুহ দুৱাৰা উপাধি দিলেহে ফঋদ হব পাৰে ৷থাও-মুং-কেও -খামৰ বাহিৰে কোনো অন্য বংশৰ মানুহক দুৱৰা পতা নাছিল ৷খংখীমাই হৈছে দুৱৰা বংশৰ আদি পুৰুষ ৷
খংখীমা চুকাফাৰ অতি বিশ্বাসী লোক হোৱাৰ বাবেই ৰাইডাং খেলৰ দুৱৰা ঘৰত থাকিবলৈ দিছিল ৷ৰজা য’তেই তাতেই খাট দিছিল ৷ৰজাই প্ৰথমে সকলো সমস্যাৰ কথা দুৱৰা পৰিয়ালকে জনাইছিল আৰু সেই পৰিয়ালে পাৰ্যমানে সমাধানৰ সু -ব্যৱস্থা কৰি দিছিল ৷ৰজাই সেয়ে অত্যন্ত বিশ্বাসী পৰিয়াল হিচাবে দুৱৰা পৰিলটোক ভাবি বিশ্বাসত লৈছিল ৷দুবৰা পৰিয়ালৰ মানুহে ৰজাৰ অত্যন্ত বিশ্বাসী হিচাবে ৰজাৰ খোৱাৰ বোৱা পিন্ধাৰ সাজ পোছাক এঠাইৰ পৰা অন্যঠাইলৈ যোৱা খবৰ বাতৰি লোৱা আৰু ৰাজ্যৰ ভিতৰৰ খৱৰ সমুহ ৰখা দায়িত্ব দিছিল ৷৷দুৱৰা পৰিয়ালৰ বৰপালিয়ে ৰজাৰ ঘৰত কাঠফুলাৰ যোগান দিছিল ৷সৰুপালিয়ে চৰাই ধৰিছিল ৷অন্য ভাই ককাই কেইজনে অনান্য পৰ্বতীয়া সামগ্ৰী যোগান ধৰিছিল ৷বুৰঞ্জীৰ পাতত সলসলীয়াকৈ উল্লেখ আছে যে ৰজাই পহু চিকাৰলৈ যাওঁতে পহু ধৰিব নোৱাৰি দুখমনে ঘুৰি আহিছিল ৷দুৱৰা ঘৰৰ মানুহে সেই কথা বুজিব পাৰি  ৰজাক ৰঙা চিলা পখৰা কুকুৰ ৰজাক দি পুনৰ পহু চিকাৰলৈ গলে আমাৰ চিলা পখৰাক লগত নিব বুলি অভয় বাণী দি  কৈছিল ৷ঠিক সেইদৰেই চিকাৰলৈ ৰঙা চিলাক নিয়াত সচাকৈয়ে কুকুৰটোৱে তড়িৎ গতিত এটা পহু বধ কৰি কষ্টৰে ৰজাৰ ওচৰত পেলাই দিছিল ৰজা তথা ডা -ডাঙৰীয়া সকলো  আচৰিত হৈছিল  ৷সেই দিনাৰে পৰা দুৱৰা ঘৰক ৰঙা চিলা দুৱৰা নাম দিলে ৷পাছলৈ বৰপালিক ৰঙা চিলা দুৱৰা বুলিছিল । স্বৰ্গদেউসকলৰ দিনৰে পৰাই খংখীমা পৰিয়ালৰ  অৰ্থাৎ থাও-মুং-কেও-খাম বংশৰ পৰিয়ালটোক ৰঙাচিলাৰ ঘৰৰ বুলিও কয় ৷আজিও অসমৰ বিভিন্ন স্থানত ৰঙা চিলা দুৱৰা বংশৰ পৰিনাতি আছে ৷বদন বৰফুকন আৰু পিয়লি বৰফুকন সেই বিখ্যাত ফৈদৰে ৷টাই ভাষাত দুৱৰা ৰঙা চিলা ফৈদ -ঞিউ-ডেঙ
দুৱৰা বংশৰ পৰিয়ালৰ মানুহখিনি চুকাফাৰ অত্যন্ত বিশ্বাসী আৰু কৰ্মৰ ওপৰত বিশেষ ভাৱে গুৰুত্ব আৰোপ কৰা পৰিয়ালৰ লোক আছিল ৷সেয়ে চুকাফাই দুৱৰা বংশৰ পৰিয়ালক ৰজাৰ লগতে থাকিবলৈ দি গা-চোৱা অৰ্থাৎ আজিৰ দিনৰ ব্যক্তিগত সচিব তথা বিশেষ নিৰাপতা ৰক্ষী হিচাবে নিয়োগ কৰিছিল ৷
সহায় লৈ কৃতজ্ঞতাৰে ৰাজকুমাৰ দুৱৰালৈ )