উৰিশ্মা নাথ
গৰুখুটি (দৰং)
সময়ৰ সোঁতত সমাজ সদায় আগবাঢ়ে আৰু সলনি হয়। অতীতৰ সমাজখন সংযম, মৰম আৰু সম্প্ৰীতিৰে গঢ়া আছিল। তেতিয়াৰ মানুহবোৰৰ মাজত এক গভীৰ মানৱীয় সংযোগ আছিল। এজনৰ বাবে এজনৰ সময়, এপিয়লা ফিকা চাহৰ সৈতে অন্তৰংগ আলাপ, নৈৰ পাৰতে সন্ধিয়াৰ বতৰা আৰু এবাটি পিঠাৰ সৈতে একেলগে বহি কোৱা গল্পবোৰে জীৱনক সঁচাকৈয়ে অৰ্থবহ কৰি তুলিছিল। প্রযুক্তিৰ অভাৱ থাকিলেও হৃদয়ৰ সম্পৰ্কবোৰ আছিল অতি গভীৰ আৰু উষ্ণ। উৎসৱ-অনুষ্ঠানবোৰো কেৱল আচাৰ-অনুষ্ঠান নহয়, বৰঞ্চ মিলনৰ সঁচা উপলক্ষ্য আছিল। তেনেদৰে শিক্ষাৰ উদ্দেশ্যও কেৱল জ্ঞান আহৰণ নাছিল। ই মানৱতাৰ বিকাশত যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল।
বৰ্তমানৰ সমাজখন কিন্তু দ্ৰুত গতিৰে আগবাঢ়ি গৈছে। এই বেগত মানুহে যেন নিজৰ বাবে আৰু পৰিয়ালৰ বাবে সময় উলিয়াব নোৱাৰা হৈ পৰিছে। ডিজিটেল যন্ত্ৰই মানুহক ওচৰলৈ অনাৰ সলনি কেতিয়াবা দূৰত্বহে বঢ়াইছে। সামাজিক মাধ্যমত অসংখ্য বন্ধুৰ মাজতো মানুহে একাকীত্বৰ অনুভৱ কৰে। মুখামুখি হোৱা আলাপ-আলোচনা এতিয়া টেক্সট আৰু মেছেজত সীমাবদ্ধ হৈ পৰিছে, যাৰ ফলত অনুভূতিৰ গভীৰতা ক্ৰমান্বয়ে হ্ৰাস পাইছে।
তথাপিও, বৰ্তমানৰ সকলো দিশ অন্ধকাৰ নহয়। আজিৰ সমাজ অধিক সচেতন, স্বাধীন আৰু স্বাভিমানী। লিংগ সমতা, শিক্ষা আৰু সামাজিক বুজাবুজিৰ ক্ষেত্ৰত যি উন্নতি হৈছে, সেয়া নিশ্চয় প্ৰশংসনীয়। এইবোৰ সলনি সময়ৰ দাবী আছিল আৰু ই সমাজক এক নতুন দিশ দিছে। এইদৰে জীৱনৰ গতি বাঢ়ি যোৱাৰ মাজতো আমি কেতিয়াবা থমকি চিন্তা কৰা উচিত যে, “এনেদৰে আগবাঢ়ি যোৱাত আমি কিবা হেৰুৱাই পেলাইছোঁ নেকি?” আধুনিকতাৰ সকলো সুবিধাৰ মাজতো অতীতৰ আন্তৰিকতা, কথোপকথন আৰু মনৰ শান্তিৰ অভাৱ অনুভৱ কৰা যায়। সেয়েহে আমাৰ প্ৰধান দায়িত্ব হ’ল বৰ্তমানৰ সুবিধাবোৰ গ্ৰহণ কৰাৰ লগতে অতীতৰ সেই উষ্ণ মানৱীয় মূল্যবোধবোৰো জীয়াই ৰখা। তেতিয়াহে আমি এখন সামঞ্জস্যপূৰ্ণ আৰু সুন্দৰ সমাজ গঢ়ি তুলিব পাৰিম।