Type Here to Get Search Results !

কিংবদন্তিৰ অগ্ৰদূত হৰিন্দ্ৰ মোহন নাথ(গ্ৰন্থ আলোচনা)



 ধীৰেন  শইকীয়া


 ধুবুৰীৰ হুদুৰহাট ধৰ্মশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰা বিশিষ্ট লেখক,  "অসমৰ কিংবদন্তি" গ্ৰন্থখনৰ বাবে  অসম সাহিত্য সভাৰ দুৰ্গাধৰ বৰকটকী সোঁৱৰণী বঁটা প্ৰাপক  দৰঙৰ ঐতিহ্যমণ্ডিত ছিপাঝাৰৰ  অন্তৰ্গত  আঠিয়াবাৰী গাঁৱৰ হৰিন্দ্ৰ মোহন নাথৰ আটাইকেইখন গ্ৰন্থই ক্ষেত্ৰ ভিত্তিক অধ্যয়ন কৰি পৰিশ্ৰমেৰে লিখিত। তেওঁৰ  তিনিখন  গ্ৰন্থৰ ভিতৰত(ঠাইৰ নামৰ ইতিবৃত্ত, ছিপাঝাৰ বুৰঞ্জী তথা অসমৰ কিংবদন্তি) 'অসমৰ কিংবদন্তি' গ্ৰন্থখন বিশেষ ভাৱে উল্লেখযোগ্য। এইখন  গ্ৰন্থত ভৱিষ্যত প্ৰজন্মই  বহুকেইটি  দিশতেই গৱেষণাৰ সমল পাব। এইখন গ্ৰন্থ  পঢ়ি পাঠকে তাৰ অলেখ  কিংবদন্তি অৱগত হোৱাৰ  সুযোগ লাভ কৰি একোখন ঠাইৰ অলিখিত বহু কথা জানিব পাৰে। উন্নৈশ শতিকাৰ শেষ দশকত ভাৰত ভূটান সীমান্তৰ ভূটিয়াচাং চাহ বাগানৰ ইংৰাজ চাহাব এগৰাকীয়ে বাগানৰ বিন্দীয়া নামৰ  বাগানীয়া ছোৱালী এজনীক ৰক্ষিতা ৰূপে ৰখাৰ পিছতো তাইৰ পূৰ্বৰ বাগানীয়া যুৱক এজনৰ লগত দেহজ প্ৰেমৰ প্ৰত্যক্ষ প্ৰমাণ পাই উন্নৈশ শতিকাৰ শেষ দশকৰ 31 ডিছেম্বৰৰ ৰাতি বিন্দীয়াক চাহাবে গুলীয়াই হত্যা কৰি চৌহদৰ শিমলু গছ এডালৰ তলত পুতি থোৱাৰ পিছত তাইৰ বাগানীয়া যুৱক দোলনে তাইৰ মৃতদেহ পোতা ঠাইৰ  পৰা তাইৰ মৃতদেহটি উলিয়াই নিজেও শিমলুজোপাৰ ডালত আত্মহত্যা কৰা ঘটনাৰ পিছৰ পৰা সিহঁত দুয়োটাৰ আত্মাই গছজোপাৰ তলত আজিও  চাকি দুগছ হৈ ঘূৰি ফুৰাৰ এক মনোৰম কিংবদন্তি বৰ্ণনা কৰিছে। একেদৰে কামৰূপৰ এসময়ৰ ৰজা কুমাৰ ভাস্কৰবৰ্মাই উমানন্দলৈ গৈ ছন্দ্ৰাৱলী নামৰ কৈৱৰ্ত ছোৱালী জনীক দেখি বিয়াৰ প্ৰস্তাব দিবলৈ গৈছিল। গৈ দেখে ৰূপৱতী ছন্দ্ৰাৱলীক বিয়া কৰালে তেওঁৰ বংশমৰ্যদা নিম্নগামী হ'ব, নকৰালেও ছন্দ্ৰাৱলীয়ে কাৰোৰে লগত বিয়াত নবহাৰ প্ৰতিজ্ঞা কৰিলে। এনে পৰিস্থিতিত ভাস্কৰ বৰ্মাই ছন্দ্ৰাৱলীক বিয়া নকৰাই লিগিৰী হিচাপে ৰখাৰ সিদ্ধান্তকে  লৈছিল। পিছে ভাস্কৰবৰ্মাৰ মৃত্যুত তেওঁৰ  মৃতদেহ সৎকাৰ কৰাৰ সময়ত এই  ছন্দ্ৰাৱলী নামৰ লিগিৰীজনীয়েও চিতাত জাপ দি আত্মজাহ দিছিল বুলিও আন এক কিংবদন্তি বৰ্ণাইছে তেওঁ। আনহাতে নিজৰ  কোনো তেজৰ সম্পৰ্ক  নোহোৱা স্বত্বেও আহোমৰ গদাপাণি কোঁৱৰক চাউদাঙৰ কৱলত নপৰাকৈ বচোৱা ৰহাৰ ৰহদৈ,তিপামৰ ভাদৈ, শলগুৰি আঘোণীবাইৰ কাহিনীও মনোৰম  ৰূপত বৰ্ণনা কৰিছে। আনহাতে  মানৰ আক্ৰমণৰ সময়ত মানৰ হাতৰ পৰা পলাই অহা বগীমাই স্বামীৰ  ঘৰলৈ ঘূৰি অহাৰ  শ্বাসৰুদ্ধকাহিনী এটিও লিখিছে কিতাপখনত। আৰু এই চুবুৰীটোৱেই পলৰীঘৰৰ চুবুৰী ৰূপে  খ্যাত  হৈছিল। আনহাতে নগৰবাহীৰ ওচৰৰ কানাই চুবুৰী আৰু বেজপাৰাৰ  হিন্দু মুছলমানৰ গাওঁ দুখনৰ দুই ডেকা গাভৰু  ফৰ্মুদ আৰু প্ৰমিলাৰ প্ৰেম ৰাইজে স্বীকৃত নিদিয়াত দুয়োটাই পলাই গৈ গৈধেনীহাবিত নিশাটো কটোৱাৰ অন্তত দুয়োকে বাঘে খালে বুলি উল্লেখ  কৰা কিংবদন্তিটিও তাৎপৰ্যপূৰ্ণ। মায়াঙৰ বঘৰা কুঁৱৰী বিয়াৰ পিছদিনাখন স্বামীৰ ঘৰলৈ আহি বাটতে ধুমুহাৰ পৰিপ্ৰেক্ষিতত গুহা এটাত  আশ্ৰয়  লওতে হঠাত গুহাৰ  ওপৰৰ শিলখহি  আহি বিবাহদলটিৰ জীৱন নাশ কৰাৰ পিছত তেওঁলোকৰ অতৃপ্ত আত্মাই আজিও উচুপি উচুপি কান্দোনত ভাঙি পৰাৰ আন এক কাহিনীও বৰ্ণনা কৰিছে গ্ৰন্থখনত। এনে অলেখ কাহিনী সংগ্ৰহ কৰিছে অসমৰ কিংবদন্তি গ্ৰন্থখনত।

 গ্ৰন্থখন পঢ়ি দেশত বেষ্ট চেলাৰ  হোৱা The Shiva Trilogy and Ram Chandra Series গ্ৰন্থৰ সৃষ্টিকৰ্তা অমীশ ত্ৰিপাঠীৰ লগত তুলনা কৰি হৰিন্দ্ৰ মোহন  নাথক #অসমৰ অমীশ ত্ৰিপাঠী# বুলি অভিহিত কৰিব পাৰি বুলি আমাৰ মনে ধৰে। এক কথাত কব পাৰি যে অসমৰ অঞ্চলে অঞ্চলে বিয়পি থকা কিংবদন্তিসমূহক আজিও  সিমান  গুৰুত্ব  দিয়া নহয় অথচ কিংবদন্তিয়ে অতীতৰ বহু সামাজিক ইতিহাস কঢ়িয়াই থাকে বুলি ইতিহাসবিদসকলেও স্বীকাৰ কৰিছে। আনহাতে কিংবদন্তিক বহুতে মুখৰোচক মিছা কথা বুলি অভিহিত কৰিলেও  তাৰ  যোগেদিও  এটা সময়ৰ  সামাজিক বাতাবৰণৰ স্পষ্ট আভাষ পাব পাৰি বুলি স্বীকাৰ নকৰি নোৱাৰি। হোমেন  বৰগোহাঞিদেৱে কিংবদন্তি নিৰ্ভৰ কাহিনীবোৰ সদায় সংগ্ৰহ যোগ্যই  নহয় আদৰণীয় বুলিও অভিহিত  কৰিছিল।অসমত ৰসৰাজ  লক্ষ্মীনাথ বেজবৰুৱাই "বুঢ়ী আইৰ সাধু"ৰে আৰম্ভ কৰা বাটেৰে বাট বুলি নিজৰ গাঠিৰ ধন ভাঙি অসমৰ বিভিন্ন ভিতৰুৱা বহু ঠাই ভ্ৰমণ কৰি হৰিন্দ্ৰ  মোহন নাথে সংগ্ৰহ কৰি আহিছে বহু কিংবদন্তি। অসমত শেহতীয়াভাৱে কিংবদন্তিৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্মাণ হৈছে চিনেমা,উপন্যাস,নাটক আদি।  চিনেমাৰ  ভিতৰত "কইনা কন্দা শিল", উপন্যাসৰ ভিতৰত দিলীপ বৰাদেৱৰ "সধয়াপুৰৰ সোনৰ মেকুৰী", শিৱানী বৰাৰ "তামাৰ মাই" আৰু জুৰি শইকীয়াৰ "সাঁজবাতি" বিশেষভাৱে উল্লেখযোগ্য। আনকি ড০ পৰমানন্দ ৰাজবংশীদেৱেও হিন্দু মুছলমানৰ সমন্বয়ৰ আধাৰত গৈধেনীহাবিৰ এটা কিংবদন্তিক লৈ "ফৰ্মুদ গৰিয়াৰ প্ৰেমগাথা" শীৰ্ষক নাটক এখনো লিখিছিল। ইংৰাজীত কিংবদন্তিক myth (মিথ) বোলে। Father of mythology বুলি জনাজাত Joseph Campbell নামৰ লেখকজনে তাহানিতে লিখিছিল--"mythology is not lie,it is a metamorphical. It always says a time of the society. So we should preserve these for our future generation".প্ৰায়বোৰ মহাগ্ৰন্থ ৰামায়ণ,মহাভাৰত আনকি পুৰাণ সূৰ্য ভাগৱতো বহু কিংবদন্তি আশ্ৰিত কাহিনী আছে। গতিকে কিংবদন্তিক অনাদৰ কৰিব  নোৱাৰি। ই অতীততো আছিল,আৰু ভবিষ্যতেও থাকিবই। এনেবোৰ কথালৈ লক্ষ্য ৰাখিয়েই  প্ৰতি বছৰে 11 october তাৰিখটোক কিংবদন্তিৰ দিন বুলিও সমগ্ৰ  বিশ্বতে পালন  কৰা হয়।

(-লেখক পঞ্চদীপ  জাতীয় বিদ্যালয়, নুনমাটি গুৱাহাটীৰ অধ্যক্ষ তথা নিবন্ধকাৰ)