নৱাব নাৰ্জী ইছলাম
সেউজ বৰণীয়া পোহৰ বিচাৰি
বিষাদৰ মিচিলত
উজাগৰি নিশা নিৰাভৰণ সপোনৰ ঢৌ,
বিৰক্তিৰ বিৰাম ,
শুৱ বিচাৰি শুৱ নোৱাৰি,
ক্ৰমাৎ...
সাৰে থাকি সপোন দেখা অভ্যস্ত দুচকু,
আশা কৰে নিবনুৱা যুৱক, যুৱতীলৈ
আশাক এক নিৰপেক্ষ ৰজা ।
নিৰাপত্তাৰ দলিল দিয়ক যোগ্যতাৰ শিতানেৰে
সূৰ্য উঠা দেশত
বিস্তাৰিত হওঁক,
সেউজ বৰণীয়া পোহৰ ।