Type Here to Get Search Results !

এটা কানতলীয়া চৰ

  
ৰাতুল চেতিয়া ফুকন 
চৰাইদেউ, সোণাৰি


জীৱনৰ অভিজ্ঞতাই মৰা
এটা কানতলীয়া চৰত
মোৰ ভুলৰ ভঁৰালটো সাউৎকৈ ভাগিল।
অতদিনে শুদ্ধৰ গুটি ধান বুলি যাক
সাঁচি থৈছিলোঁ 
দেখিছো সকলো পতান ।
জীৱন যাপনৰ গতানুগতিকতাৰ পৰা 
উদ্ যাপনৰ ৰূমাঞ্চতালৈ
সলনি কৰিলো পথ ,
অভিজ্ঞতাৰ এটা কানতলীয়া চৰত।
জীৱন যদি পঢ়াশালি 
অভিজ্ঞতা তাৰ শিক্ষক ।
সেয়ে গাল পাতি আদৰি ললো 
অভিজ্ঞতাৰ সেই কানতলীয়া চৰতো ।