যিকোনো কাম কৰোতে মই উক্ত তিনিটা কথা যেনে- কি কৰো, কিয় কৰো কেনেকৈ কৰো দিশটোৰ প্ৰতি বিশেষ মনোনিৱেশ দিও। সেয়ে আমি 'সমলয়' আলোচনী বিগত ৯ বছৰ ধৰি প্ৰকাশ কৰি থাকিবলৈ আমাৰ যি কথাই বিশেষ অনুপ্ৰাণিত কৰিছে তাৰ মূলতে এই কি, কিয় আৰু কেনেকৈ কথাখিনিও জড়িত হৈ আছে। এই তিনিটা কথাত আমি স্পষ্ট সেয়ে বহু প্ৰতিবন্ধকতাৰ মাজতো আলোচনীখন প্ৰকাশ কৰিবলৈ সমৰ্থৱান হৈছো।
এতিয়া মূল কথালৈ-
সম্পাদকীয় লেখোতে পৰাপক্ষত মই প্ৰথমে বাচনি কৰি লও এই মাহৰ সংখ্যাত কি লেখিম। সেইটো প্ৰথমে স্পষ্ট হৈ লও। পৰাপক্ষত সামাজিক ভাৱে প্ৰত্যক্ষ কৰা বিষয়ত কোন সমস্যাক লৈ ইয়াক যিমান পাৰি চমুকৈ উপস্থাপন কৰো, লগতে এই সমস্যাৰ সাধ্যনুসৰী সমাধানৰ দিশটোও উপস্থাপন কৰো।
ইয়াৰ পাছত 'কিয় লেখো' কথটো জড়িত হৈ থাকে। সম্পাদকীয় যি বিষয়টো লেখো তাৰ উদ্দেশ্য হয় যে সামাজিক ভাৱে বিষয়টোক লৈ মানুহে চিন্তা কৰিব পাৰে লগতে সামাজিক সজাগতা এটা সৃষ্টি হয়। এই উদ্দেশ্য আগত ৰাখি সম্পাদকীয় লেখো।
শেষত 'কেনেকৈ লেখো' কথাটো মই স্পষ্ট যে- যেতিয়া সম্পাদকীয় বা আন কিবা লেখিব লগা হলে সাধাৰণতে বিষয়টোৰ ওপৰত চিন্তা ভাৱনাবোৰ মনৰ মাজলৈ যিকোনো সময়তে আহিবলৈ দিও, মাথো দিনটোৰ আজৰি সময়ত এইবোৰ জুকিয়াই লও। লেখনিত মই বিশেষ কিতাপৰ কথাবোৰ পোণপটীয়াকৈ সহায় নলও নতুবা কাৰোবাৰ বিশেষ কথাবোৰো বিশেষ প্ৰত্যক্ষ ভাৱে নলও। মনক শূণ্য স্থিতিত ৰাখি সকলোবোৰ কথা যেনে সামাজিক দিশবোৰ বাস্তৱ ভাৱে দেখা, কিবা ভাল কিতাপ এখন পঢ়া, দিনটোৰ বা জীৱনৰ অভিজ্ঞতা, বাস্তৱৰ সমস্যা সমূহক মনৰ মাজলৈ আহিবলৈ দি কথাবোৰ আত্মিক ভাৱে অনুধাৱন কৰো আৰু কিছু যুক্তিৰে ফহিয়াই চাও। তাৰপাছতে মন আৰু হৃদয়ত যি দোলা দিয়েই তাকেই লেখি যাওঁ। পৰাপক্ষত ৰাতি বেছি সংখ্যক লেখা লেখো। এই সময়ত দিনটো ব্যস্ততাৰ আতঁৰি মুকলিকৈ ভাৱিবলৈ সুযোগ পাও আৰু মনটো একত্ৰিত কৰিবলৈ নিৰিবিলি এটা পৰিৱেশ থাকে। এনেকৈ মই লেখো আগলৈ লেখি যাবলৈ প্ৰয়াস কৰিম।
অৰুণ কোঁৱৰ
সম্পাদক-সমলয়
৭/৬/২০২৬
