Type Here to Get Search Results !

প্ৰতিগৰাকী নাৰীৰ প্ৰেৰণা আইদেউ সন্দিকৈ ডাঙৰীয়ানী উপজা দিনটোৰ


চৈয়দা চায়ৰা বেগম
নাজিৰা নগৰ 

আইদেউ সন্দিকৈ ডাঙৰীয়ানীৰ জন্ম ২৭জুন ১৯১৫চনত ৷ সকলো প্ৰত্যাহ্বান নেউচি অসমীয়া অভিনয় জগতখনলৈ নাৰী সকলৰ বাবে বাট মুকলি কৰি থৈ যোৱা আইদেউ সন্দিকৈ ডাঙৰীয়ানী আছিল   প্ৰথম অসমীয়া নাৰী ৷ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ দ্বাৰা নিৰ্মিত অসমীয়া কথাছবি "জয়মতী"খনত জয়মতীৰ নাম ভূমিকাত   অভিনয় কৰি তেখেতে সাহসৰ প্ৰতীক হৈ ৰ’ল ৷ আইদেউ সন্দিকৈৰ এই অৰিহণা সকলো নাৰীৰ প্ৰেৰণা ৷ "জয়মতী"খন কৰাৰ পিছত আইদেউ সন্দিকৈ ডাঙৰীয়ানীৰ জীৱনলৈ বহুত বেছি প্ৰতিক্ৰিয়া নামি আহিল ৷সকলোৱে তেখেতক এঘৰীয়া কৰিলে ৷ তেখেতে খোৱা পুখুৰীৰ পানীও পৃথক কৰি দিছিল ৷সেই সময়ৰ ৰক্ষণশীল সমাজৰ বাবে ঘৰৰ মানুহেও তেখেতক সহায় কৰিব পৰা নাছিল ৷তেখেতে এই দুৰ্বিষহ জীবন কঢ়িয়াই ২০০২চনত ১৭ডিচেম্বৰত মৃত্যু বৰণ কৰিছিল ৷

১৯৩৫ চনত মুক্তিলাভ কৰা "জয়মতী"খনেই আছিল প্ৰথম অসমীয়া চলচ্চিত্ৰ ৷ অসমীয়া নাৰী সকলৰ সাহস আৰু প্ৰেৰণাৰ প্ৰতীক আইদেউ সন্দিকৈ ডাঙৰীয়ানীলৈ পুণৰবাৰ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদিলো ।