Type Here to Get Search Results !

কুইজ


বিষয়-সমাজ বিজ্ঞান
প্ৰস্তুতকৰ্তা- অচিন্ত্য গোস্বামী

১) আহোম সকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল ?
উ- ৬০০ বছৰ

২) গুৱাহাটীৰ দীঘলীপুখুৰী কোনজন ৰজাই খন্দাইছিল ?
উ-ভগদত্ত

৩) কামৰূপত ৰাজত্ব চলোৱা পাল বংশৰ শেষ ৰজাজন কোন আছিল ?
উ- জয়পাল

৪)প্ৰাচীন কামৰূপত ব্যাপকতা লভা ভাষাটো কি ?
উ- সংস্কৃত ভাষা।

৫)কোনজন আহোম ৰজাই বৰপাত্ৰ গোহাঁই পদৰ সৃষ্টি কৰিছিল ?
উ- স্বৰ্গদেউ চুহুংমুঙ

৬) 'ভূঞা' শব্দৰ অৰ্থ কি ?
উ- মাটিৰ গৰাকী

৭) অসমৰ অতি পুৰণি অধিবাসী সকল কোন আছিল ?
উ- কছাৰী সকল।

৮) মধ্যযুগত ৰাজ্যৰ সৰ্বময়কৰ্তাজনক কি বোলা হৈছিল ?
উ- ৰজা

৯) 'দখনা' কোন জাতিৰ সাজ ?
উ- বড়ো।

১০) লৰ্ড ডেলহাউচিয়ে প্ৰৱৰ্তন কৰা ৰাজ্য বিস্তাৰ নীতিটো কি আছিল ?
উ- স্বত্ব বিলোপ নীতি

১১) ১৮২৬ চনত স্বাক্ষৰিত হোৱা ইয়াণ্ডাবু সন্ধি ক'ত সাক্ষৰিত হৈছিল ?
উ- ইয়াণ্ডাবু(ম্যানমাৰ)ত

১২) চৰকাৰৰ তিনিটা অংগ কি কি ?
উ- কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকা।

১৩) ইংলেণ্ডৰ সংবিধানখন কেনে প্ৰকৃতিৰ ?
উ- অলিখিত আৰু নমনীয় প্ৰকৃতিৰ।

১৪) ভাৰতীয় সংবিধান সভাৰ সভাপতি কোন আছিল ?
উ- ড: ৰাজেন্দ্ৰ প্ৰসাদ।

১৫) ভাৰতীয় সংবিধানলৈ মৌলিক অধিকাৰৰ ধাৰণাটো ক'ৰ পৰা আহিছে ?
উ- মাৰ্কিন যুক্তৰাষ্টৰ সংবিধানৰ পৰা।

১৬) ভাৰতীয় নাগৰিকে ভোগ কৰা নাগৰিকত্বৰ প্ৰকাৰ কেনেকুৱা ?
উ- একক

১৭) আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছুইজালেণ্ডত কেনে প্ৰকাৰৰ নাগৰিকত্ব আছে ?
উ- দ্বি-নাগৰিকত্ব

১৮) মৌলিক অধিকাৰৰ ৰক্ষক বুলি কাক কোৱা হয় ?
উ- ন্যায়ালয়ক।