Type Here to Get Search Results !

মন পখিলা


কৃষ্ণমণি বৰুৱা। শিৱসাগৰ

মানুহৰ জীৱনটো যেন এজনী পখিলা,
ৰঙিন সপোনেৰে ভৰা তাৰ ডেউকা।
আশাৰ আকাশত উৰি ফুৰে নিৰৱে,
নতুন পুৱাৰ পোহৰ বিচাৰি প্ৰতিক্ষণে।

কেতিয়াবা হাঁহি, কেতিয়াবা চকুলো,
কেতিয়াবা দুখৰ ডাৱৰে ঢাকে বাট।
তথাপিও মন ভাগি  নাযায়,
কাৰণ সপোনবোৰক বাস্তৱ কৰাৰ
অদম্য চেষ্টা মানুহৰেই মন।

মনৰ পখিলাজনী সদায় উৰিব খোজে,
সীমাহীন আকাশৰ পিনে,
কাৰণ জীৱনৰ নামেই হৈছে
আশা, সংগ্ৰাম আৰু নতুনৰ আৰম্ভণি।