Type Here to Get Search Results !

চাহ বাগিচা অঞ্চলত ধূমপানৰ সজাগতা


ৰেণু গোৱালা
অধ্যক্ষ
চকীমুখ উচ্চত্বৰ মাধ্যমিক বিদ্যালয়

ধূমপান হৈছে মানৱ জীৱনৰ নীৰৱ ঘাতক। ধূমপান শৰীৰৰ প্ৰতিটো অংগৰ বাবেই মাৰাত্মক। স্বাস্থ্যবিজ্ঞানে কৈছে যে ধূমপানে প্রতিজন পুৰুষৰ ২০ মিনিট আৰু প্ৰতিগৰাকী নাৰীৰ ১৭ মিনিট আয়ুস কমায়। হার্ট এটেক, স্ট্রোক, লাংন্স কেন্সাৰ, যক্ষ্মা, নিউমোনীয়া আদি মাৰাত্মক ব্যাধিৰ উৎপত্তিৰ কাৰণ হৈছে ধূমপান। ধূমপানে কেৱল শীৰৰকে ধ্বংস কৰাই নহয় ই এটা পৰিয়াল আৰু সমাজৰ ক্ষতি কৰে। ই এক ব্যাধি। সামাজিক ব্যাধি এই কাৰণে যে যেতিয়া এগৰাকী ব্যক্তিয়ে ধূমপান কৰি ধোঁৱা বায়ুমণ্ডলত এৰি দিয়ে তেতিয়া গোটেই বায়ুমণ্ডলে বিষাক্ত হয়। ধূমপান বুলি অকল চিগাৰেটৰ কথাই কোৱা নহয়, বিভিন্ন ধৰণৰ গোটখা জাতীয় সামগ্রী, ধপাত, ভাং আদি নিচাজাতীয় দ্ৰব্যৰ সেৱনে হৈছে ধূমপান। বৰ্তমান চৰকাৰে ৩১ মে' দিনা ধঁপাত বিৰোধী দিৱস হিচাপে পালন কৰে (World No Tabacco Day)। চৰকাৰৰ আৰু এটা কঠোৰ নিৰ্দেশনা আছে যে বিদ্যালয়সমূহৰ পৰা ১০০ মিটাৰ দূৰত্বলৈকে কোনো ধঁপাত বা ধূমপান জাতীয় সামগ্ৰীৰ দোকান থাকিব নোৱাৰে। সজাগতাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কুইজ, ৰচনা, চিত্রাংকন আদি প্রতিযোগিতা পাতি ছাত্র-ছাত্রীসকলক সজাগ কৰা হয়। ইয়াৰোপৰি ৰাতিপুৱা প্ৰাৰ্থনা সভাত শপত বাক্য পাঠ কৰায়। ধূমপান বিৰোধী বেনাৰ, পোষ্টাৰ লৈ ছাত্ৰ-ছাত্ৰীক প্ৰছে'ছন কৰোৱা দেখা যায়।

বাগিচা অঞ্চলত ধূমপানৰ সজাগতা কেনেদৰে আনিব পাৰি? বাগিচা অঞ্চলত ল'ৰাৰ পৰা বৃদ্ধলৈকে ভাগে ভাগে চিগাৰেট, গোটখা, ধঁপাত, ভাং আদি নিচাজাতীয় দ্রব্য খাই গোটেই পৰিৱেশ বিষাক্ত কৰি তোলে। প্ৰতিটো গলিৰ মূৰে মূৰে থকা দোকানবিলাকত প্ৰচুৰ পৰিমাণে এই নিচাজাতীয় দ্রব্যসমূহ বিক্ৰী কৰে। এইবোৰ আমি কেনেদৰে ৰোধ কৰিব পাৰো। বাগিচাবোৰত সাধাৰণতে বহু সজাগতা সভা পতা হয়। বিভিন্ন ধৰণৰ সংগঠন যেনে অসম চাহ জনজাতি ছাত্র সন্থা, মহিলা সমিতি, সমাজসেৱী সংগঠন, গোট, শিক্ষক সংস্থা, জ্যেষ্ঠ নাগৰিক সন্থা, বাগিচাৰ ইউনিয়ন ইত্যাদি আছে। তেওঁলোকে মাজে মাজে সজাগতা সভা পাতে। কথা হ'ল এই সভাবোৰ সফল হৈছেনে। নৱপ্ৰজন্মৰ গোটখা, চিগাৰেটৰ প্ৰতি যি আসক্তি এইবোৰ কমা নাই। সেয়েহে আমি অলপ বেলেগ ধৰণৰ সজাগতা সভা পাতিব লাগে। বাগিচাবোৰত যথেষ্ট ডাঙৰ বহুল প্ৰচাৰ ভিত্তিত সাংস্কৃতিক অনুষ্ঠান যেনে - কৰম পৰৱ, চহৰাই পৰৱ, টুসু পৰৱ পাতে। এই অনুষ্ঠানত যথেষ্ট সংখ্যক ৰাইজ গোট খাই। নৃত্যগীতৰ আগতে ধূমপান বা নিচাজাতীয় সামগ্ৰী সেৱনৰ পৰা মুক্ত হোৱা কিছু কাৰ্য্যসূচী ৰাখিব লাগে। কাৰ্য্যসূচীসমূহত নৱপ্ৰজন্মৰ পৰা বৃদ্ধলৈকে বিভিন্ন অভিনয়ত অংশগ্ৰহণ কৰাব লাগে। ধূমপানৰ ভয়াবহতাৰ যি ছবি তাক বাস্তৱ ৰূপ দিবৰ বাবে মানসিক ভাৱে তেওঁলোকক প্রস্তুত কৰিব লাগে। যেনে ধূমপানৰ বাবে হোৱা লাংন্স কেন্সাৰ ৰোগীৰ জালা-যাতনা, বিষত কেকাই থকা দৃশ্য এটা জীৱন্ত ৰূপত অভিনয় কৰাব লাগে। যাতে সেই কিশোৰ বা কিশোৰীগৰাকীয়ে মন মগজুত এক ক্ৰিয়াৰ সৃষ্টি হয়। তেতিয়া তেওঁলোকে কথাটো বুলি উঠিব। এনেদৰে বিভিন্ন ৰোগী হস্পিতেল, ডাক্তৰ, নাৰ্চ আদিৰ অভিনয়ে নিশ্চয় কিছু পৰিৱৰ্তন আনিব। নাটকসমূহ আকৰ্ষণী কৰি তুলিব লাগে, লগতে বাটৰ নাট, নৃত্য-নাটিকা, গীত ইত্যাদি নিজৰ আঞ্চলিক ভাষাত কৰিব লাগে। অর্থাৎ ছাদ্রী ভাষাত ইয়াৰ বহুল প্রচাৰ হ'ব লাগে। যেনে মেগা ঝমুইৰ ইমানে প্রচাৰ হৈছিল যে সকলোৱে মনত থাকি গৈছে। তেনেদৰে ডাঙৰ ডাঙৰ প'ষ্টাৰ বা প্রজেক্টৰত দেখাব লাগে। প্রতি দেওবাৰে বাগিচাৰ ফিল্ডত দেওবৰীয়া আড্ডা, দেওবৰীয়া ক্লাব আয়োজন কৰিব লাগে। বর্তমান ছ'ছিয়েল মেডিয়াৰ যুগ, হাতে হাতে ম'বাইল ফোন সৰুৰ পৰা বুঢ়ালৈকে সকলোৱে স্মার্ট ফোন চলাব পাৰে। সেয়ে ছছিয়েল মেডিয়াত এনেধৰণৰ বিজ্ঞাপন, নৃত্য, গীত বহুল ভাৱে প্ৰচাৰ কৰিব লাগে। যাৰ প্ৰভাৱে সকলোকে আকৰ্ষিত কৰিব পাৰে। জীৱনটো আটাইতকৈ মূল্যৱান, স্বাস্থ্যই পৰম ধন এই কথা মাজে মাজে নৱপ্ৰজন্মক বুজাব লাগে। বেদত লিখাই আছে যে কিমান পোক-পৰুৱা, কীট-পতংগ, জীৱ-জন্তু হৈ জন্ম লাভ কৰাৰ পাছতহে মানৱ জীৱন লাভ কৰে। সেয়ে মানুহৰ ইমান সুন্দৰ শৰীৰটো অনাহকতে বেয়া বস্তু খাই ধ্বংস কৰাটো অনুচিত।

নৱপ্ৰজন্ম যাতে এনে কু-প্ৰভাৱৰ পৰা মুক্ত হয় তাৰ বাবে প্রশাসনেও দোকানত মুক্তভাৱে চিগাৰেট, ধপাত আদি বিক্ৰী কৰিব নোৱাৰে তাৰ বাবে আইন প্রণয়ন কৰিব লাগে। যেনেদৰে ড্ৰাগছ লোৱা চিৰিঞ্জ বেন্ড কৰিছে। কিবা কাৰণত যদি কুকুৰ বা মেকুৰীয়ে কামুৰিলে সেই চিৰিঞ্জত ৰেবিজ ইনজেকচন দিয়ে। কিন্তু ফাৰ্মাচীত মুকলিকৈ চিৰিঞ্জ বিক্ৰী কৰিব নোৱাৰে। তেনেদৰে চিগাৰেট আৰু ধঁপাত মুকলিকৈ বেচিব নোৱাৰা কৰিব লাগে। চিগাৰেটৰ পেকেটত লিখাই থাকে (Smoking is injurious to health) তথাপিও যুৱ প্ৰজন্মই চিগাৰেট খাই। আচলতে সকলোৱে নিজৰ স্বাস্থ্যৰ প্ৰতি নিজে সজাগ হ'ব লাগে। সুন্দৰ জীৱন, সুন্দৰ স্বাস্থ্য, সুন্দৰ মন আৰু শক্তি মানৱ সেৱাৰ বাবে উচৰ্গা কৰিব লাগে, দেশ আৰু সমাজৰ উন্নতিৰ বাবে কাম কৰিব লাগে। ধূমপান কৰি নিজৰ ধ্বংস লগতে সমাজৰ ক্ষতি কৰাৰ কথা নাভাবি ধনাত্মক চিন্তা কৰি নিজে সজাগ হৈ নিজৰ স্বাস্থ্যৰ কথা সকলোৱে চিন্তা কৰিলে নিশ্চয় যুৱপ্ৰজন্ম ৰক্ষা পৰিব। ধূমপানৰ কু-প্ৰভাৱৰ পৰা নিজকে ৰক্ষা কৰাটোহে আচল কথা। ধঁপাত মুক্ত দিৱসৰ দৰে ধূমপান বিৰোধ দিৱস পাতিব লাগে। সমাজৰ সকলো শ্ৰেণীৰ লোক যদি সজাগতাৰ লগত জড়িত হয় তেতিয়াহে আমি ধূমপান বিৰোধী এক পৰিৱেশ নৱপ্ৰজন্মক উপহাৰ দিব পাৰিম।