দীপজ্যোতি বৰগোহাঞি (মাদুৰি )
বুৰঞ্জী শব্দটো টাই মুলীয় ৷পু-লান -চি মুল শব্দ বু-লান-চি ,বু-লান্ -জি বুৰেণ জি শব্দই ৰূপ লৈছে ৷দৌতিয়েক হঁতে নাতিয়েক বংশধৰ সকললৈ সযত্নে থৈ যোৱা কাকত পত্ৰ বোৰেই বুৰঞ্জী ৷য’ত ভৱিষ্যত বংশধৰ সকলে পুৰ্বপুৰুষৰ কীৰ্ত্তি -কলাপৰ কথা জানি ভৱিষ্যতৰ কৰ্ম প্ৰন্থা নিৰূপন কৰিব পাৰে ৷ মুঠৰ ওপৰত বুৰঞ্জী শব্দটো অসমীয়া ভাষালৈ তুলি লোৱা টাইমুলীয় শব্দ ৷
আহোম সকল সৌমাৰ খণ্ডলৈ আহোতে টাই ভাষাত লিখা বুৰঞ্জী আৰু মহুং অৰ্থাৎ পণ্ডিত লগত লৈ আহিছিল ৷ তাৰোপৰি চ্যুকাফাই ইৰাৱতী নৈ পাৰহৈ খামজাং পাওঁতে লগৰ মানুহ হিচাপ কৰি দেখিছিল যে ৬০ জন মৰিল আৰু ৭জন হেৰাল ৷তেতিয়াই তেওঁৰ লগত অহা পণ্ডিতক যি মৰে ,যাক পায় যি ঘটনা ঘটে তাক লিখি ৰাখিবলৈ আদেশ দিছিল এয়া সৌমাৰলৈ আহোমৰ বুৰঞ্জী ৰচনাৰ আৰম্ভণি ৷
বুৰঞ্জী লিখাৰ পাতনি- প্ৰথমে বুৰঞ্জীবোৰ টাই ভাষাত লিখা হৈছিল । টাই ভাষাত বুৰঞ্জী লিখাৰ পৰম্পৰা ঊনবিংশ শতিকালৈকে ৰক্ষিত হৈছিল । চুহুংমুং দিহিঙ্গীয়া স্বৰ্গদেউৰ দিনত তেওঁৰ লগত অহা বৰগোহাঞি আৰু বুঢ়াগোহাঞি দুজনৰ সতি সন্ততি সকলে স্বৰ্গদেউৰ আগত প্ৰাৰ্থনা কৰিছিল যে ;তেওঁ বিলাকক ৰাজকীয় মৰ্যদা প্ৰদান কৰিব লাগে ৷স্বৰ্গদেউৱে ঘোষণা আগবঢ়ালে যে যি বুৰঞ্জী আৰু?বংশাৱলী কিম্বা ডাঙৰীয়া দুজনৰ তেজৰ প্ৰবাহ আছে তেনেহলে ৰাজকীয় মৰ্যদা আৰু অনান্য সা- সুবিধা পাব অন্যথাই সেই সুবিধাৰ পৰা বঞ্চিত হব ৷কথা মতেই কাম যি সকলে নিজৰ বংশ মৰ্যদা প্ৰমাণ কৰিবলৈ সক্ষম হ’ল তেওঁবিলাকে কোঁৱৰ আৰু গোহাঁই মৰ্যদা পালে বাকেসকলক বিনৈ গুটি বুলি ধৰা হ’ল ৷সেই সময়ৰে পৰা আহোমে টাই ভাষাত বুৰঞ্জী লিখাৰ পৰম্পৰা আৰম্ভ হ’ল। সেয়া ষোড়শ শতিকাৰ আদি ভাগৰ কথা ৷ প্ৰথমে বুৰঞ্জীত খেল -মিল বংশৰ মুলৰ কথা সন্নিবিষ্ট কৰা হৈছিল ৷পাছলৈ ৰাজ্যৰ সকলো ঘটনাৰ সবিশেষ লিখিবলৈ আৰম্ভ কৰা হয় ৷ৰজাৰ ঘৰৰ গন্ধীয়া ভঁৰালৰ পিয়ল ;ৰাজকীয় চিঠি সেনাপতি সকলৰ যুদ্ধৰ প্ৰতিবেদন চকীয়াল বিষয়াৰ প্ৰতিবেদন কটকী বৈৰাগীৰ প্ৰতিবেদন যথানিয়মে সংৰক্ষিত কৰা হৈছিল । এইবোৰ নিৰ্ভৰযোগ্য তথ্য সমল আৰু প্ৰমাণৰ দ্বাৰা বুৰঞ্জীকাৰে বুৰঞ্জী প্ৰণয়ন কৰিছিল ৷
“চকৰি ফেঁটী বুৰঞ্জী “যি বুৰঞ্জী স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত (১৭৫১ -১৭৬৯)ৰাজমন্ত্ৰী নুমলী বৰগোহাঞিয়ে লিখিছিল য’ত বুৰঞ্জীখনৰ আগভাগত খেল বিলাকৰ মুল আৰু সৃষ্টি কাহিনীৰ বিৱৰণ আছে ৷সেই কথাখিনি হেমচন্দ্ৰ গোস্বামীৰ ’পুৰণি অসম বুৰঞ্জীতো সন্নিবিষ্ট হৈছে ৷ সুকুমাৰ মহন্তৰ ঘৰত পোৱা মুল বুৰঞ্জীখনৰ এটা অধ্যায়তো একেখিনি কথা আছে ,৷
বুৰঞ্জী ৰচনাৰ দুটা পৰ্যায় আছে ৷ৰাজকীয় আৰু ব্যক্তিগত ৰজাঘৰত চিৰিংফুকনৰ পোনপটীয়া দায়িত্বত আৰু বৰচিৰিং বৰুৱা দেওধাই বৰুৱা বাইলুং ফুকন আদিৰ সহযোগত বুৰঞ্জী সংকলন কৰা হৈছিল ৷পোনতে এই কাম টাই ভাষাত লিখা হৈছিল ৷কিন্ত ষোড়ষ শতিকাৰ পৰা পাছলৈ অসমীয়া ভাষাতো সামন্তৰালভাৱে বুৰঞ্জী লিখাৰ কাম আৰম্ভ হৈছিল ৷ৰজাঘৰত লিখোৱা বুৰঞ্জীবিলাক যিহেতু ৰাজকীয় সম্পতি সেইবাবে তাত লেখকৰ নাম উল্লেখ নহৈছিল ৷ৰজাঘৰীয়া বুৰঞ্জীবোৰ সাধাৰণ প্ৰজাই চোৱাৰ সুযোগ সুবিধা একেবাৰে নাছিল ৷সেই বুৰঞ্জীবোৰ ৰাজ্যৰ গন্ধীয়া ভঁৰালত সযত্নে সংৰক্ষিত হৈ আছিল ৷এই বুৰঞ্জীবোৰ চাবলৈ হলে ৰীতি পদ্ধতিৰ মাজেদি উলিয়াব বা সুমুৱাব পাৰিছিল ৷দ্বিতীয়তে ব্যক্তিগত বুৰঞ্জী কোনো অনুৰাগী ব্যক্তিয়ে ৰাজকীয় বুৰঞ্জীৰ আধাৰত বা অন্য সুত্ৰৰ সহায়তো ব্যক্তিগত বুৰঞ্জী প্ৰণয়ন কৰিছিল। মোৱামৰীয়া বিদ্ৰোহৰ সময়তে গড়গাঁওত থকা ৰাজকীয় গন্ধীয়া ভঁৰালটো জুই জ্বলাই পুৰি পেলোৱা হৈছিল ৷য’ত সেই সময়ৰ আহোম ৰাজত্বৰ সকলো ৰাজকীয় নথি পত্ৰ ধ্বংস হয় ৷যাৰ বাবে বহু তথ্য নোহোৱা হৈ গ’ল ৷পাছৰ যুগৰ বহু বুৰঞ্জীয়েই ব্যক্তিগত পৰ্যায়ৰ ৰচনা বা অনুলিপি ৷ ’বাঁহগড়ীয়া আতন বুঢ়াগোহাঞিৰ বুৰঞ্জী’আৰু কছাৰী বুৰঞ্জী ’তুংখুঙীয়া বুৰঞ্জী’ জয়ন্তীয়া বুৰঞ্জী’ আৰু কছাৰী বুৰঞ্জী সেই সময়ৰ ৰাজকীয় বুৰঞ্জী ৷ত্ৰিপুৰাৰ বুৰঞ্জী ও এটি ৰাজকীয় বুৰঞ্জী ৷ইয়াৰ বাহিৰেও গাঁৱে-ভূঞে থকা বুৰঞ্জীবোৰৰ সৰহ ভাগেই ব্যক্তিগত পৰ্যায়ৰ বুৰঞ্জী ৷দুই চাৰিখনক বাদ দি প্ৰায়ভাগেই অনামী অথবা নৈব্যত্তিক ৷
বিশেষভাৱে শিৱসাগৰ জিলাত বুৰঞ্জী ৰচনাৰ কাল ত্ৰয়োদশ শতিকাতহে ৷এই ধাৰা ঊনবিংশ শতিকা পৰ্যন্ত অব্যাহত আছিল ৷শিৱসাগৰ মহকুমাৰ মোহন দেওধাই বাইলুং গাঁৱত বুৰঞ্জী চৰ্চা আৰু ধৰ্মীয় কাম -কাজ নিত্য নৈমিত্তিক কামৰ দৰেই পালন কৰিছিল ৷তেওঁবিলাকে টাই ভাষা শিক্ষাৰ পঢ়াশালিও চলাইছিল ৷গতিকে টাই ভাষাত অসংখ্য বুৰঞ্জী আৰু ধৰ্মীয় পুথিবোৰ ৰচনা হৈছিল ৷ত্ৰয়োদশ শতিকাৰেপৰা ধাৰাবাহিক ভাবে যে বুৰঞ্জী ৰচিত হৈছিল গোলাপচন্দ্ৰ বৰুৱাৰ ’“আহোম বুৰঞ্জী খনেই “তাৰ প্ৰমাণ ৷এই বুৰঞ্জীৰ মুল পাণ্ডুলিপি আজিও পাটসাঁকো অঞ্চলত সংৰক্ষিত হৈ আছে ৷ত্ৰয়োদশ শতিকাৰ পৰা সপ্তদশ শতিকালৈকে বহুতো পুথি ৰচনা হৈছিল যদিও সেইবোৰৰ লেখকৰ নাম ৰচনাকাল পোৱা নাযায় ৷ষোড়ষ শতিকাৰ আদি ভাগৰ পৰাই থুলমুলকৈ অসমীয়া ভাষাত বুৰঞ্জী লিখা হৈছিল যদিও তাকো লেখকৰ নাম বা ৰচনা কাল উল্লেখ পোৱা নাযায় ৷
পোন প্ৰথম লেখকৰ নাম উল্লেখ পোৱা বুৰঞ্জীখন হ’ল ’বাঁহগড়ীয়া বুঢ়াগোহাঁই বুৰঞ্জী ।' বুৰঞ্জী খনৰ লেখক আতন বুঢ়া গোহাঁই ৷শিৱসাগৰৰ পাা গড়গাঁৱলৈ যাওঁতে দিখৌৰ সোঁপাৰে আতন বুঢ়াগোহাইৰ ঘৰ ৷গড়গাঁৱৰ নগৰৰ পশ্চিমফালে বাঁহগড় ৷এই বাঁহগড়ৰ কাষতে বাৰী থকাৰ বাবেই বাঁহগড়ীয়া আতন বুঢ়াগোহাঁই বোলে ৷ইয়াতে এফৈদ বুঢ়াগোহাঁইৰ ঘৰ আছিল ৷এওঁৰ বুৰঞ্জীখন সৰল প্ৰাঞ্জল ভাষাত ৰচিত ৷বুৰঞ্জীখন অৰ্জুন দিহিঙ্গীয়া ৰজাৰ ৰাজত্বৰ কালত সামৰণি পৰিছে ৷’দেওধাই অসম বুৰঞ্জীৰ দ্বিতীয়খন আৰু“সাতসৰী অসম বুৰঞ্জী “তৃতীয়খন বুৰঞ্জীৰ পাঠ সুন্দৰ আৰু সম্পুৰ্ণ ৷ইখনৰ পাঠ খণ্ডিত আৰু ক্ৰটিপুৰ্ণ ৷
বুৰঞ্জীখনৰ এঠাইত আছে ’যুদ্ধৰ কথা আন কাক আছে “দেখি নেলেখিলো ৷আতন বুঢ়া গোহাঁই নিজে এজন শৰাইঘাটৰ যুদ্ধৰ ঘাই সেনাপতি আছিল ৷অনেক ঘটনা তেওঁৰ চকুৰ আগত ঘটিছিল ৷“শৰাইঘাটৰ যুদ্ধৰোকথা “(মুল পুথিৰ ৰামসিংহৰ যুদ্ধৰ কথা )নামৰ বুৰঞ্জী খন কোনো এক বুৰঞ্জীকাৰে লিখিছিল যাৰ চাক্ষুস জ্ঞান বিদ্যমান । সেই বুৰঞ্জীতে আতন বুঢ়া গোহাঁইৰ তত্বাবধানতে ৰচিত হৈছিল বুলি অনমান কৰিব পাৰি কিয়নো যুদ্ধৰ পালি পালি -সেনাপতিৰ নাম চেহেৰা পাতি অস্ত্ৰ -শস্ত্ৰ আদিৰ ব্যৱহাৰৰ বিৱৰণ চাক্ষুস জ্ঞানৰ পৰিচয় দিছে ৷আন এখন বুৰঞ্জীত শৰাইঘাটৰ যুদ্ধৰ অসমীয়া সৈন্যৰ বিশ্ৰামৰ কোঠ আৰু প্ৰতি কোঠৰ দুৰত্বৰ সঠিক বিবৰণ আছে ৷(সহায় লৈ বুৰঞ্জীবিদ প্ৰয়াত লীলা গগৈ )