Type Here to Get Search Results !

সুন্দৰ জীৱন-যাপনৰ মূলমন্ত্ৰঃ ইতিবাচক চিন্তা


ৰঞ্জিত চুতীয়া
ৰজাধাপ, সোণাৰি


                আধুনিক জীৱনৰ জটিলতাৰ পৰা মুক্ত হৈ মানুহৰ জীৱনৰ সাৱলীল গতিৰ বাবে বহু চিন্তাবিদে নানা ধৰণৰ চিন্তা-চৰ্চা কৰি আহিছে। নানা ধৰণৰ কৰ্মশালা আয়োজন কৰাৰ লগতে জীৱনমুখী কিতাপ-পত্ৰ লিখি আছে। জীৱনত উৎকৰ্ষ সাধন কৰিবলৈ হ'লে আমাৰ চিন্তা-ধাৰা হ'ব লাগিব ইতিবাচক। আমি জানো, ইতিবাচকভাবে চিন্তা কৰিব পৰাটো জীৱনত সাফল্য অৰ্জনৰ এটা মৌলিক চৰ্ত। জীৱনত সাফল্য অৰ্জন কৰি সুন্দৰ জীৱন-যাপনৰ বাবে ইতিবাচকভাবে চিন্তা কৰিবই লাগিব। যিটো নিজৰ লক্ষ্য যাতে শুদ্ধ হয়, তাৰ প্ৰতি সদা সৰ্তক দৃষ্টি ৰাখিব লাগিব। যিটো নিজৰ অতিশয় ভাল লগা বস্তু তাৰ ফালে নিৰৱচ্ছিন্নভাবে আগুৱাই যাব লাগিব। দূৰদৃষ্টিৰে কাম কৰি লক্ষ্যত সফলভাবে উপনীত হ'ব পাৰিলেই এটি সুন্দৰ জীৱন-যাপন কৰিব পাৰিব।

                প্ৰত্যেক জন মানুহৰে এটা গোপন বাসনা হ'ল নিজেই নিজৰ ভাগ্য নিয়ন্তাত পৰিণত হোৱা। নিজৰ ভাগ্য নিজে গঢ়িব পাৰিলে জীৱনত সাফল্য অৰ্জন কৰি প্ৰতিষ্ঠা লাভ কৰাটো তেনেই সহজ। তেনে কৰিব পাৰিলে মানুহ পৰিস্থিতিৰ দাস হোৱাৰ পৰা ৰক্ষা পৰে। যিজন ব্যক্তিয়ে নিজৰ ভাগ্য নিজেই গঢ়ি ল'ব পাৰে, তেওঁ কাৰো হুকুমৰ গোলামত পৰিণত নহয় আৰু ব্যৰ্থতাৰ পিটনিত পৰি কক্ বকাই জীৱনটো পাৰ কৰিব লগা নহয়। তেওঁ আনে দেখুৱাই দিয়া বাটেৰে বাট বুলিব লগা নহয়। তেওঁ নিজেই নিজৰ বাট কাটি নিজৰ জগত নিজেই গঢ়ি ল'ব পাৰে। প্ৰত্যেকজন মানুহৰ মাজতে অন্তৰ্নিহিত হৈ থাকে এই শক্তি যে, তেওঁ নিজেই নিজৰ মূল্য নিৰ্ধাৰণ কৰি ল'ব পাৰে, নিজে নিজৰ আদৰ্শ নিৰ্ধাৰণ কৰি ল'ব পাৰে আৰু সেই অনুযায়ী নিজৰ জীৱন পৰিচালনা কৰি সুন্দৰ জীৱন-যাপন কৰিব পাৰে।

                     এটা সুদৃঢ় লক্ষ্যই মানুহক দীৰ্ঘ জীৱন প্ৰদান কৰিব পাৰে। জীৱনত সফলতা অৰ্জন কৰিব বিছাৰিলে এটা সজীৱ তথা ইতিবাচক চিন্তা-ধাৰা লৈ নিয়মিতভাবে কাম কৰি যাবই লাগিব। কামৰ গতিত কোনো ধৰণৰ যতি পৰিব নালাগিব। মনত দৃঢ় প্ৰতিজ্ঞা কৰিব লাগিব আৰু সকলো বাধাৰ প্ৰাচীৰ অতিক্ৰম কৰি নিৰন্তৰ আগুৱাই যাবলৈ চেষ্টা কৰিব লাগিব। সৰু সৰু সাফল্যৰ প্ৰতিও সৰ্তক দৃষ্টি ৰাখিব লাগিব। কাৰণ, সৰু সৰু সাফল্য মিলিহে এটা ডাঙৰ সাফল্যৰ ৰূপ লয়। জীৱনৰ সকলো ধৰণৰ প্ৰত্যাহ্বানকে ইতিবাচক ভাবে গ্ৰহণ কৰিব লাগিব। সংকটৰ সময়ত নিজকে দুৰ্বল কৰি মনৰ উৎসাহ উদ্দীপনা ম্লান পৰিবলৈ কেতিয়াও দিব নালাগিব। মনৰ উদ্যম সকলো সময়তে সজীৱ কৰি ৰাখিব লাগে। নিজৰ লক্ষ্যত একেঁজাপে উপনীত হ'বলৈ চেষ্টা নকৰি স্বাভাৱিক গতিৰে এখোজ দুখোজকৈ আগবাঢ়ি গ'লে এসময়ত লক্ষ্যত উপনীত হ'বই, ই ধ্ৰুৱ সত্য।

                 নেতিবাচক কথাই মানুহৰ মনত নেতিবাচক চিন্তাৰ জন্ম দিয়ে। সেয়ে তেনেবোৰ ক্ষেত্ৰত আত্মসংযম আৰু বাক্- সংযম কৰাটো নিতান্তই জৰুৰী। কোনোবাই কিবা নেতিবাচক কথা উত্থাপন কৰিলে তাৰ পৰা নিজকে আঁতৰাই ৰাখিব লাগিব। আনে যাতে আমাৰ চিন্তাত নেতিবাচক প্ৰভাৱ পেলাব নোৱাৰে, তাৰ বাবে সকলো সময়তে সৰ্তক থাকিব লাগিব। আমাৰ চিন্তা-ধাৰাক সঠিক দিশত পৰিচালনা কৰিব লাগিব। আমাৰ সাফল্য-ব্যৰ্থতা আমাৰ চিন্তা-ধাৰাৰ ওপৰতেই নিৰ্ভৰ কৰে। নিজৰ প্ৰতিটো কামৰে বিশ্লেষণ কৰি প্ৰয়োজনত সংশোধন কৰি ল'ব লাগিব। আমাৰ ওপৰত যাৰে-তাৰে প্ৰভাৱ পৰিলে ক্ষতি সাধন হ'ব পাৰে। গতিকে তেনে মানুহৰ প্ৰভাৱহে পৰিবলৈ দিব লাগে, যাৰ চিন্তা-ধাৰা সদৰ্থক।

                    মানুহৰ জীৱনত সমস্যাই গা-ছাঁৰ দৰে পিছ নেৰে। গতিকে সমস্যাৰ ফালে দৃষ্টি নিবদ্ধ কৰি মনৰ আকাশত দুশ্চিন্তাৰ কলা ডাৱৰ বিয়পাই একো লাভ নাই। তাৰ পৰিৱৰ্তে সকলো সময়তে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই সকলো ধৰণৰ সমস্যাৰে মোকাবিলা কৰিবলৈ প্ৰস্তুত হ'ব লাগে। এনে কৰিব পাৰিলে লাভ কৰিব অফুৰন্ত মানসিক শক্তি, অসীম শাৰীৰিক শক্তি আৰু অপাৰ সহনশীলতা। প্ৰাৰ্থনাৰে মনত গোট মৰা বিষাদৰ মলিনতা পৰিস্কাৰ কৰিব পাৰিলে মনত এক অলৌকিক শক্তি উদয় হ'ব আৰু মনৰ পৰা সকলো ধৰণৰ নেতিবাচক চিন্তা দূৰ হৈ ইতিবাচক চিন্তাই বাহ ল'ব। ইয়াৰ ফলত নতুনকৈ কামত উদ্বুদ্ধ হৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব।