Type Here to Get Search Results !

ভয়


সবিতা বৰুৱা ফুকন 

কেনেকৈ হেৰায় যায় 
বুকুৰ পৰা ভয়,
কেনেকৈ নোহোৱা হয় হৃদয়ত বিশ্বাস আৰু প্ৰেম 
কেনেকৈ জাহ যায় বুকুত 
আবেগ, অনুভূতি আৰু কামনা  ,
কিমান গভীৰ নিঃসংগতাৰ বাট,
কিমান মৌন চিঞৰৰ 
শূণ্যতা তাত 

প্ৰতিটো মুহূৰ্ত ই আকংক্ষিত 
এটা শূণ্য সুৰংগতে 
ৰৈ আছো দশকজোৰা 
অভাৱ সহি,
ৰ'দ আৰু বতাহৰ অপেক্ষাত 
অহৰহ প্ৰতিক্ষা কৰিছোঁ ম ই
এক নীড়হাৰা বিহংগৰ দৰে,
জীৱনৰ সমস্ত ক্লান্তি
বুকুত সাৱতি  ।