Type Here to Get Search Results !

মোৰ আকাশৰ ধ্ৰুৱতৰা : মা


জুবাইৰ ৰহমান আকন্দ,হাটশিঙিমাৰী

  
মোৰ মনৰ আকাশত
তুমি এক উজ্জ্বল ধ্ৰুৱতৰা,
তোমাৰ মৰমৰ স্নিগ্ধ পোহৰত
জিলিকি উঠে মোৰ উকা বসুন্ধৰা।

নিশাৰ অন্ধকাৰত যেতিয়া
বিষাদে আমনি কৰে,
তোমাৰ হাতৰ মৰমৰ পৰশত
সকলো যন্ত্ৰণা নিমিষতে মৰে।

মোৰ হিয়াৰ পৰম নিৰাপদ আশ্ৰয়
তোমাৰ আঁচলৰ সেই শীতল ছাঁত,
মোৰ শ্ৰুতি পথৰ শ্ৰেষ্ঠ শব্দ
তোমাৰ মুখেৰে ওলোৱা সেই সুৰীয়া মাত।

পাহৰা নাই মই, অনিদ্ৰা নিশাৰ
তোমাৰ সেই নিৰৱ প্ৰাৰ্থনা,
তোমাৰ অদৃশ্য আশীৰ্বাদেই
মোৰ জীৱনৰ মূল সাধনা।

তোমাৰ ভৰিৰ ধূলি মূৰত লৈ
জয় কৰিব খোজোঁ সফলতাৰ শিখৰ,
তোমাৰ হেজাৰ অশোধিত ঋণ বুকুত লৈ
গঢ়িব খোজোঁ মোৰ সপোনৰ নগৰ।