Type Here to Get Search Results !

ভাষণ কেনেকৈ আৰম্ভ কৰিব - সম্পাদকীয়


ভাষণৰ আৰম্ভণিয়েই হ'ল ভাষণৰ প্ৰাণ স্বৰূপ। আৰম্ভণিতে শ্ৰোতাৰ মন জয় কৰিব নোৱাৰিলে সমগ্ৰ ভাষণটোৱে প্ৰভাৱ পেলাব নোৱাৰে। গতিকে ভাষণ আৰম্ভ কৰোঁতে তলত দিয়া দিশসমূহৰ প্ৰতি লক্ষ্য ৰখাটো বাঞ্ছনীয়।

১) চমু আৰু বিনয়ী সম্বোধন  
প্ৰথমে সভা বা অনুষ্ঠানত উপস্থিত সকলোকে সম্বোধন কৰিব। কিন্তু মনত ৰাখিব, সম্বোধনটো যিমান পাৰি চমু আৰু সন্মানজনক হ’ব লাগে। দীঘলীয়া নামৰ তালিকাই আৰম্ভণিতে শ্ৰোতাক বিৰক্ত কৰিব পাৰে।

২) কাহিনীৰ মাজেৰে আৰম্ভ
এটা প্ৰাসংগিক সৰু গল্প বা ঘটনাৰে ভাষণ আৰম্ভ কৰিলে শ্ৰোতাৰ মন সহজে আকৰ্ষিত হয়। কাহিনীয়ে ভাষণৰ মূল বিষয়বস্তুলৈ নিবলৈ সাঁকোৰ কাম কৰে।

৩) পোনপটীয়া আৰম্ভণি
কেতিয়াবা পোনপটীয়াকৈ বিষয়টোত প্ৰৱেশ কৰাটোৱেই আটাইতকৈ শক্তিশালী। ভূমিকা নকৰাকৈ মূল কথাটোকে প্ৰথম বাক্যতে ক’লে শ্ৰোতাৰ মনোযোগ তৎক্ষণাত বৃদ্ধি পায়।

৪) চমকপ্ৰদ উক্তিৰে আৰম্ভ  
এটি চিন্তাশীল উক্তি, শ্লোক বা ডাঙৰ ব্যক্তিৰ বাণীৰে ভাষণ আৰম্ভ কৰিলে ভাষণলৈ গাম্ভীৰ্য আহে। এই উক্তিটো যেন বিষয়বস্তুৰ লগত জড়িত হয়।

৫) এটা ঘটনাৰ উল্লেখ  
সমাজৰ কোনো প্ৰাসংগিক দুখজনক বা প্ৰেৰণাদায়ক ঘটনাৰ উল্লেখ কৰি ভাষণ আৰম্ভ কৰিলে শ্ৰোতাৰ মনত তৎক্ষণাত সহানুভূতি আৰু গুৰুত্বৰ ভাৱ জাগে।

৬) প্ৰশ্ন অৱতাৰণা  
শ্ৰোতাৰ আগত এটা প্ৰশ্ন দাঙি ধৰি ভাষণ আৰম্ভ কৰিব পাৰি। প্ৰশ্নই শ্ৰোতাক ভাবিবলৈ বাধ্য কৰে আৰু উত্তৰ জানিবৰ বাবে তেওঁলোক আগ্ৰহী হৈ পৰে।

৭) কৌতুহল সৃষ্টি  
শ্ৰোতাৰ মনত কৌতুহল বা উদ্বেগৰ সৃষ্টি কৰি ভাষণ আৰম্ভ কৰিলে তেওঁলোকে শেষলৈকে শুনিবলৈ আগ্ৰহী হৈ থাকে। ‘আপোনালোকে জানেনে...’ ধৰণৰ আৰম্ভণিয়ে ইয়াত সহায় কৰে।

৮) প্ৰথমেই কৌতুক নকৰিব  
প্ৰথমতে হাঁহি উঠা কথাৰে ভাষণ আৰম্ভ কৰাটো উচিত নহয়। এনে কৰিলে সভাৰ গাম্ভীৰ্য নষ্ট হয় আৰু পৰিৱেশ অনিয়ন্ত্ৰিত হৈ পৰিব পাৰে।

৯) ক্ষমা খুজি আৰম্ভ নকৰিব  
‘মই ভালকৈ ক’ব নোৱাৰোঁ’, ‘মোক ক্ষমা কৰিব’ — এনেদৰে আত্মবিশ্বাসহীনতাৰে ভাষণ আৰম্ভ কৰিলে শ্ৰোতাৰ মনত আপোনাৰ প্ৰতি বিশ্বাস কমি যায়।

উপসংহাৰ  
ওপৰত উল্লেখ কৰা দিশসমূহৰ প্ৰতি লক্ষ্য ৰাখি যদি কোনো ভাষণ আৰম্ভ কৰা হয়, তেন্তে শ্ৰোতা নিশ্চয়কৈ আকৰ্ষিত হৈ ভাষণটো শুনিবলৈ আগ্ৰহী হ’ব। মনত ৰাখিব লাগে যে—  প্ৰথম ৩০ ছেকেণ্ডতেই ভাষণৰ ভাগ্য নিৰ্ধাৰিত হয়।

অৰুণ কোঁৱৰ
সম্পাদক- সমলয়
৮/৭/২০২৬