Type Here to Get Search Results !

লক্ষ্য (অণুগল্প )


গীতামণি কলিতা
 যোৰহাট, ভাতেমৰা পথ।
                  

   " তোমাৰ জীৱনৰ লক্ষ্য ? "

  " সফল ব্যৱসায়ী হোৱা। "

    " নহ'ব দেই, ডাক্তৰ, ইঞ্জিনিয়াৰ হ'ব লাগিব। "

     " নাই মা, মই ব্যৱসায়হে কৰিম। "

      " বোৱাৰী,  দেখাক দেখি লৰাটোক ডাক্তৰ, ইঞ্জিনিয়াৰ হ'বলৈ বাধ্য নকৰাবা। 
জীৱনটো তাৰ, লক্ষ্য আৰু উদেশ্যও নিজৰ, 
গতিকে, পঢ়াটোও নিজৰ ইচ্ছামতেই কৰিবলৈ দিয়া। 
আনৰ পৰোচনাত পৰি সি জীৱনৰ লক্ষ্য সলনি কৰিব নালাগে। 
মুঠতে,, যি কৰ্মই নকৰক সৎ হ'ব লাগে। "