ৰঞ্জিত চুতীয়া
ৰজাধাপ, সোণাৰি
সাধাৰণ অৰ্থত 'ভোগ' মানে উপভোগ কৰা বা ব্যৱহাৰ কৰা আৰু বিলাস মানে অতিৰিক্ত সুখ বা আৰাম। অৰ্থাৎ, ভোগ-বিলাস হৈছে মানৱ জীৱনৰ আৰাম, ঐশ্বৰ্য আৰু ভৌতিক সুখ-সম্ভাৰত লিপ্ত থকা মানসিকতা। মানুহে কষ্টৰে ধন উপাৰ্জন কৰি জীৱনটোক সুখেৰে উপভোগ কৰিবলৈ আৰু আৰামদায়ক কৰি তুলিবলৈ বিবিধ বস্তু ক্ৰয় কৰে। কিন্তু যেতিয়া এই সুখ-সামগ্ৰীৰ প্ৰতি মানুহৰ অত্যধিক আসক্তি জন্মে, তেতিয়াই ই ভোগ-বিলাসৰ ৰূপ লয়। ই মানুহক কেৱল ক্ষণিক আনন্দহে প্ৰদান কৰে। ভোগ-বিলাসে মানুহক নৈতিক আৰু আধ্যাত্মিক মূল্যবোধৰ পৰা আতঁৰাই মানসিক অশান্তি প্ৰদান কৰে। অত্যধিক ভোগ-বিলাসে মানুহক লোভী কৰি তোলে। ভোগ-বিলাসৰ সামগ্ৰী যথেষ্ট লাভ কৰাৰ পাছতো মানুহৰ মনত অধিক পোৱাৰ বাসনা বা লোভ জাগ্ৰত হয়। ফলত মানুহে কোনো দিনেই সুখী জীৱন কটাব নোৱাৰে। দাৰ্শনিক মাৰ্কাছ অৰেলিয়াছে কৈছিল, "মানুহে নিজৰ অধিকাৰ আৰু ক্ষমতা সম্পৰ্কে সচেতন থকা উচিত। নিজকে সংযত কৰা উচিত। ভোগ-বিলাসৰ পৰা যিমান পাৰি আতঁৰি থকা উচিত। ভোগে মানুহক অতৃপ্তিৰ বাহিৰে আন একোকে দিব নোৱাৰে।"
ধৰ্মতত্ত্বত কৈছে ঈশ্বৰে প্ৰকৃতিৰ প্ৰতিটো বস্তু মানুহৰ ভোগৰ বাবে সৃষ্টি কৰিছে। যদি মানুহে আগ-পিছ নাভাবি অসংযতভাবে প্ৰকৃতিৰ ওপৰত অত্যাচাৰ চলাই যায়, তেনে প্ৰাকৃতিক ভাৰ সাম্যহীনতাৰ সৃষ্টি হ'ব। মানুহৰ ভোগবাদী মানসিকতাৰ বাবেই প্ৰাকৃতিক সম্পদৰ অপব্যৱহাৰ হৈছে। সাম্প্ৰতিক সময়ত বিলাসিতাৰ সামগ্ৰী উৎপাদন কৰিবলৈ গছ-গছনি কাটি বৃহৎ উদ্যোগ স্থাপন কৰা হৈছে। আৰামদায়ক জীৱন কটাবলৈ গৈ গাড়ী-মটৰৰ সংখ্যা বৃদ্ধি পাইছে, যাৰ ফলত প্ৰদূষণ আৰু গোলকীয় উষ্ণতা বৃদ্ধি পোৱাৰ দৰে গুৰুত্বপূৰ্ণ সমস্যাই দেখা দিছে। প্ৰকৃতিয়ে যেতিয়া প্ৰতিশোধ লয়, তেতিয়া সি অতি নিৰ্মমভাৱে লয়। সি ধনী-দুখীয়া, ল'ৰা-বুঢ়া, পুৰুষ-মহিলা, হিন্দু-মুছলমান- খৃষ্টান-ইহুদি একো বিচাৰ নকৰে। প্ৰকৃতি ৰুষ্ট হ'লে এফালৰ পৰা সকলোকে গ্ৰাস কৰি নিয়ে। সেয়ে মানুহ ভোগ-বিলাসৰ ক্ষেত্ৰত সংযমী হোৱা উচিত। সংযমৰ পৰাহে প্ৰকৃত সুখ লাভ হয়, লেকামহীন ভোগ-বিলাসৰ পৰা নহয়।
আনহাতে ভোগ-বিলাসৰ পৰা আতঁৰি থকাৰ শিক্ষা আমি গ্ৰীক দাৰ্শনিক ছক্ৰেটিছৰ পৰাও পাওঁ। ভোগ-বিলাসৰ ক্ষতিকাৰক দিশৰ কথা পৃথিৱীৰ বহু দাৰ্শনিকে কৈ গৈছে। ভাৰতীয় দৰ্শনতো ইয়াৰ অপকাৰৰ কথা বাৰে বাৰে দোহৰা হৈছে। ঈশোপনিষদৰ প্ৰথম মন্ত্ৰটিত উল্লেখ আছে, "ঈশাবাস্যমিদং সৰ্বং যৎকিঞ্চ জগত্যাং জগৎ। তেন ত্যত্তেন ভূঞ্জীথা মা গৃধঃ কস্য স্বিদ্ধনম্ ।।"
অৰ্থাৎ এই জগতৰ (সংসাৰৰ) প্ৰত্যেকটো বস্তুতেই পৰমেশ্বৰ বা ঈশ্বৰ বিদ্যমান। সেই বাবে সকলো বস্তুত আসক্তি বা লোভ পৰিহাৰ কৰি ঈশ্বৰৰ দান হিচাপে তাক ত্যাগৰ মনোভাবেৰে ভোগ বা ব্যৱহাৰ কৰিব লাগে। আনৰ সম্পত্তি বা ধনৰ প্ৰতি কেতিয়াও লোভ বা আকাংক্ষা নকৰিব। ই ইয়াকে বুজাই যে সংসাৰৰ কোনো বস্তুৱেই স্থায়ী নহয় আৰু আমাৰ ব্যক্তিগত নহয়, কিন্তু সেইবোৰ ভগৱানৰ দ্বাৰা নিয়ন্ত্ৰিত। ইয়াত বস্তুবোৰ এৰি দি অৰণ্যলৈ গুছি যাবলৈ কোৱা হোৱা নাই। ইয়াৰ প্ৰকৃত অৰ্থ হ'ল - কোনো বস্তুৰ প্ৰতি মোহ বা লালসা নাৰাখি ত্যাগৰ জৰিয়তে সম্পদসনূহ উপভোগ কৰি শান্তিপূৰ্ণ ভাবে জীৱন-যাপন কৰা আৰু আনন্দ লাভ কৰা।
সীমিত পৰিমাণৰ ভোগ-বিলাসে মানুহক কঠোৰ পৰিশ্ৰম কৰিবলৈ অনুপ্ৰাণিত কৰে। ই জীৱন-যাপনৰ মানদণ্ড উন্নত কৰে, বিজ্ঞান-প্ৰযুক্তিৰ বিকাশ ঘটায় আৰু সমাজৰ অৰ্থনৈতিক গতিশীলতা আনিবলৈ সহায় কৰে। কিন্তু ভোগ-বিলাসৰ প্ৰতি অতিমাত্ৰা আসক্ত হ'লে মানুহে নৈতিকতা, মানৱতা আৰু আধ্যাত্মিকতা পাহৰি যায়। এচামে যেতিয়া কোটি কোটি টকা ভোগ-বিলাসৰ পিছত খৰচ কৰে, আনফালে দুবেলা দুসাজ অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হয়, তেতিয়াই সমাজত উচ্চ-নীচৰ প্ৰভেদ বৃদ্ধি পায় আৰু অপৰাধমূলক প্ৰৱণতাও বৃদ্ধি পায়।
জীৱনটোক সুন্দৰভাবে যাপন কৰিবলৈ বৈভৱ বা আৰামৰ প্ৰয়োজন আছে, কিন্তু ভোগ-বিলাসেই যেন জীৱনৰ একমাত্ৰ লক্ষ্য হৈ নপৰে তাৰ প্ৰতি সকলোৱে লক্ষ্য ৰখা উচিত। ভোগৰ মাজত লিপ্ত নাথাকি সংযম আৰু মিতব্যয়িতা অৱলম্বন কৰিলেহে জীৱন সাৰ্থক আৰু শান্তিময় হৈ পৰিব। বিলাসিতাৰ উৰ্ধত গৈ এক সৰল, শান্তিময় আৰু পৰোপকাৰী জীৱন-যাপন কৰাই মানৱতাৰ আচল পৰিচয়।