ধীৰেন শইকীয়া,নুনমাটি।গুৱাহাটী।
অৰুনাচল প্ৰদেশৰ মহিলা য়ানুং জামোহ লেগোৰ নাম নুশুনা মানুহ এতিয়া নাই।সামাজিক মাধ্যমতো সমানেই সৰৱ তেওঁ। বহু সংবাদ মাধ্যমৰো তেওঁ আলোচনাৰ মধ্যমণি।2024 চনৰ পদ্মশ্ৰী প্ৰাপক এইগৰাকী নাৰী সম্প্ৰতি অৰুণাচল প্ৰদেশৰে গৌৰৱ নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ বাবে এক গৌৰৱ হৈ পৰিছে। তেওঁৰ সাধনা, ত্যাগ, মানৱতা আৰু প্ৰকৃতিৰ প্ৰতি থকা গভীৰ আস্থা তথা উপযোগিতাই যুগে যুগে মানুহক অনুপ্ৰাণিত কৰি থাকিব। সৰুৰে পৰা প্ৰকৃতিৰ মাজত ডাঙৰ-দীঘল হোৱা লেগোৱে বনাঞ্চলক বিদ্যালয় আৰু গছ-গছনিক শিক্ষক হিচাপে গ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ আছিল এজন জনপ্ৰিয় লোক-চিকিৎসক। পিতৃৰ কাষত বহি তেওঁ শিকিছিল কি গছৰ পাতে জ্বৰ কমায়, কি গছৰ শিপাই বিষ নাশ কৰে, কি লতাই শৰীৰৰ ভিতৰত নতুন শক্তিৰ সঞ্চাৰ কৰে। কি গছৰ পাতেলিভাৰৰ সমস্যাবোৰ ঠিক কৰে। পিতৃ প্ৰদত্ত এইবোৰ শিক্ষাই পৰৱৰ্তী সময়ত তেওঁৰ জীৱনৰ গতিয়েই সলাই দিলে। তেওঁ বিশ্বাস কৰে-লোক-চিকিৎসাৰ জ্ঞান কেৱল কিতাপৰ পৃষ্ঠাত লিখা নাথাকে; ই থাকে অভিজ্ঞতাৰ মাজত, পৰ্যবেক্ষণৰ মাজত আৰু প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰবাহিত হোৱা এক মৌখিক পৰম্পৰাৰ মাজত। ইয়ানুং জামোহ লেগোৱে এই ঐতিহ্যমণ্ডিত পৰম্পৰাক কেৱল সংৰক্ষণেই কৰা নাই, তেওঁ ইয়াক নতুন প্ৰজন্মৰ আগত সন্মান তথা প্ৰমাণ সহকাৰে প্ৰতিষ্ঠা কৰিছে। চিকিৎসাৰ ক্ষেত্ৰত তেওঁৰ যাত্ৰা আৰম্ভ হৈছিল গাঁওবাসীৰ সাধাৰণ অসুখ-বিসুখৰ চিকিৎসাৰ মাজেৰে। তেওঁ গাঁৱৰ মানুহৰ বেমাৰ আজাৰত দুই এটা দিহা দিয়াত উপশম হৈছিল। বহুতেই ভাল পাইছিল সেয়াই আৰম্ভণি যাত্ৰা।পৰৱৰ্ত্তীসময়ত সেই বিষয়ত পঢ়াশুনা কৰাত আৰু অধিক জ্ঞান বাঢ়িছিল। কৃষিবিজ্ঞান অধ্যয়ন কৰাত আৰু অধিক বাস্তৱসন্মত হৈ আত্মবিশ্বাস গঢ়ি উঠিছিল।
ভাৰতৰ বহুকেইখন ৰাজ্যৰ লগতে ভাৰতৰ বাহিৰেও পৃথিৱীৰ বিভিন্ন দেশৰ(কানাডা, আমেৰিকা, দক্ষিন কোৰিয়া আদি)পৰাও তেওঁলৈ বিভিন্ন ৰোগী আহি চিকিৎসা গ্ৰহণ কৰি আৰোগ্য হৈছে। হাবি জংঘলৰ পৰা পৰিকল্পিত ভাৱে সংগ্ৰহ কৰা বনৌষধিৰ দ্বাৰা চিকিৎসা কৰি তেওঁ হেজাৰ হেজাৰ লোকক নাৰ্ভৰ সমস্যা,পাত্থৰ সমস্যা,থাইৰয়ড সমস্যা,মধুমেহ,কৰ্কট, উচ্চ ৰক্তচাপৰ দৰে ৰোগো তেওঁ আৰোগ্য কৰি চমকপ্ৰদ হৈ পৰিছে। বিশেষকৈ কেইবাপ্ৰকাৰৰ কৰ্কট ৰোগো তেওঁৰ চিকিৎসাই হেনো আৰোগ্য কৰিছে। এক প্ৰতিবেদনত প্ৰকাশ যে তেওঁ দহ হেজাৰ চতুৰ্থ ষ্টেজ প্ৰাপ্ত কৰ্কট ৰোগীকো তেওঁ আৰোগ্য কৰিছে।
পাৰ্শ্ব ক্ৰিয়াহীন এই চিকিৎসাই তেওঁক এগৰাকী দেৱীৰ শাৰীলৈ উত্তৰণ ঘটাইছে। উত্তৰ পূবৰ বিভিন্ন ঠাইৰ পৰা হাৰ্বেল ঔষধবোৰ মূল্যৰ বিনিময়ত কিনি লৈহে লেগো বাইদেৱে এইবোৰ ঔষধ সংগ্ৰহ কৰি আহিছে। ইমানেই ব্যস্ত যে তেওঁ দিনটো মাত্ৰ তিনি চাৰিঘণ্টা মানহে শুবলৈ পায় । বাকীখিনি সময় ৰোগী চোৱা,ঔষধ বনোৱা, সংবাদ মাধ্যমৰ আগত সাক্ষ্য দিয়া, ভিডিঅ বনোৱা আদি কৰোতেই সময় পাৰ হৈ যায়। অসম কণ্ঠ জুবিন গাৰ্গৰ অনুগামী এইগৰাকী মহিয়সী ৰমনীয়ে গছগছনি বহুত ভাল পায়। বিশেষকৈ জুবিনৰ অতি মৰমৰ 'নাহৰ' পুলি ৰোপনৰ লগতো তেওঁ জড়িত। ব্যস্ততাৰ বাবে প্ৰায়ে ফোনৰ পৰাও আতৰি থকা বাইদেৱে পুৱা উঠেও খুব সোনকালেই। এই অৱস্থাত ফোনত নাপালে দিনটোলৈ তেওঁক ফোনত পোৱা অসুবিধা। অৰুণাচল প্ৰদেশৰ "আদি জনজাতিৰ বনৌষধিৰ ৰাণী" (Adi Queen of Herbs) বুলি সততে তেওঁক জনা যায়। পৰম্পৰাগত চিকিৎসা ব্যৱস্থাত আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ২০২৪ চনত ভাৰত চৰকাৰে সন্মানীয় পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল।তেওঁ অসম কৃষি বিশ্ববিদ্যালয় (Assam Agricultural University)ৰ পৰা কৃষি বিজ্ঞানত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। বনৌষধিৰ চিকিৎসা প্ৰদান কৰাৰ লগতে তেওঁ অৰুণাচল প্ৰদেশ চৰকাৰৰ কৃষি বিভাগৰ উপ-সঞ্চালক হিচাপে সেৱা আগবঢ়াই অৱসৰ গ্ৰহণ কৰে।1988 চনৰ পৰা 2023 চনলৈ অৰুনাচল প্ৰদেশৰ কৃষি বিভাগত কৃষি পৰিদৰ্শক,কৃষি বিভাগৰ উপ-সঞ্চালক আদি বিভিন্ন পদত থাকি অৱসৰ লাভ কৰিছিল।
তেওঁ ১৯৯৫ চনৰ পৰা হাজাৰ হাজাৰ লোকক ডায়েবেটিছ, কেন্সাৰ,থাইৰয়ড,লিভাৰ সমস্যা, উচ্চ ৰক্তচাপৰ দৰে গুৰুতৰ ৰোগৰ বাবে পৰম্পৰাগত বনৌষধি চিকিৎসা প্ৰদান কৰি আহিছে। আমি জনামতে ২০০৯ চনত তেওঁ Indigenous Herbal Heritage নামৰ এটা প্ৰতিষ্ঠান আৰম্ভ কৰে, যিয়ে ঔষধি গছ-গছনি সংৰক্ষণ আৰু ইয়াৰ বিষয়ে সজাগতা সৃষ্টি কৰাত অহোপুৰুষাৰ্থ কৰি আহিছে।তেওঁৰ পিতৃ অৰুণাচল প্ৰদেশৰ এজন প্ৰখ্যাত লোকচিকিৎসক আছিল।1963 চনৰ 9 জুলাইত জন্ম গ্ৰহণ কৰিছিল পূব ছিয়াং জিলাৰ ছিকা টোডকে গাঁৱত।জামুৱে পিতৃৰ লগত পোন্ধৰ বছৰমান হাৰ্বেল মেডিচিন বিষয়ত ব্যস্ত থাকি পৰৱৰ্তীকালত কৃষি স্নাতকোত্তৰ অধ্যয়ন কৰি উচ্চ সেৱাত নিযুক্ত হৈ বৰ্তমান পাছিঘাটতে জনসাধাৰণৰ সেৱাকাৰ্য চলাই আহিছে। তেওঁ সাক্ষাৎকাৰ এটিত প্ৰকাশ কৰা মতে লেগোৱে ১৯৮১ চনত পিতৃৰ পৰা অনুপ্ৰাণিত হৈ বনৌষধি চিকিৎসাৰ কাম আৰম্ভ কৰে। ১৯৯৫ চনত তেওঁ নিজাকৈ চিকিৎসা কেন্দ্ৰ বা ক্লিনিক খুলি ডেংগু, হাঁপানী আৰু স্ত্ৰীৰোগ ৰোগৰ পৰা আৰম্ভ কৰি কেন্সাৰ, মৃগী আৰু কুষ্ঠ ৰোগৰ চিকিৎসা আৰম্ভ কৰি জনপ্ৰিয় হৈছিল। তেওঁ প্ৰায় বত্ৰিশ বছৰৰ ভিতৰত ৩ লাখতকৈ অধিক ৰোগীৰ চিকিৎসা কৰা বুলি কোৱা হয়। তেওঁ লাভ কৰা সন্মান সমূহ হ'ল-সৃষ্টি সন্মান,পাৰম্পৰিক বৈদ্য ৰত্ন,অৰুণাচল প্ৰদেশ ৰাজ্যিক বঁটাৰ লগতে 2004 চনত পদ্মশ্ৰী সন্মানো লাভ কৰিছে। ৰোগীৰ চাহিদালৈ চাই তেওঁ পাছিঘাটতে প্ৰতি সপ্তাহৰ শনিবাৰ আৰু মঙ্গলবাৰে ৰোগী চায়। পৰম্পৰাগত আয়ুৰ্বেদিক ঔষধ দিয়া জামুৱে 2009 চনৰ পৰাই ৰোগীৰ বাবে এনেদৰে ঔষধ যোগান ধৰি আহিছে ingenious herbal heritage নামৰ সংগঠনটিৰ জৰিয়তে। তেওঁ কয় প্ৰকৃতিৰ বুকুতেই আছে সকলো ঔষধীয় বিধান।কেৱল আমাৰ অজ্ঞতা আৰু ধৈৰ্য্যহীনতাৰ বাবে আমি বিদেশী ঔষধত মনোনিবেশ কৰিছো।32 বছৰ ধৰি তেওঁৰ এই মহানুভৱী সেৱাত জড়িত হৈ আছে। তেওঁ এবাৰ কৈছিল "my mission is to serve humanity through nature's gift".
তেওঁ কয়--'কিচেন গাৰ্ডেন'ৰ মেডিচিনেল গুৰুত্ব মানুহে আজিও উপলব্ধি নকৰা আৰু যধেমধে খাদ্য খোৱাৰ বাবেই নিজৰ বেমাৰ নিজে মাতিছে। জাং ফুড তথা উল্টা পুল্টা সময়ত খোৱাৰ প্ৰবনতাই আমাক আজি ৰুগীয়া কৰিছে। যিমানেই আধুনিক হৈ খোৱাৰ অভিৰুচি সলাইছো সিমানেই বেমাৰী হৈছো আমি। নিশাৰ খাদ্য আঠ বজাৰ পিছত খাবই নালাগে। ৰাতিপুৱা ন দহ বজাৰ ভাতসাজ অতি দৰকাৰী বা স্বাস্থ্যসন্মত। নিশাৰ আহাৰ দেঢ়িকৈ খাই নিজৰ বেমাৰ আমি নিজেই মাতিছো। বাৰীৰ বতৰৰ ফল মূলেই আমাক বহু ৰোগ নিৰ্মূল কৰিব পাৰে। খাব লাগে কম কমকৈ কেইবাবাৰো।আমাৰ বেছিভাগ লোকেই খালী পেটেৰে দুপৰীয়ালৈ থাকি দুপৰীয়া পেট ভৰাই মাছ মাংসৰে ভাত খাই। বহুতেই ভাতৰ লগে লগে পানীও খায়। ইও অপকাৰী।কুহুমীয়া গৰম পানী দিনটো কেইবাবাৰো খাই থাকিব লাগে।পেষ্টুৰাইজেচন কৰা গাখীৰেৰে বনোৱা চেণী দিয়া চাহ পেটৰ বাবে অতিশয় অপকাৰী।প্লাষ্টিকৰ বাচন স্বাস্থ্যসন্মত নহয়। প্ৰেচাৰ কুকাৰত ৰন্ধা খাদ্যই আমাৰ বহু ৰোগৰ কাৰণ হৈ থিয় দিছে।তদুপৰি ৰাতিৰ সাজো দহ বজাৰ পিছত খোৱাতো বহু পৰিয়ালৰ নিয়ম। পিছে সাত বজাৰ পিছত খাদ্য খোৱা অনুচিত। পুৱা সোনকালে টোপনিৰ পৰা উঠি খোজ নকৰা ব্যায়াম নকৰা শৰীৰ দুৰ্বল হ'বই।আমাৰ পৰম্পৰাগত খাদ্যত বহুত ৰোগ প্ৰতিৰোধক আছিল। পিছে আমি পশ্চিমীয়া খাদ্যতহে অভ্যস্ত হলো।মাছ মাংসও আজিকালি ভেজাল হ'ল।শাকপাচলিতো ৰাসায়নিক সাৰ দি উৎপাদন বেছি কৰাত লাগিল। বেমাৰ বাঢ়িল সেয়ে।"
(-লেখক পঞ্চদীপ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট সাংবাদিক। ফোন নং 9101911294)