দীপজ্যোতি বৰগোহাঞি (মাদুৰি )
স্বৰ্গদেউ দিহিঙ্গীয়া ৰজাৰ দিনৰ পৰা (১৬৭৫-৭৭ )স্বৰ্গদেউ শিৱসিং’হৰ দিনলৈ ১৭১৪লৈকে মাজৰ সময়ছোৱাৰ মাজৰ বুৰঞ্জী পোৱা গলেও বিশিষ্ট লেখকে লিখা বুৰঞ্জী সদ্যহতে পোৱা নাযায় ৷অসমৰ সবাতোকৈ দামী দামী সাহসী ৰজাজনৰ কথা বিশিষ্ট বুৰঞ্জী এখন নথকাটো আচৰিত কথা ৷শিৱ সিংহৰ দিনত মনোহৰ বাইলুং ফুকনে ’ৰ-পুত নামৰ বুৰঞ্জী লিখিছিল বুলি ড° জন পিটাৰ ৱেল্ডে তেওঁৰ An Account of Assam পুথিত উল্লেখ কৰিছে ৷মনোহৰ বাইলুং ফুকন জন ৱেল্ডৰ সমসাময়িক চিৰিং ফুকন আৰু মৃত চোলাধৰা ফুকনৰ ককাদেউতাক ৷এওঁ লিখা দ্বিতীয়খন বুৰঞ্জী প্ৰতিলিপি অসমত পোৱা নাই ৷কপাহী কাপোৰত লিখা এই বুৰঞ্জীখন লৰ্ড টেইমাউথক দিয়া আৰু পাছত মুল বুৰঞ্জীখন কৰ্ণেল ওৱেলচুক উপহাৰ দিয়াৰ কথা ৱেল্ডে পাতনিত উল্লেখ কৰিছে ৷এই বুৰঞ্জীখনত ৰজাঘৰীয়া চিৰিং ফুকনৰ পিতামহ মনোহৰ বাইলুং ফুকনৰ ৰচনা আৰু তেওঁ এই শিৱসাগৰ জিলাৰ মানুহ বুলি উল্লেখ আছে ৷অসমত পোন প্ৰথমে নোপোৱা কেইটামান তাৎপৰ্যপুৰ্ণ তথ্যৰ বতৰা ৱেডৰ ইংৰাজী বুৰঞ্জীত পোৱা গৈছে ৷কিন্ত ৱুৰঞ্জী খন হুবহু অনুবাদ হৈছেনে নাই জানিব পৰা নহ’ল ৷
সেই সময়ৰ বুৰঞ্জী সমুহৰ এখন উল্লেখনীয় বুৰঞ্জী হ’ল “চকৰীফেটী বুৰঞ্জী“
লেখক ৰাজমন্ত্ৰী লাইথেপেনা বৰগোহাঞিৰ নুমলীয়া পুত্ৰ নুমলী বৰ গোহাঞি ৷এওঁৰ ঘৰ আছিল দিখৌ নদীৰ বাওঁপাৰ মাদুৰি অঞ্চলত ৷তেওঁৰ বুৰঞ্জীখনৰ নাম আছিল “চকৰী ফেঁটী বুৰঞ্জী“৷কেতিয়া কোনে এই নাম দিছিল তাক ঠাঁৱৰকৈ কব নোৱাৰি ৷মুল বুৰঞ্জীখনৰ পাতত বা বেটুপাটত কিন্ত স্পষ্টকৈ এই নামৰ উল্লেখ নাই ৷বুৰঞ্জীখন গতানুগতিক ৰজাঘৰীয়া কাৰ্যকলাপৰ বিতং বিবৰণো নহয় অথবা যুদ্ধ- বিগ্ৰহৰ বিৱৰণো নহয় বা কোনো উল্লেখ নাই ৷কেৱল মাত্ৰ বুৰঞ্জীখনত খেল মেল ফৈদ আদিৰ বুৰঞ্জীৰ উপৰিও নতুনকৈ আহোম সম্প্ৰদায় ভুক্ত কৰি উচ্চ মান মৰ্যদা আৰু বিষয়বাব পোৱাৰ ইতিহাস সংৰক্ষিত আছে ৷এইদৰে নতুনকৈ আহোম সম্প্ৰদায় ভুক্ত হোৱা কোনো কোনো ব্যক্তিয়ে উচ্চ পদ মৰ্যদা লাভ কৰাৰ উপৰিও অহংকাৰ কৰি প্ৰাচীন পদ মৰ্যদাসম্পন্ন লোকক অৱমাননা কৰাৰ ক্ষোভত নুমলী বৰগোহাঞিয়ে ঠাই বুজি দুটা এটা খোঁচ মাৰিছিল ৷এই বুৰঞ্জীত গেন্ধেলা বৰবৰুৱা অৰ্থাৎ কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাক ’জলমবটাঁ ’বুলি উল্লেখ কৰাৰ কাৰণেই নগৰত জগৰ লাগিছিল আৰু সেই কাৰণেই অসংখ্য বুৰঞ্জী বিচৰাই আনি ৰজাঘৰৰ পৃষ্টপোষকতাত সংগ্ৰহকৰি আৰু বুৰঞ্জীসমুহ ক্ৰটিপুৰ্ণ বুলি দাহ কৰা হৈছিল ৷কোনো কোনোৱে সেই ক্ৰুটিপুৰ্ণ পৃষ্ঠাখিলা আঁতৰাই পেলাইছিল। চাঁচি নাইকিয়া কৰি ৰাজকোষৰ পৰা বুৰঞ্জীখন নাইকিয়া কৰিছিল ৷সেইদৰে নুমলী বৰগোহাঞিৰ পৰিয়ালত আৰু দিলিহিয়াল পৰিয়ালত চকৰী ফেঁটী বুৰঞ্জী ৰ সাঁচিপতীয়া পাণ্ডুলিপি পোৱা গৈছে ৷ সদসায়িক ভাৱে
শিৱসাগৰতে ৰচিত ৰঙাচিলা দুৱৰা ঘৰৰ শ্ৰীনাথ দুৱৰা বৰবৰুৱাৰ শ্ৰীশ্ৰীতুংখুঙীয়া বংশাৱলী কথা খন অসমীয়া বুৰঞ্জী সাহিত্যৰ উৎকৃষ্ট উদাহৰণ ৷কথা ৰীতি ৰচনা ৰীতি আৰু তথ্য উপস্থাপন ৰীতিত বুৰঞ্জীখন একক আৰু অতুলনীয় ৷মুল বুৰঞ্জী আৰম্ভ হৈছে ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালৰ আৰম্ভণিতে ১৭৫১ চনৰ পৰা শেষ হৈছে ১৮০৬ চনত ৷বুৰঞ্জীখন সমুদায় কাহিনী শ্ৰীনাথদুৱৰা বৰবৰুৱাৰ জীৱনকালত ঘটিছিল আৰু তেওঁ জনা শুনা কথা ৷পৰবৰ্তী যুগত যিটো ৰীতি নীতি অসমীয়া গদ্য ৰচনাৰ আদৰ্শ বা চানেকী হৈ পৰিছে সেই ৰীতি আধুনিকতাৰ ওচৰ চপা ৷নাজিৰাৰ দক্ষিণে আঠখেল গেলেকীৰ সমীপবৰ্তী ৰঙাচিলা পথাৰৰ কাষতে ৰঙাচিলা দুৱৰাৰ ঘৰ আছিল ৷সেই ৰঙাচিলা দুৱৰাৰে চতুৰ্থ পুৰুষত হৰনাথ আৰু শ্ৰীনাথ। শ্ৰীনাথ বৰবৰুৱা পদলৈ প্ৰমোচন পোৱাৰ আগতে দুৱলীয়া ফুকন ন্যায়সোধা ফুকন আৰু ভিতৰুৱাল ফুকন আছিল ৷১৮০০চনৰ পৰা ১৮১৭ চনলৈকে সোতৰ বছৰ কাল বৰবৰুৱা পদত আছিল শ্ৰীনাথ তেতিয়াই ১৮০৬ চনত বুৰঞ্জীখন সমাপ্ত কৰিছিল । বুৰঞ্জীখনে তৃতীয় মোৱামৰীয়া বিদ্ৰোহৰ বিস্তৃত বিৱৰণ সামৰি থৈছে ৷(সহায় লৈ -কৃতজ্ঞতাৰে প্ৰয়াত বুৰঞ্জীবিদ ড° লীলা গগৈ দেৱলৈ )