পাঞ্চালী শইকীয়া।
গোলাঘাট।
জন্মৰ প্ৰথম কান্দোনৰ পৰা
এটি অন্বেষণ, নিজকে বিচাৰি ফুৰাৰ !
শৈশৱৰ সেউজীয়া পথাৰত
সপোনৰ বীজ সিঁচি থৈছিলোঁ,
আকাশ খনে হাতত ধৰিছিল তেতিয়া
কিন্তু এতিয়া সেই পৃথিৱীখন,
এখন অজান কাহিনীৰ পৃষ্ঠা ।
সময় এতিয়া,
দায়িত্বৰ, নোপোৱা-পোৱাৰ হাবিয়াসৰ;
নিসংগতাৰ গভীৰ নিশাত
নিজৰ লগতেই কথা পতাৰ অভ্যাস গঢ়ি তুলিছো
কাৰণ চিনাকি পৰা অচিনাকি হোৱা মানুহ
সকলোতেই বিৰাজমান।
শিকাইছে জীৱনে
সকলো লাভেই সুখ নহয়,
সকলো ক্ষতিয়েই পৰাজয় নহয়,
কিছুমান আঘাতে অধিক মানৱীয় কৰি তুলিছে
আকৌ কিছুমান চকুপানীয়ে,
এই হৃদয় খনক অধিক গভীৰ কৰি পেলাইছে।
বহু পথ খোজ কাঢ়িলোঁ,
বহু সপোন বালিত বিলীন হৈ পুনৰ জন্ম ল'লে,
ভগ্ন হৃদয়ৰ ধূলিৰ মাজত !
কাৰণ জীৱন মানেই শেষ নোহোৱা পুনৰ আৰম্ভণি।
এদিন এই পৰিক্ৰমাৰ অন্ত পৰিব,
নীৰৱ হ'ব মোৰ খোজৰ শব্দ,
থৈ যাব পাৰিম নে মোৰ কৰ্মৰ চিন,
মৰমৰ স্মৃতি আৰু কিছুমান অপূৰ্ণ সপোন ?
তেতিয়া সময়ে ক'ব— মানুহজনী গুচি গ'ল,
কিন্তু তেওঁৰ যাত্ৰা অন্য বহু হৃদয়ত
এতিয়াও চলি আছে আৰু সদায়েই চলি থাকিব !
কাৰণ কেৱল জীয়াই থকাৰ নাম জীৱন নহয় ।