হৰেন চন্দ্ৰ কলিতা
বটদ্ৰৱা বৰহিছা
কবিতা সৃষ্টিয়েই হ'ল মোৰ ধৰ্ম
কবিতাই মোৰ হৃদয়ৰ ৰাণী ,
কবিতা সৃষ্টিৰ মাজেদিয়েই মই
সমাজত বিলাওঁ প্ৰেমৰ বাণী।
কবিতাৰ ছন্দেৰেই হৃদয়হীনৰ
বিবেক ধুৱাওঁ প্ৰেম জলেৰে ,
সমাজক দিওঁ শুদ্ধপথৰ সন্ধান
পোহৰ বিলাওঁ কবিতাৰ চলেৰে ।
জ্ঞান জ্যোতিৰ দুৱাৰ মেলি দিওঁ
সুন্দৰৰ সাধনাৰ আনো জোৱাৰ ,
দুৰ্বল জনক সাহস যোগান ধৰো
বিপদতো সত্য কথাকে কোৱাৰ ।
মোৰ কবিতাই ডেউকা মেলি উৰি
চুব খোজে বিমূৰ্ত বিশাল আকাশ ,
অনাদি কালৰ পৰা মোৰ কবিতাই
কৰি আহিছে প্ৰেমৰ মহত্ব প্ৰকাশ ।