Type Here to Get Search Results !

ৰহস্যময় মায়া সভ্যতা আৰু মায়া কেলেণ্ডাৰ


ডেইজী চৌধুৰী 
গুৱাহাটী 


মায়া সভ্যতা হৈছে এক প্ৰাচীন মেছো-আমেৰিকান সভ্যতা। এই সভ্যতা প্ৰাক-কলম্বিয়ান আমেৰিকাত অৱস্থিত। বহু ৰহস্যময় ঘটনাৰ লগতে চিত্ৰ লিপি, কলা, স্থাপত্য, দিনপঞ্জী, গণিত, জ্যোতিৰ্বিদ্যা প্ৰণালীৰ বাবে  এই সভ্যতা বিখ্যাত। উল্লেখ্য মায়া হৈছে এক আধুনিক শব্দ আৰু এই শব্দটো এই অঞ্চলত বসবাস কৰা বিভিন্ন লোকক সামূহিকভাৱে বুজাবলৈ ব্যৱহাৰ কৰা হয়। 
     
    মায়াসকলেই বিশ্বৰ ভিতৰত প্ৰথমবাৰৰ বাবে 'শূন্য'ৰ ধাৰণা গাণিতিক হিচাপত ব্যৱহাৰ কৰা লোকসকলৰ ভিতৰত এদল আছিল। তেওঁলোকৰ গণনা ইমান নিখুঁত আছিল যে তেওঁলোকে চন্দ্ৰগ্ৰহণ, সূৰ্যগ্ৰহণ আৰু শুক্ৰগ্ৰহৰ গতিপথৰ বিষয়ে বহু হাজাৰ বছৰ আগতেই সঠিক ভৱিষ্যদ্বাণী কৰিব পাৰিছিল। তেওঁলোকৰ আন এটা ৰহস্যময় আৰু উন্নত দিশ আছিল লিখন পদ্ধতি আৰু বল খেল।​ প্ৰাচীন আমেৰিকাৰ ভিতৰত মায়াসকলৰ লিখন পদ্ধতি আছিল আটাইতকৈ উন্নত। তেওঁলোকে চিহ্ন বা ছবিৰ দ্বাৰা কথা লিখিছিল। পাথৰৰ স্তম্ভ, মন্দিৰৰ দেৱাল আৰু গছৰ বাকলিৰে তৈয়াৰী কাগজত নিজৰ ইতিহাস, ৰজাসকলৰ জন্ম-মৃত্যু আৰু যুদ্ধৰ কাহিনী লিখি থৈ গৈছিল। বহু শতিকা ধৰি এই লিপি কোনেও পঢ়িব পৰা নাছিল। মাত্ৰ কেইদশক পূৰ্বে বিশেষজ্ঞসকলে এই ৰহস্যময় আখৰবোৰৰ অৰ্থ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ​মায়া চহৰবোৰত শিলৰ ডাঙৰ ডাঙৰ 'বল কোৰ্ট' পোৱা যায়। ই কেৱল এবিধ খেলেই নাছিল, আছিল এক ধৰ্মীয় অনুষ্ঠান। খেলুৱৈসকলে হাত বা ভৰি ব্যৱহাৰ নকৰাকৈ কেৱল কঁকাল, আঁঠু বা কিলাকুটিৰে এটা গধুৰ ৰবৰৰ বল দেৱালত ওলমি থকা পাথৰৰ আঙুঠিৰ  ভিতৰেদি পাৰ কৰিব লাগিছিল।   
        ​মায়াসকলে বিশ্বাস কৰিছিল যে মাতিৰ তলত 'চিবালবা' (Xibalba) নামৰ এখন পাতালপুৰী আছে। গুহাবোৰক তেওঁলোকে এই পাতালপুৰীৰ দুৱাৰ বুলি গণ্য কৰিছিল। সেইবাবেই তেওঁলোকে গুহাৰ ভিতৰত বহুতো ধৰ্মীয় ৰীতি-নীতি পালন কৰিছিল। মায়াসকলে আজিৰ পৰা হাজাৰ বছৰ আগতেই চকলেট (Cocoa) ব্যৱহাৰ কৰিছিল! তেওঁলোকে ইয়াক দেৱতাৰ পানীয় বুলি গণ্য কৰিছিল। কোকোৱাৰ পৰা এক বিশেষ তিতা পানীয় তৈয়াৰ কৰিছিল। তেওঁলোকে বিশ্বাস কৰিছিল যে কোকোৱাক দেৱতাসকলে তেওঁলোকক উপহাৰ দিছে। সেই সময়ত কোকোৱাৰ গুটিবোৰ টকা বা মুদ্ৰা হিচাপেও ব্যৱহাৰ কৰা হৈছিল। ​ 
    
      মায়া সভ্যতাৰ কেলেণ্ডাৰ সমগ্ৰ বিশ্বতে ইয়াৰ নিখুঁত গণনা আৰু জ্যোতিৰ্বিজ্ঞানৰ গভীৰ জ্ঞানৰ বাবে বিখ্যাত। মায়াসকলে কেৱল এখন নহয়, কেইবাখনো কেলেণ্ডাৰ ব্যৱহাৰ কৰিছিল।
​ইয়াৰ মুখ্য ভাগসমূহ হ’ল:
​১. চোলকিন (Tzolk'in) — ধৰ্মীয় কেলেণ্ডাৰ
এ​ইখন আছিল ২৬০ দিনীয়া এখন ধৰ্মীয় কেলেণ্ডাৰ। ইয়াৰ দ্বাৰা ধৰ্মীয় অনুষ্ঠানৰ সময়, শুভ দিন আৰু মানুহৰ ভাগ্য নিৰ্ণয় কৰা হৈছিল।
​২. হাব (Haab) — সৌৰ কেলেণ্ডাৰ ​- এইখন কেলেণ্ডাৰৰ সৈতে আমাৰ বৰ্তমানৰ কেলেণ্ডাৰবোৰৰ বহু পৰিমাণে মিল আছে। ই ৩৬৫ দিনীয়া আছিল আৰু ইয়াক ১৮ টা মাহত ভাগ কৰা হৈছিল (প্ৰতিটো মাহ ২০ দিনৰ)। ইয়াৰ উপৰিও ৫ দিনৰ এটা অতিৰিক্ত সময় আছিল যাক 'উৱায়েব' (Wayeb') বা 'অশুভ দিন' বুলি গণ্য কৰা হৈছিল।
​৩. লং কাউণ্ট (Long Count) — দীৰ্ঘম্যাদী গণনা
​মায়াসকলে বহু হাজাৰ বছৰৰ সময় গণনা কৰিবলৈ এই পদ্ধতি ব্যৱহাৰ কৰিছিল। ইয়াৰ দ্বাৰা বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিৰ পৰা ভৱিষ্যতৰ বহু হাজাৰ বছৰলৈকে হিচাপ ৰাখিছিল। এই কেলেণ্ডাৰখনক কেন্দ্ৰ কৰিয়েই ২০১২ চনত পৃথিৱী ধ্বংস হ’ব বুলি এটা উৰাবাতৰি ওলাইছিল, কাৰণ ২০১২ চনৰ ২১ ডিচেম্বৰত তেওঁলোকৰ এটা ডাঙৰ চক্ৰ (Baktun) শেষ হৈছিল। দৰাচলতে সেয়া ধ্বংসৰ সংকেত নাছিল, বৰঞ্চ এটা নতুন যুগৰ আৰম্ভণিহে আছিল।