ধীৰেন শইকীয়া।নুনমাটি।গুৱাহাটী।
প্ৰকৃতি আমাৰ আত্মা এই কথা তাহানিতে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাই লিখি থৈ গৈছে অথচ সেইকথা জানিও আজিকালি আমি ক্ষুদ্ৰ স্বাৰ্থৰ বাবে আগপিছ নুগুনি বা জানিও গছগছনি কাটি তহিলঙ কৰি মানবীয় সভ্যতাৰ মৃত্যু নিজেই মাতি আনিছো। উন্নত দেশবোৰত স্বাস্থ্য ৰক্ষাৰ বাবে গছগছনিৰ সঙ্গ ল'বলৈ কোৱা হয়।আনকি যি কোনো ৰোগৰ পৰা সহজতে আক্রান্ত নহ’বলৈ অৰণ্যৰ নির্মল পৰিৱেশৰ ওচৰ চাপিবলৈ পৰামৰ্শ কৰে।আমাৰ ইয়াত যিমানে গছ গছনি কাটি অৰণ্য এখন তহিলঙ কৰিব পাৰি তাৰে উপায়হে চিন্তা চৰ্চা চলি থাকে। প্ৰাকৃতিক পৰিবেশত নিজৰ আৱাসস্থান গঢ়িবলৈ বাহিৰত যিমান হাবিয়াস আমাৰ ইয়াত তাৰ ওলোটাহে দেখা যায়। ফলত বেমাৰেও লগনেৰা হৈছে মানুহবোৰক। বিজ্ঞানীসকলেও কৈছে- প্ৰকৃতিৰ লগত সহবাসৰ ফলত মানুহৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে বুলি৷ সেয়ে গছগছনি অৰ্থাৎ প্ৰকৃতিৰ মাজত বসবাস কৰাটো খুবেই দৰকাৰী কথা৷ 'গছ থাকিলেহে মানুহ থাকিব’ কথাষাৰ জনাৰ পিছতো ৰাস্তা বহলাবলৈ বা নিৰ্মাণ কৰিবলৈ, বাসভূমি গঢ়িবলৈ,টাউনচিপ এখন সাজিবলৈ, চৰকাৰী বেচৰকাৰী কাৰ্যালয় সাজিবলৈ কোনো দয়া-মৰম নোহোৱাকৈ গছগছনি কাটি পেলোৱাটো যেন আমাৰ ইয়াত এক সংস্কৃতি হৈ পৰিছে। পৃথিৱী সৃষ্টিৰ দিনৰে পৰা গছগছনিয়ে আমাক সীমাহীন উপহাৰ দি আহিছে । ই এফালে আমাক খাদ্য বস্তু দিছে, এফালে দিছে অক্সিজেন আৰু পৰিৱেশ প্ৰদূষণতো আছে ইয়াৰ সীমাহীন অৱদান । তাৰ উপৰিও গছ-গছনিয়ে চৰাই-চিৰিকতিৰ আৱাসস্থলী,খাদ্য, ফল-মূলৰো যোগান ধৰাৰ লগতে ছা দিছে,দিছে নিৰ্মল বতাহো, আনকি গছে ৰক্ষা কৰে একোটা অঞ্চলক গৰাখহনীয়া হোৱাৰ পৰাও। তদুপৰি গছে ভূমি ভাগলৈ পানী সঞ্চিত কৰি ৰখাটো সহায় কৰে।আনকি বৰষুণ চক্ৰটো ই সীমাহীন উপকাৰ আগবঢ়াই আহিছে। ভাবিলে আচৰিত লাগে ইমানবোৰ দি থকাৰ পিছতো আমি মানৱজাতিয়ে আজি গছ-গছনিবোৰক কি উপহাৰ দিছো এই কথা অলপো নাভাবো,এয়াই জীৱ শ্ৰেষ্ঠ মানৱৰ বাবে চৰম অক্ষমনীয় অপৰাধ।আমি বছৰৰ পিছত বছৰ ধৰি নিজ স্বাৰ্থত অন্ধ হৈ এফালৰপৰা পৰা গছ-গছনি কাটি শেষ কৰিছো। আকৌ তাৰ মাজতে বন মহোৎসৱ, পৰিৱেশ দিৱস আদি মহাসমাৰোহেৰে পাতো,গছপুলি ৰোপন কাৰ্যসূচীও ৰখা হয় প্ৰায়বোৰ অনুষ্ঠানতে। মুঠতে, আমাৰ নিজৰ সুবিধাৰ অৰ্থে গছ-গছনিৰ ঠাইত সেয়া কাটি ডাঙৰ ডাঙৰ কংক্ৰিটৰ অট্টালিকা সাজিছো, ৰাস্তা-ঘাট, দলং নিৰ্মান কৰিছো , কিন্তু চিন্তা কৰিবলৈ বাদ দিছো কিদৰে গছহীন হৈ আহিছোঁ জীৱ শ্ৰেষ্ঠ জাতিটো। আমি জানো
যে সেউজ গৃহ গেছৰ হ্ৰাসকাৰণতো গছগছনিৰ ভূমিকা অতুলনীয়।আমি পাহৰি লে নহব যে সেউজীয়া গছ-গছনিয়ে বায়ুমণ্ডলৰ পৰা কাৰ্বন-ডাই-অক্সাইড গেছ শোষন কৰি ল'য় আৰু তাৰ বিপৰীতে আমাক দিয়ে মূল্যবান অক্সিজেন,যাৰ বাবে আমাৰ উশাহ লোৱা সম্ভৱ হৈছে। গোলকীয় উষ্ণতা বৃদ্ধিৰ সমস্যাও ভালেখিনি হ্ৰাস কৰে গছগছনিয়ে৷ কিন্তু গছ-গছনিবোৰ এনেদৰে আমি শেষ কৰি গৈ থাকিলে আমাৰ পৰিৱেশ বাসোপযোগী হৈ থাকিবনে সেয়া চিন্তা নকৰোঁ। কেৱল কাটি পেলাইছো মৰমৰ বাৰীখন,মূঢ়াসহ উঠাই পেলাইছো বোপাককাৰ দিনৰ বাহনিখনো।আচৰিত কথাটো হ'ল আগতে গাঁৱত মাঘৰ বিহুৰ সময়ত জুই পুৱাবলৈ গছ কাটোতে চাকি এগছ জ্বলাই সেৱা কৰা নিয়ম আজি নাইকীয়া হৈ গ'ল। চাই থাকোঁতেই 'কৰত'ৰ আগত যেন নিমিষতে লেবেজান হৈ পৰে সাতামপুৰুষীয়া এডাল গছ। ভাবিলে কিবা লাগি যায়।
জনসাধাৰণক এই দিনটোত গছ-গছনি তথা প্ৰাকৃতিক পৰিৱেশ বৰ্তাই ৰখাৰ আহ্বান জনাই কোৱা হৈছে যে: ভাৰতীয় ঐতিহ্য সংস্কৃতি সকলো প্ৰকৃতিৰ ওপৰত প্ৰতিস্থিত। সেয়েহে ভাৰতীয় ঐতিহ্য সংস্কৃতি সবলভাৱে জীয়াই ৰাখিবলৈ হ'লে ভাৰতত প্ৰকৃতি সবল হবই লাগিব। ভাৰতৰ চৌদিশ সেউজীয়া হ'লেহে ভাৰতীয়ৰ মন প্ৰান বেদ উপনিষদৰ দিনৰ দৰে উৰ্বৰ বা সেউজ হৈ থাকিব। হয়তু সেইবাবে শংকৰদেৱ মহাপুৰুষেও তেওঁৰ ৰচনাৰাজিত 356 বিধ পক্ষী,590 বিধ বিবিধ গছ লতা,40 খন বিল জলাশয় আৰু 37খন নদীৰ নাম উল্লেখ কৰি পৰিৱেশৰ প্ৰতি সচেনতনতাৰেই ইংগিত দিশ-নিৰ্দেশনা আহিছিল। 'প্ৰকৃতি পুৰুষ দুই নিয়ন্তা মাধৱ, সমস্তৰে আত্মা হৰি পৰম বান্ধৱ'বোলা কথাষাৰেও প্ৰকৃতিতে যে ইশ্বৰ সোমাই আছে তাক মৰ্মে মৰ্মে উপলব্ধি কৰিছিল গুৰুজনাই । এই মহান দিনটোত আমি পৰিৱেশৰ ওপৰত ইতিবাচক চিন্তাচৰ্চা কৰাটো আৰু নতুন প্ৰজন্মৰ মাজত 'গছ থাকিলেহে মানুহ থাকিব','প্ৰকৃতি আমাৰ ভবিষ্যত','প্ৰকৃতিয়েই আমাৰ স্বাস্থ্য' জাতীয় ধাৰণাবোৰৰ প্ৰচাৰ- প্ৰসাৰ তথা সজাগ কৰাটোও আমাৰ দায়িত্ব। প্ৰধানত: বিশ্ব পৰিৱেশ দিৱসৰো এয়াই অৰ্থ।
*পৰিৱেশ কি?*
বায়ু,পানী,মাটি আদিকে ধৰি চৌদিশৰ জীৱ -জন্তু ,চৰাই চিৰিকতি, পোক পতংগ, মানুহ,বিবিধ প্ৰকাৰৰ অনুজীৱ আদিকে একেলগে পৰিবেশ বোলে।
*পৰিৱেশৰ ওপৰত জীৱশ্ৰেষ্ঠৰ অত্যাচাৰ বাঢ়িছে*
দুখৰ বিষয় শ্ৰেষ্ঠ জীৱ হৈও মানুহে পৰিৱেশৰ ওপৰত অত্যাচাৰ কৰি নিজৰ মৃত্যু নিজেই মাতি আনিছে। এজোপা গছে তাৰ সমগ্ৰ জীৱনত দুই লাখ টকাৰ অক্সিজেন যোগান ধৰে। কিন্তু আজিৰ শিক্ষিত মানুহে সেইকথাটোকেই বুজিও নিজৰ স্বাৰ্থ পূৰণৰ বাবে চৌদিশৰ গছ গছনি কাটি অৰণ্যত থকা জীৱ জন্তু নিৰ্দয়ভাৱে হত্যা কৰি জৈৱ বৈচিত্ৰৰ ধ্বংস মাতি আনিছে। আমাৰ ৰাজ্যখন 35.30%অংশ গছ গছনি অৰণ্য আদিৰে আৱৰা যদিও পৰিকল্পনাহীনভাৱে জধে মধে গছ গছনি কাটি,খাল- বিল- নদী-ৰাজহুৱা পুখুৰী পৰ্যন্ত বেদখল কৰি জৈৱ বৈচিত্ৰ নি:শেষ কৰা কাৰ্য্যক আজি সকলোৱে একেমুখে গৰিহনা দিছে। কোনোমতে কলঢপ কলঢপকৈ জীয়াই আছে 16খন অভয়াৰণ্য,5খন ৰাষ্ট্ৰীয় উদ্যানকে ধৰি কেইবাখনো সংৰক্ষিত বনাঞ্চল।আনকি এইকেইখনতো কেইবাবছৰ ধৰি অবাধে বেদখল চলিছে। চৰকাৰেও আনকি তাত সম্পূৰ্নভাৱে বেদখল উচ্ছেদ কৰিব'লৈ সক্ষম হোৱা নাই।
*জৈৱবৈচিত্ৰৰ অনুপম উদাহৰণ অসম*
অতীজৰে পৰা অসম ৰূপে গুনে মোহনীয়।সৌন্দৰ্য্য আৰু সম্পদৰ ফালৰ পৰা অনন্য অসমৰ পোক পৰুৱা,মাছ-কাছ,ফল মূল,বাহ বেঁত,অৰ্কিড,অন্যান্য জলচৰ-স্থলচৰ-উভচৰ জীৱজন্তু,মছলা জাতীয় উদ্ভিদ আদিয়ে অতীজৰে পৰা ৰাজ্যৰ পৰিৱেশতন্ত্ৰত বিশেষভাৱে অৱদান আগবঢ়াই আহিছে। জনামতে, 3017 বিধ মূল্যবান উদ্ভিদ,193প্ৰকাৰৰ বনফুল,42প্ৰজাতিৰ বাঁহ,14টা প্ৰজাতিৰ নল গাহৰি,164বিধ স্তন্যপায়ী প্ৰানী ,1500 প্ৰজাতিৰ পখিলা,116বিধ সৰীসৃপ,400বিধ বিবিধ চৰাই,250বিধ মাছৰ ৰম্যভূমি এইখন অসম। আজি জীৱ-জন্তুৰ বাসভূমিত ঘৰ দুৱাৰ বনাই বসবাস কৰিছে মানুহ। সেয়েহে জীৱ জন্তুবোৰেও নিজৰ বসবাসৰ অঞ্চললৈ আহি তেনে পুৰণি অঞ্চল নেদেখি মানুহক আক্ৰমন কৰাৰ দৰে অশুভ পৰিস্থিতিৰো সৃষ্টি হৈছে।
*গছ গছনি খাল বিলে কি সহায় কৰে আমাক*
ক)গছগছনিয়ে প্ৰদূষন ৰোধ কৰে।
খ)গছগছনিয়ে গোলকীয় উষ্ণতা হ্ৰাস কৰে।
গ)খৰি,ঘাঁহ আদিৰ অভাৱ পূৰণ কৰিব পাৰে।
ঘ)মাটিৰ তলত পানীৰ ভাণ্ডাৰ বৃদ্ধি কৰা।
ঙ)নদীৰ দাঁতিত গছ ৰুলে গৰাখহনীয়া,ভূমিস্খলনো ৰোধ ভালেখিনি সম্ভৱপৰ হয়।
চ)বিভিন্ন ঔষধি আৰু ফলমূলৰ গছ ৰোপনৰ দ্বাৰা জনসাধাৰণক স্বাৱলম্বী কৰাত সহায় হব।
ছ)গছগছনি বৃদ্ধি পালে অক্সিজেনৰ উৎপাদনো বাঢ়ে।
জ)খাল,বিল, নদ-নদী আদিৰ পৰিমাণ বা পৰিধি হ্ৰাসৰ ফলত তাত থকা জীৱ জন্তুৰ প্ৰতি ভাবুকি আহি পৰে।
ঝ)জলাশয় সংকোচনৰ ফলত জলচক্ৰ সৃষ্টিত বাধাপ্ৰাপ্ত হয়।ফলত, বৰষুণৰ পৰিমাণ হ্ৰাস হয়।
ঞ)খাল বিলে পৰিৱেশটো অত্যধিক গৰম হোৱাত বাধা প্ৰদান কৰি সেমেকা কৰি ৰাখে। যদি খাল বিল নাথাকে গৰমত আমাৰ অৱস্থা ছাটি ফুটি কৰিবলগীয়া হয়।
ট)জলাশয়ে বৰষুণৰ ফলত সৃষ্টি হোৱা অতিৰিক্ত পানীভাগ জমা কৰি ৰখাত বিশেষ সহায়ক হয়। যদি জলাশয়েই নাথাকে কৃত্ৰিম বানপানীত ভুগিব বৃহৎ বৃহৎ অঞ্চল।
*বনাঞ্চল ধবংসই কি কি অপকাৰ সাধিছে*
ক)মাটিৰ উৰ্বৰতা শক্তি হ্ৰাস কৰে
খ)ভূমিস্খলনৰ পৰিমাণ বৃদ্ধি কৰে
গ)জীৱ জন্তুৰ খাদ্য(ঘাঁহ,ফলমুল আদি) হ্ৰাস হয়।
ঘ)সেউজগৃহ গেছৰ নিৰ্গমন বৃদ্ধি
ঙ)বৰষুণৰ পৰিমাণ হ্ৰাস হয়
চ)বৰষুণৰ হ্ৰাসৰ ফলত খাদ্যসামগ্ৰীৰ উৎপাদন কমিব ধৰে।
ছ) বনাঞ্চলে প্ৰদূষণ নিয়ন্ত্ৰণ কৰে।বনাঞ্চল হ্ৰাস পালে প্ৰদূষণ নিয়ন্ত্ৰণ নহয়।
জ)ঔষধি উদ্ভিদৰ উৎপাদন হ্ৰাসৰ ফলত বেমাৰ আজাৰ বৃদ্ধি।
ঝ)বৃহৎ অঞ্চল মৰুভূমিলৈ পৰিৱৰ্তিত হব পাৰে।
ঞ)মাটিৰ তলত পানীৰ ভাণ্ডাৰ কমিব ধৰে।
*পৰিৱেশ শিক্ষা বিদ্যালয় পৰ্য্যায়ৰ পৰাই দিয়াৰ পোষকতা*
পৰিৱেশৰ প্ৰতি আকৰ্ষণ কৰিব'লৈ ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয় পৰ্যায়ৰ পৰাই পৰিৱেশৰ শিক্ষা দিব লাগে বুলি পৰিৱেশ মন্ত্ৰনালয়ে
এক সিদ্ধান্তও লৈছে। ইয়াৰ বাবে পৰিৱেশ শিক্ষকো নিয়োজিত কৰাৰ ব্যৱস্থাৰ পোষকতাই কৰে সংস্থাটোৱে। সৰুৰে পৰা ছাত্ৰ ছাত্ৰীসকলক 'প্ৰত্যেকেই যদি নিজৰ বাবে দৰকাৰ হোৱা অক্সিজেন নিজেই গছ ৰুই ব্যৱস্থা কৰি লয়,আমাৰ সমস্যাই নাথাকিব।'এই ধাৰণা দিয়াটো যথেষ্ট প্ৰয়োজনীয় কথা হৈ পৰিছে।
*অৰণ্য মানৱ যাদৱ পায়েঙৰ কথাৰে*
নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে 'অৰণ্য মানৱ' সন্মান প্ৰদান কৰা 'পদ্মশ্ৰী' যোৰহাটৰ যাদৱ পায়েঙ এতিয়া পৰিৱেশ সংৰক্ষণ বিষয়ত জনপ্ৰিয় নাম। নিজহাতেৰে অৰণ্য গঢ়ি মানৱ জাতিক পৰিৱেশ সংৰক্ষণ বিষয়ত ব্যৱহাৰিক কথা কোৱা যাদৱ পায়েঙে অসমৰ বিদ্যালয়সমূহত দুবিধ বিশেষ গছ ৰোপনৰ পৰামৰ্শ কৰিছে। এবিধ ৰঙা চন্দন আৰু আনবিধ হ'ল বগা চন্দন। বগা চন্দন বেছি ওখ নহয়,চৰাইৰ আকৰ্ষণ বেছি। সেইবাবে এই গছ বিদ্যালয় চৌহদত ৰুলে বিধে বিধে চৰাই আহিব চৌহদলৈ। লগতে প্ৰাকৃতিক ভাৰসাম্যতাও ৰক্ষা হব।
আৰু এবিধ বিদ্যালয় চৌহদত লগাব পৰা গছ হ'ল বগা চন্দন। উল্লেখযোগ্য যে ,মিছাইল আক্ৰমনেও মাৰি পেলাব নোৱাৰা গছ হ'ল এইবিধ ৰঙা চন্দন। ইয়াক ৰুলেও বিদ্যালয় চৌহদৰ শান্ত পৰিৱেশ অটুত ৰাখিব। তেওঁ লগতে কৈছে যে প্ৰকৃতিৰ চৰাই -চিৰিকতি,জীৱ- জন্তু,নদ-নদী সকলোৱে গছ ৰুব জানে।কিন্তু দুখৰ বিষয় জীৱশ্ৰেষ্ঠ মানুহে গছ কেৱল কাটিহে শান্তি পায়। যেতিয়ালৈকে মানুহৰ মাজত গছগছনি ৰোপনৰ সজাগত নহব তেতিয়ালৈকে মানুহ প্ৰকৃততে শ্ৰেষ্ঠ হোৱা বুলিব নোৱাৰি।
*পৰিৱেশ সুৰক্ষাৰ বাবে গঢ়ি উঠা কেইটামান আন্দোলন*
সত্তৰৰ দশকৰ পৰাই প্ৰকৃতি-জীৱ জন্তুৰ সংৰক্ষণৰ এক সজাগতা আহিছে। সময়ে সময়ে এই লৈ বিভিন্ন আন্দোলনো হৈছে।ৰাজস্থানৰ যোধপুৰৰ খেজৰালি গাঁৱত খেজৰি গছবিধক বছাবৰ বাবে 1931বৰ্ষত 363গৰাকী লোকে প্ৰান আহুতি দিছিল। একেদৰে 1970 বৰ্ষত গাঢ়োৱালৰ ৰেনিত অৰণ্য বচাবলৈ ঠিকাদাৰ আৰু মহিলাসকলৰ মাজত আৰম্ভ হৈছিল এক আন্দোলন। প্ৰতিজোপা গছক সাবতি ধৰি ঠিকাদাৰৰ গছ কটা মানুহৰ হাতৰ
পৰা মৰমৰ গছবোৰক বছোৱা মহিলাসকলৰ এই আন্দোলন ইতিহাসত সোনালী আখৰেৰে লিখা আছে। একেদৰে 1970 বৰ্ষত চাইলেনট ভেলী মুভমেনট,1980 বৰ্ষত বিহাৰ,ঝাৰখণ্ড,উৰিষ্যালৈকে বিয়পি পৰা জংগল বচাও আন্দোলন,1985 বৰ্ষত নৰ্মদা বচাও আন্দোলনকে বহু আন্দোলন সংঘটিত কৰিব লগা হৈছে।ইয়াৰোপৰি ঠাইবিশেষে বৃহৎ নদী বান্ধৰ প্ৰতিবাদত দেশৰ বিভিন্ন স্থানত প্ৰতিবাদী আন্দোলনসমূহো পৰিৱেশ সুৰক্ষাৰেই আন্দোলন।
*সেউজ গৃহ গেছৰ নিৰ্গমন বৃদ্ধি চিন্তনীয় কথা*
পৰিৱেশৰ ওপৰত সজাগ নোহোৱাৰ বাবেই সেউজ গৃহ গেছৰ নিৰ্গমন বৃদ্ধি পাইছে।অতধিক জীৱাশ্ম ইন্ধন আৰু কল কাৰখানাৰ পৰা নিৰ্গত ধোঁৱাই বায়ুমণ্ডলত কাৰ্বন মন অক্সাইড,নাইট্ৰজেন ডাই অক্সাইড,হাইডকাৰ্বন, ছালফাৰ ডাই অক্সাইড আদিৰ নিৰ্গমনে বায়ুমণ্ডল বিষাক্ত কৰি তুলিছে।
পৰিৱেশৰ নেতিবাচক প্ৰভাৱৰ বাবেই জলবায়ু পৰিৱৰ্তন হৈছে।1990 বৰ্ষৰ পৰাই গোলকীয় উষ্ণতা বৃদ্ধি হ'বলৈ ধৰিছে। ই সাগৰীয় জল চক্ৰটোতো প্ৰভাৱ পৰাৰ বাবেই আজিকালি ছুনামি, ঘূৰ্ণিবতাহ বেছিকৈ হোৱা পৰিলক্ষিত হৈছে। যোৱা এশটা বছৰত গোলকীয় উষ্ণতা এক ডিগ্ৰীৰ পৰা তিনি ডিগ্ৰী ছেনটিগ্ৰেডলৈকে বৃদ্ধি পাইছে। গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবেই মেৰু অঞ্চলত প্ৰতি বছৰে বিশেষ কি:মিকৈ বৰফ গালিব ধৰিছে, সমুদ্ৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি,অ'জন স্তৰৰ অৱক্ষয়(প্ৰতি বছৰে হেনো অ'জন স্তৰে পাঁচশ মিটাৰ বায়ুমণ্ডলৰ স্তৰ ক্ষয়সাধন কৰি আছে), কাৰ্বন ডাই অক্সাইডৰ দুগুন বৃদ্ধি, অনিয়মীত বৰষুণ,তুষাৰপাত হোৱাৰ ওপৰিও বৃহৎ অঞ্চল মৰুভূমিলৈ পৰ্য্যবাসিত
হৈছে। যিবোৰ ঠাইত অত্যধিক বৰষুণ হৈছিল,তাত এতিয়া গছ-গছনি আৰু জলাশয় কমি অহাত বৰষুণৰ হাৰ অভিলেখ সংখ্যকভাৱেই কমিছে। ইফালে বৰষুণ কমাৰ লগতে ফল মূল, শাক পাছলি, খাদ্য শস্যৰ উৎপাদনো ভাবাতীত ভাৱে দেশত কমি আহিছে। জনসংখ্যা বৃদ্ধিৰ সময়ত ইয়েই খাদ্যসঙ্কটৰো সৃষ্টি কৰিব'লৈ লৈছে।
এক কথাত প্ৰাকৃতিক পৰিৱেশ লয় পাইছে বাবেই প্ৰকৃতিও সময়ে সময়ে বনজুই,বা-মাৰলী,খৰাং সৃষ্টিৰে ৰুষ্ট হ'বলৈ ধৰিছে। এইবোৰৰ পৰা পৃথিবীখনক বচাবলৈ আমি প্ৰতেকেই গছগছনি- খাল বিল,অৰণ্য বনাঞ্চল সংৰক্ষণ কৰি পৃথিৱীৰ শান্ত সৌম্য পৰিৱেশ ৰক্ষা কৰিবই লাগিব।
*ইউ এছ ডি এৰ সমীক্ষাত প্ৰকাশ হোৱা তথ্যটি*
শেহতীয়াভাৱে ইউনাইটেড ষ্টেটছ ডিপাৰ্টমেনট অব অগ্ৰিকালচাৰৰ এক সমীক্ষাত প্ৰকাশ যে যদি এই হাৰত গছগছনি কাটি থকা যায় তেনেহলে অহা বিশ বছৰৰ ভিতৰত বাসোপযোগী হৈ নাথাকিব কেইবাখনো দেশ। পুনৰ বনাঞ্চল তথা গছ গছনিৰ উপকাৰিতা সম্বন্ধে প্ৰকাশ হৈছে এক সমীক্ষা। United status department of America(USDA) নামৰ সংস্থাটোৰ এক সমীক্ষাত প্ৰকাশ হৈছে এক তথ্য। চমুকৈ কবলৈ হলে USDA হৈছে ১৮৬২ চনতে গঠিত এটা ফেডাৰেল এজেঞ্চী যিয়ে সময়ে সময়ে বিভিন্ন বিষয়ত সমীক্ষা চলায়। এই এজেঞ্চীটোৱে কেইবাটাও দিশত বনাঞ্চল ধ্বংস বিষয়ত উদ্বিগ্ন হৈ কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। তাত প্ৰকাশ যে ২০০১চনৰ পৰা ২০১৮ চনলৈ ভাৰততো বনাঞ্চল ধ্বংসই শীৰ্ষ পৰ্যায় পাইছেগৈ।১৬,২৫,৩৯৭ হেক্টৰ ভূমিৰ গছগছনি কাটি টহিলঙ কৰা হৈছে,আনকি ভাৰতত প্ৰায় তেইশ হেজাৰ প্ৰকল্পৰ বাবে ১৪,০০০ বৰ্গ কিলোমিটাৰ গছগছনি কটা হৈছে। সমীক্ষাটোত প্ৰকাশিত আন এক তথ্য মতে পঞ্চাশ বছৰীয়া এডাল গছে সাধাৰণতে আমাক প্ৰায় তেশসত্তৰ লাখ টকা মূল্যৰ উপকাৰ সাধে।এনে পৰিস্থিতিত ভাৰতৰ দৰে দেশ এখনে এনে বৃহৎ লোকচান কৰি থকাটো উদ্বিগ্নতাৰ বিষয়।এনেবোৰ কথাই আমাক বহু কথা বোধগম্য কৰে।
পঞ্চাশ বছৰীয়া গছ এফালে আমাক ৩৬৫ লাখ টকাৰ অক্সিজেন যোগান ধৰে
এক সমীক্ষাত প্ৰকাশ যে এজন মানুহক দিনে দুহেজাৰ টকাৰ অক্সিজেন লাগে বুলি ধৰিলেও বছৰত লাগে প্ৰায় ৭৩০,০০০(সাত লাখ ত্ৰিশ হেজাৰ টকা)। একেদৰে পঞ্চাশ বছৰীয়া গছ এফালে আমাক ৩৬,৫০০,০০০টকাৰ অক্সিজেন যোগান ধৰে।এয়া কেবল অক্সিজেন যোগানৰহে হিচাপ, অন্য উপকাৰৰ কথা(পৰিৱেশ প্ৰদূষণ, ভূগৰ্ভলৈ পানী যোগান, বতাহ প্ৰদান,ফলমূল উৎপাদন আদি) বাদেই দিলো। গতিকে গছগছনিৰ গুৰুত্বৰ কথা জানি আমি ইয়াৰ ৰোপনৰ লগতে আপদালতো গুৰুত্ব দিয়াটো জীৱ শ্ৰেষ্ঠ হিচাপে কৰ্তব্য।
(লেখক পঞ্চদীপ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট সাংবাদিক। ফোন নং 9101911294)
------