– ঋতুস্মীতা দত্ত গগৈ
ক'ত গ'ল সেই সেউজীয়া পথাৰ,
ক'ত গ'ল ধাননিৰ সোণালী হাঁহি?
উন্মত্ত বানৰ প্ৰচণ্ড ঢৌৱে
কাঢ়ি নিলে জীৱনৰ বাঁহী।
ডুবিল ঘৰ, ডুবিল সপোন,
ডুবিল কিমান আশা-আকাংক্ষা।
শিশুৰ চকুত নিৰৱ অশ্ৰু,
মাকৰ বুকুত অন্তহীন ব্যথা।
দিচাং, দিখৌ, ব্ৰহ্মপুত্ৰই
আজিও গায় প্ৰলয়ৰ গান।
তথাপিও শিৱসাগৰৰ মানুহে
অক্ষুণ্ণ ৰাখিছে সাহসৰ মান।
এজনে আনজনৰ হাত ধৰি,
দুখৰ মাজতো জগায় আশা।
মানৱতাৰ উজ্জ্বল দীপশিখাই
আন্ধাৰত জগায় নতুন আশা।
ক'লা ডাৱৰৰ বুকু ফালি
এদিন আকৌ ৰ'দ ওলাই আহিব।
পানী নামি পথাৰ সেউজ হ'ব,
ধানৰ শীহে গান গাই উঠিব।
হে প্ৰকৃতি, দিয়া আশীৰ্বাদ,
আৰু নিদিবা এনে পৰীক্ষা।
শিৱসাগৰৰ প্ৰতিজনৰ হৃদয়ত
চিৰদিন জীয়াই থাকক আশা।
বান আহে, বান আঁতৰি যায়,
মানুহৰ মন নাভাঙে কেতিয়াও।
ঐক্য, সাহস আৰু মানৱতাৰে
শিৱসাগৰ জীয়াই থাকিব চিৰকাল।